পূৰবী পাৰ্লাৰ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 17 July 2023

পূৰবী পাৰ্লাৰ উদ্বোধন



W7s news গুৱাহাটী:  অসমৰ নিজা সমবায় ব্ৰেণ্ড তথা ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেড (ৱামুল)ৰ মালিকানাধীন “পূৰবী”য়ে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত চৌহদত সমসাময়িক ৰূপ আৰু অনুভৱৰ জোৰা মাৰিব পাৰিব পৰাকৈ নতুন বিন্যাসৰ মিল্ক পাৰ্লাৰ জনসাধাৰণৰ বাবে মুকলি কৰিলে। এই পাৰ্লাৰখন উদ্বোধন কৰে অসম চৰকাৰৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লাোচাই। লগতে, সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা আইএএছ বিষয়া মনিন্দৰ সিং অনুষ্ঠানত উপস্থিত থাকে। “পূৰবী”ৰ একাংশ দুগ্ধ উৎপাদক আৰু যথেষ্টসংখ্যক গ্ৰাহকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অত্যাধুনিক বিন্যাস আৰু নান্দনিক ৰূপত সজাই তোলা মিল্ক বুথটোৱে সকলো স্তৰ, সকলো প্ৰজন্ম আৰু যিকোনো বয়সৰ গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব। ইন-শ্বপ কেফেৰ চেটিং বা সংস্থাপিত বহুৰূপে সামগ্ৰী ক্ৰয়ৰ বাবে যোৱা গ্ৰাহকক সন্তুষ্ট কৰাত বহুখিনি সহায় কৰিব। এই নতুন প্ৰজন্মৰ বিপণীখনে পূৰবী ব্ৰেণ্ডক অধিক আধুনিক আৰু পৰিপূৰ্ণ ব্ৰেণ্ডলৈ ৰূপান্তৰিত হোৱাৰ ইংগিত বহন কৰিছে। নৱপ্ৰজন্মৰ গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য ৰাখি, ব্ৰেণ্ডটোৱে দুগ্ধ উৎপাদকসকলৰ আকাংক্ষাক সামৰি লৈ অধিক আকৰ্ষণীয়ভাৱে চহৰখনৰ যুৱক-যুৱতীসকলৰ বাবে তেওঁলোকৰ চাহিদা আৰু পচন্দ অনুসৰি সেৱা আগবঢ়াবলৈ আগুৱাই আহিছে। এই মিল্ক বুথটো “কেফেটেৰিয়া” ধাৰণাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, যিয়ে “পূৰবী” ব্ৰেণ্ডৰ অধীনত কেৱল দুগ্ধ বা মৌজাতীয় সামগ্ৰীয়েই নহয়, অন্যান্য গৰম পানীয় আৰু জলপান পৰিবেশন কৰিব। এই নিৰ্দিষ্ট পাৰ্লাৰটো হৈছে এক বিশেষ প্ৰট'টাইপ।  ইয়াক ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ডে "ৰিজুভিনেচন অৱ প্ৰমিছিং প্ৰডিউচাৰ অওনড ইনষ্টিটিউচন" আঁচনিৰ অধীনত সমৰ্থিত কৰিছে। অসম চৰকাৰ আৰু বিশেষকৈ অসম এগ্ৰিবিছনেছ এণ্ড ট্ৰেন্সফৰ্মেচন প্ৰজেক্ট (এপাৰ্ট)ৰ সহযোগত ৱামূলে অসমৰ সকলো মুখ্য নগৰাঞ্চলত এনে বহুতো মিল্ক বুথ/পাৰ্লাৰ স্থাপন কৰিব। অদূৰ ভৱিষ্যতে পূৰবীৰ এনে  অভিলাষী পদক্ষেপৰ বাবে গ্ৰাহকসকলে আগ্ৰহেৰে অপেক্ষা কৰিব পাৰে।


এই পোনপটীয়া বিক্ৰী কেন্দ্ৰসমূহে "পূৰবী" ব্ৰেণ্ডৰ অধীনত গাখীৰ আৰু বিভিন্ন মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰি ইয়াৰ ব্যৱসায়িক লেনদেন বৃদ্ধিৰ ক্ষেত্ৰত এই উৎপাদক-মালিকানাধীন প্ৰতিষ্ঠান (পি অ' আই)টোক প্ৰয়োজনীয় সুবিধা প্ৰদান কৰিব। ইতিমধ্যে অসমৰ এই কৃষকৰ ব্ৰেণ্ডটোৱে বিশুদ্ধতা, সতেজতা আৰু সামঞ্জস্যপূৰ্ণ গুণগত মানৰ বাবে গ্ৰাহকৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে। সমবায় হিচাপে ৱামুলে ইয়াৰ মুঠ বিক্ৰী লাভৰ ৭০ শতাংতকৈ অধিক ধন প্ৰতিদিনে প্ৰায় ৬৫,০০০ লিটাৰ গাখীৰ যোগান ধৰা নিজৰ সংশ্লিষ্ট দুগ্ধ পালকসকললৈ প্ৰেৰণ কৰে। ২০২২-২৩ বিত্তীয় বৰ্ষত ৱামূলে য়ে ২০০ কোটিকৈ অধিক টকাৰ বিক্ৰীৰ লেনদেন সম্পন্ন কৰিবলৈ সক্ষম হৈছিল আৰু চলিত বিত্তীয় বৰ্ষত অধিক মূল্য সংযোজিত সামগ্ৰীৰ অন্তৰ্ভুক্তিৰে বিশিষ্ট সেৱা প্ৰদানৰ দ্বাৰা এই ব্যৱসায়ৰ অধিক সম্প্ৰসাৰণ ঘটাই  ৩০০ কোটি টকাৰ বিক্ৰীৰ লেনদেন অতিক্ৰম কৰাৰ লক্ষ্য হাতত লৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here