W7s news,,,,,,গুৱাহাটী, ১১ জুলাই, : ভাৰতৰ প্ৰথমটো স্মাৰ্ট মবিলিটি সমাধান প্ৰদানকাৰী আৰু প্ৰতিষ্ঠা লাভৰে পৰা সৰ্ববৃহৎ ৰপ্তানিকাৰী হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে আজি মুকলি কৰিলে ইয়াৰ স্প’ৰ্টি এণ্ট্ৰি এছ ইউ ভি – হুণ্ডাই এক্সটাৰ । সৰুসজাইৰ লোহিয়া হুণ্ডাইতো এই গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মুকলি অনুষ্ঠানত আৰ জে মেণ্ডি, কৌশিক গগৈ আৰু ধ্ৰুৱ জে কলিতাৰ দৰে বিশেষ অতিথিৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ আঞ্চলিক বিক্ৰী মুৰব্বী বদ্ৰীনাথ চি ইউ।প্ৰাৰম্ভিক ৫.৯৯ লাখ টকা (এক্স শ্ব’ৰুম)মূল্যত মুকলি কৰা হৈছে সম্পূৰ্ণ নতুন এক্সটাৰ । হুণ্ডাই এক্সটাৰক অনন্য বহিৰ্ভাগ, বিশাল অভ্যন্তৰীণ অংশ, উন্নত সুৰক্ষা (৬ এয়াৰ বেগ) আৰু প্ৰযুক্তি, আৰু ব্যতিক্ৰমী প্ৰদৰ্শন নীতি প্ৰতিফলিত কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। অন্বেষণ কৰিব বিচৰা ভাৰতৰ জেন এম জেড গ্ৰাহকৰ গুণসমূহক মূৰ্ত কৰি তুলিছে হুণ্ডাই এক্সটাৰে ।হুণ্ডাই এক্সটাৰ মুকলি অনুষ্ঠানত ভাষণ দি হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ এম ডি আৰু চি ই অ’ উনছু কিমে কয়, “বৈপ্লৱিক সামগ্ৰী আৰু প্ৰযুক্তিৰ জৰিয়তে উদ্যোগটোত সদায়ে নতুন মাপকাঠী সৃষ্টি কৰি আহিছে হুণ্ডাই মটৰ ইণ্ডিয়াই । এক্সটাৰৰ জৰিয়তে আমি এনে এখন এছ ইউ ভি প্ৰৱৰ্তন কৰিছো যিয়ে উদ্ভাৱনীমূলক ডিজাইন, বুদ্ধিমান প্ৰযুক্তি আৰু ব্যতিক্ৰমী প্ৰদৰ্শনৰ প্ৰতি হুণ্ডাইৰ দায়বদ্ধতাক সামৰি ল’বলৈ পাই গৌৰৱবোধ কৰিছোঁ । ইয়াৰ অত্যাধুনিক প্ৰযুক্তি আৰু অতুলনীয় সুৰক্ষা বৈশিষ্ট্যৰ সৈতে, হুণ্ডাই এক্সটাৰে এই দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডটোক পুনৰ সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে । হুণ্ডাই এক্সটাৰে আমাৰ গ্ৰাহকৰ আশা পূৰণ কৰি ভাৰতৰ আগশাৰীৰ স্মাৰ্ট মবিলিটি সমাধান প্ৰদানকাৰী হিচাপে হুণ্ডাইৰ স্থিতি পুনৰ দৃঢ় কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।”হুণ্ডাই এক্সটাৰৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে চুক্তিবদ্ধ হৈছে ক্ৰিকেট যুৱ আইকন আৰু বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া । বাহ্যিক অভিযান, ভ্ৰমণ আৰু অৱসৰত লিপ্ত হোৱাত হুণ্ডাই এক্সটাৰে জেন এম জেডৰ স্পন্দনক প্ৰতিফলিত কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই তেওঁৰ শক্তিশালী আৰু স্পন্দনশীল জীৱনশৈলীৰে এই মূল্যবোধসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ সমান্তৰালতা অক্ষুন্ন ৰাখিছে ।
Post Top Ad
Responsive Ads Here
Tuesday, 11 July 2023
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment