ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰসপ্তম সংস্কৰণ ২৭-২৯ অক্টোবৰত অনুষ্ঠিত হ’ব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 14 July 2023

ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰসপ্তম সংস্কৰণ ২৭-২৯ অক্টোবৰত অনুষ্ঠিত হ’ব


 

 

W7s news,,,,নতুন দিল্লী: 

ভাৰতৰ টেলিকমিউনিকেচন বিভাগ আৰু চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যন (চিঅ’এআই)ৰ সহযোগত আয়োজন কৰা এছিয়াৰ প্ৰিমিয়াৰ ডিজিটেল টেকন’লজী প্ৰদৰ্শনী ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আইএমচি)ৰ সপ্তম সংস্কৰণ ২৭ – ২৯ অক্টোবৰত চলিত বৰ্ষৰ নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব৷ ‘গ্ল’বেল ডিজিটেল ইন’ভেচন’ৰ বিষয়বস্তুৰে আইএমচি হৈছে উদ্যোগ, চৰকাৰ, শিক্ষায়তনিক ক্ষেত্ৰ আৰু প্ৰযুক্তিৰ পৰিৱেশতন্ত্ৰৰ অন্যান্য মূল অংশীদাৰসকলৰ বাবে এক আদৰ্শ মিলন বিন্দু আৰু প্ৰদৰ্শনী কেন্দ্ৰ৷ আইএমচি ২০২৩ৰ এই প্ৰতিষ্ঠিত অনুষ্ঠানত প্ৰায় ১,০০,০০০তকৈ অধিক অংশগ্ৰহণকাৰী, ৬,০০০তকৈ অধিক চিএক্সঅ’ পৰ্যায়ৰ প্ৰতিনিধি, ৩৫০ তকৈ অধিক বক্তা আৰু ৪০০ তকৈ অধিক প্ৰদৰ্শক উপস্থিত থাকিব৷২০১৭ চনত আৰম্ভ হোৱাৰ পৰাই আইএমচিয়ে ভাৰতৰ স্থান নিৰ্ধাৰণক প্ৰসাৰিত কৰি আহিছে আৰু ডিজিটেল উদ্ভাৱনৰ পৰৱৰ্তী ঢৌৰ ডিজাইনৰ বাবে বিশ্বৰ চিন্তাশীল নেতাসকলৰ বাবে এক মূল মঞ্চ হিচাপে কাম কৰে৷ যোৱা বছৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ৫জি মুকলি কৰা উদ্যোগটোৰ পৰা আইএমচিয়ে অতিশয় সঁহাৰি লাভ কৰিছিল৷এই বছৰ মূল কাৰ্যসূচীসমূহে ৬জি, ৫জি নেটৱৰ্কৰ উন্নতি, টেলিকমিউনিকেচন আৰু অন্যান্য ডমেইনত এআইৰ ব্যৱহাৰ বৃদ্ধি, এজ কম্পিউটিং, ইণ্ডাষ্ট্ৰী চ্ছ্ৰ.ঙ্ম আৰু ইণ্ডিয়া ষ্টেকৰ উত্থানৰ ওপৰত চৰ্চা লাভ কৰিব৷ আইএমচি ২০২৩ এলচিনা, আইইএছএ, আইএছপিএ, ডিএফআই আৰু অন্যান্যৰ দৰে বিভিন্ন সংস্থাৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে সম্প্ৰচাৰিত প্ৰযুক্তি ডমেইন যেনে ব্ৰডকাষ্ট, চেট-কম, মেনুফেকচাৰিং, অৰ্ধপৰিবাহীলৈও বহল হ’ব৷ আইএমচি ২০২৩-এ কেইবাটাও বিটুজি আৰু বিটুবি ফ’ৰাম আৰু উদ্যোগৰ ৰাউণ্ড টেবুল, ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ সংযোগ, আৰু গ্ল’বেল ক্ৰেতা মঞ্চৰ প্ৰৱৰ্তনৰ পৰিকল্পনাও কৰিছিল৷চিঅ’এআইৰ অধ্যক্ষ  পি.কে. মিট্টলে এই উপলক্ষে এই সমাৱেশক আদৰণি জনাই কয় যে এইবাৰ এছিয়াৰ সৰ্ববৃহৎ টেলিকম ইভেণ্ট ভাৰতৰ দ্ৰুতগতিত আগবাঢ়ি অহা প্ৰযুক্তি উদ্যোগৰ বাবে এক উল্লেখযোগ্য মাইলৰখুঁটি হ’ব বুলি আশাবাদী৷ দূৰসংযোগ বিভাগৰ অতিৰিক্ত সচিব শ্ৰী ভি এল কান্তা ৰাৱে কয়, “আইএমচি উদ্যোগ আৰু চৰকাৰৰ বাবে এক প্ৰতিষ্ঠিত অনুষ্ঠান৷ যোৱা বছৰৰ পৰা এতিয়ালৈকে এটা বছৰত আই এম চিৰ মাজত বহু কাম হৈছে৷ এই বছৰ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু খোজৰ আশা কৰিছো আৰু অন্যান্য আনুষংগিক উদ্যোগসমূহকো জড়িত কৰিবলৈ চেষ্টা কৰিছো৷ এই বছৰ আমি ইউজ কেছকে ধৰি প্তজি ফ্ৰণ্টত আমাৰ দেশে যি কৰি আছে তাক বহুত গুৰুত্ব দিবলৈ চেষ্টা কৰিছো আৰু লগতে বিভিন্ন ৰাজ্য আৰু মন্ত্ৰালয়ৰ বৃহত্তৰ অংশগ্ৰহণ নিশ্চিত কৰিম৷ যোৱা বছৰ আইএমচিত প্ৰধানমন্ত্ৰীয়ে প্তজি বিপ্লৱ আৰম্ভ কৰিছিল, মই নিশ্চিত যে এইবাৰ অক্টোবৰ মাহত দেশখন আইএমচি ২০২৩ত আন এক বিপ্লৱৰ বাবে সাজু হৈছে৷” কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰী  দেৱুসিংহ চৌহানে কয়, “যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ টেলিকম উদ্যোগৰ বহু পৰিৱৰ্তন হৈছে আৰু আইএমচিয়েও বিশ্ব আৰু এছিয়াত এক প্ৰিমিয়াৰ টেকন’লজী ইভেণ্ট হিচাপে নিজৰ নাম উজলাইছে৷ আত্মনিৰ্ভৰ ভাৰত, ৬জি শুভাৰম্ভণি, ৬জিৰ বাবে ৰোডমেপকে ধৰি টেলিকম ফ্ৰণ্টত জাতিটো বিভিন্ন দিশত বৃদ্ধি পাইছে৷ এই বছৰ আইএমচিত আমি আশা কৰোঁ যে প্তজিয়ে দেশখনক কেনেদৰে ৰূপান্তৰিত কৰিছে তাক প্ৰদৰ্শন কৰিবলৈ কৃষি, শিক্ষা, লজিষ্টিক, পৰিবহণ আদিত উপযোগী হ’ব পৰা ইউজ কেছ আহিব লাগে৷”


 


ভাৰত চৰকাৰৰ যোগাযোগ, ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু ৰে’ল বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছে দেশৰ প্ৰধান প্ৰযুক্তিৰ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে৷ যোৱা বছৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্তজি মুকলি কৰে আৰু ভাৰত দ্ৰুত প্তজি শুভাৰম্ভণি দেশ হিচাপে আত্ম প্ৰকাশ কৰে৷’’ অতি কম সময়ৰ ভিতৰত ৬জি বিকিৰণ কৰা বিটিএছ প্ৰায় ২.৭৫ লাখ হৈছে৷ আমি ভাৰতক প্ৰযুক্তি বিকাশক, টেলিকম নিৰ্মাতা আৰু ৰানিকাৰক হিচাপে স্থান দিব বিচাৰো৷ আইএমচি২০২৩১ বিষয়বস্তু হৈছে গ্ল’বেল ডিজিটেল ইন’ভেচন আৰু আইএমচিৰ সৈতে বহুতো উদ্যোগ জড়িত হ’ যেনে–ড্ৰোন, সাতকম, ম’বাইল নিৰ্মাণ, চাইবাৰ ছিকিউৰিটী ষ্টাৰ্ট আপচ আদি৷ আইএমচিয়ে ৬খন আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ দেশৰ সৈতে অম্বেষণ কৰিব আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে পৰামৰ্শ কৰিব৷ আমি সকলোৱে ভাৰতক প্ৰযুক্তি পাৱাৰ হাউচ বনোৱাৰ ক্ষেত্ৰত কাম কৰা উচিত আৰু আইএমচিয়ে এই দিশত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিব পাৰে৷’’


 


ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৩ গোলকীয় স্তৰত প্ৰত্যেক ক্ষেত্ৰত প্ৰভাৱ পেলোৱা ডিজিটেল বিপ্লৱে ভাৰতৰ মহত্বপূৰ্ণ ভুমিকাক বঢ়াবলৈ আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভিজনক ৰেখাংকিত কৰিব৷ ইয়াত ৬জি, ৬জি, প্ৰসাৰণ, ছেটেলাইট, ছেমিকণ্ডাক্টৰ, ড্ৰোন ডিভাইচ আৰু সেউজ প্ৰযুক্তিৰ অগ্ৰণী অগ্ৰগতিও অন্তৰ্ভুক্ত৷


 


তদুপৰি, এই বছৰ আইএমচিয়ে এছপায়াৰৰ প্ৰৱৰ্তন কৰিছে, যিটো বিশাল ষ্টাৰ্ট-আপ অনুষ্ঠান, যিয়ে টেলিকম আৰু অন্যান্য ডিজিটেল ডমেইনৰ যুৱ উদ্ভাৱক আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ মাজত উদ্যোগীকৰণৰ বৃদ্ধিৰ ভৱিষ্যতক গতিশীল কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব৷ এছপায়াৰৰ প্ৰধান উদ্দেশ্য হ’ব এক অতুলনীয় অভিজ্ঞতা প্ৰদানৰ ওপৰত, য’ত বিভিন্ন অংশ যেনে বিনিয়োগকাৰী জ’ন, পিচিং জ’ন, কৰ্মশালা জ’ন, আৰু নেটৱৰ্কিং জ’ন অন্তৰ্ভুক্ত কৰা হ’ব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here