তিনিদিনীয়া কথক নৃত্যৰ কৰ্মশালাৰ সামৰণি* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 July 2023

তিনিদিনীয়া কথক নৃত্যৰ কৰ্মশালাৰ সামৰণি*


 


*সুৰসংগমত শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতা*


W7s news,,,,গুৱাহাটী, : গুৱাহাটীৰ 'সুৰসংগম'ৰ উদ্যোগত আয়োজিত কথক নৃত্যৰ কৰ্মশালাৰ সামৰণিত কালি এখন শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ প্ৰতিযোগিতাৰ 'ক' শাখাত প্ৰাবৰ্জ্যা গোস্বামী, ৰুদ্ৰাক্ষি দত্ত চৌধুৰী আৰু তিয়াৰা বৰাই যথাক্ৰমে প্ৰথম তিনিটা স্থান লাভ কৰে৷ উদগনি পুৰস্কাৰ লাভ কৰে জাগৃতি দাস আৰু হন্স্বিনী ডেকাই৷ 'খ' শাখাত সংগীতাডেকাই প্ৰথম স্থান, ভায়'লিনা হাজৰিকাই দ্বিতীয় আৰু উপালক্ষা শিৱমে তৃতীয় স্থান লাভ কৰে৷ উদগণি বঁটা লাভ কৰে ভাস্বতী কুমাৰী, তানিশা ভট্টাচাৰ্য আৰু হিমানিশা বৈশ্যই৷ এই অনুষ্ঠানতে বীৰজু মহাৰাজৰ সংৰচনাৰে কথক নৃত্যত অভিনয় প্ৰদৰ্শন কৰে কথক নৃত্যগুৰু বিজয় শ্ৰীৱাস্তৱে৷ সংগীত নাতক অকাডেমি বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যগুৰু অনিতা শৰ্মায়ো অনুষ্ঠানত এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰে৷ আনহাতে, সুৰ সংগমৰ জ্যেষ্ঠ শিল্পীসকলে বিশিষ্ট কথক নৃত্য পটিয়সী মেঘৰঞ্জনী মেধিৰ সৈতে কথক নৃত্যশৈলীত এটি গণেশ বন্দনা পৰিৱেশন কৰে৷ উল্লেখযোগ্য যে গুৰু মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিৰ তত্ত্বাৱধানত যোৱা ৬ জুলাইৰপৰা অনুষ্ঠিত তিনিদিনীয়া কৰ্মশালাৰ পাছত কালি অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে সুৰসংগমৰ অধ্যক্ষ তথা বিশিষ্ট কন্ঠশিল্পী জয়প্ৰকাশ মেধি, উপ-সভাপতি তথা আই এ এছ বিষয়া গীতাঞ্জলি ভট্টাচাৰ্য, সমৰ শৰ্মা আদি৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here