আজি দেৱীৰ নিবৃত্তি ; মন্দিৰৰ দুৱাৰ খুলিব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 June 2023

আজি দেৱীৰ নিবৃত্তি ; মন্দিৰৰ দুৱাৰ খুলিব

 : 






 W7s news গুৱাহাটী : বিশ্বৰ  অন্যতম শক্তিপীঠ হিচাপে পৰিচিত নীলাচল পাহাৰৰ শ্ৰীশ্ৰীকামাখ্যা শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ত ২২ জুনৰ মাজনিশা ২ বাজি ৩০মিনিট ৪২ চেকেণ্ডত প্রবৃত্তিৰ পাছতে আৰম্ভ হৈছিল অম্বুবাচী  মহাযোগ । ইয়াৰ পূৰ্বে সিদিনা সন্ধিয়া যাৱতীয় পূজা অৰ্চনা কৰাৰ পাছতে  ভক্তৰ  দৰ্শনৰ বাবে মন্দিৰৰ বন্ধ কৰা হৈছিল । আনহাতে  কামাখ্যা দেৱালযৰ বৰদেউৰী সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই  জানিবলৈ দিয়া মতে ২৬ জুনৰ পুৱা সূৰ্য উদয় হোৱাৰ পাছত কামাখ্যা মন্দিৰৰ যাৱতীয় ৰীতি নীতি অনুসৰি মন্দিৰ চাফ চিকুন কৰা হব । তাৰ পাছত মুখ্য পুৰোহিতে  দেৱীক নিত্যস্নান , নিত্য পূজা কৰাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হব । ইতিমধ্যে ২৬ জুন অৰ্থাৎ সোমবাৰে পুৱাই মন্দিৰৰ  দুৱাৰ খোলাৰ পাছতেই যাতে মন্দিৰ দৰ্শন বা দেৱীক যাৱতীয় পূজা অৰ্চনা কৰিব পাৰে তাৰ বাবে দেওবাৰে সন্ধিয়াৰ পাছতে ভক্তই শাৰী পতা পৰিলক্ষিত হৈছে । নিশা বাতৰি লিখাৰ পৰলৈকে ভক্তৰ  ভিৰ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ইফালে অম্বুবাচী মহাযোগৰ অন্তিম দিনা অৰ্থাৎ দেওবাৰে পুৱাৰে পৰা নিশালৈকে মন্দিৰ চৌহদত ভক্তৰ  অভূতপূৰ্ব ভিৰ হোৱা পৰিলক্ষিত হৈছে । বিয়লিলৈ  প্ৰসৰ ৰদক নেওচিও হোৱা ভিৰে সন্ধিয়াৰ পাছতে মন্দিৰ চৌহদত এক অচলাবস্থাৰ সৃষ্ট কৰে । নিশা বৰদেউৰী সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জানিবলৈ দিয়া মতে দেওবাৰে নিশা পৰ্যন্ত প্ৰায় ১০ লাখ ভক্তৰ সমাগম হোৱা বুলি ধাৰণা কৰা হৈছে । যাৰ বাবে কামাখ্যা মন্দিৰ চৌহদত বিয়লিৰ পাছতে ভৰি দিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয ।   আনকি বিয়লিৰ পৰা ভক্তৰ অভূতপূর্ব ভিৰ হোৱাৰ পাছত জালুকবাৰীৰ পৰা ভৰলুমুখ সংযোগী দীনেশ গোস্বামী পথত ভৰলুমুখৰ পৰা আদাবাৰীলৈ  চাৰে পাঁচ কিলোমিটাৰ পথচোৱাত ভীষণ যানজটৰ  সৃষ্টি হয়। ইফালে কামাখ্যা মন্দিৰকে ধৰি নীলাচল পাহাৰত বাহিৰৰ পৰা আহি বাহৰ পাতি থকা একাংশ ভক্তৰ বেশ ভূশা, যোগ, সাধনা, বিভিন্ন অংগী - ভংগীয়ে সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। তাৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা অহা ১২৬ বছৰীয়া পদ্মশ্ৰী সন্মানৰে বিভূষিত স্বামী চিভানন্দই ভক্তক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। তেওঁৰ আশীৰ্বাদ গ্রহণ কৰাৰ বাবে শিশু, মহিলাকে ধৰি সাধাৰণ ভক্তৰ লানি নিছিগা সোঁত বোৱা দেখা গৈছে। আনহাতে দেওবাৰে অন্তিম  দিনা বিয়লিৰ পৰা হোৱা অভূতপূৰ্ব ভিৰ আৰু ভক্তসকলৰ বেছিভাগেই খোজ কাঢ়ি অহা যোৱা কৰাৰ লগতে মালিগাঁৱত নিৰ্মিয়মান উৰণীয়া সেতুৰ বাবে ভৰলু - আদাবাৰি সংযোগী  চাৰে পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ  পথ অতিক্ৰম কৰিবলৈ যান বাহন সমূহৰ প্ৰায় তিনি ঘণ্টা পৰ্যন্ত  সময় ব্যয় হয়। ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰথম দিনটোত পূৰ্বৰ দৰে অম্বুবাচী উপলক্ষে কামাখ্যা দেৱালয় চৌহদত নাছিল বাহিৰৰ পৰা অহা ভক্তৰ অভূতপূৰ্ব ভিৰ। কিন্তু শনিবাৰে দ্বিতীয় দিনা ভিৰ হোৱাৰ পাছত  দেওবাৰেও সেই ধাৰা অব্যাহত থাকে।  তেনেদৰে শক্তিপীঠত সমাগম হোৱা আৰু বাহৰ পাতি থকা ভক্তখিনীয়ে যাবতীয় ৰীতি- নীতিৰে আৰাধনাত ব্ৰতী হোৱাৰ লগতে জয় মা কামাখ্যা ধ্বনিৰে নীলাচল পাহাৰৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। ইফালে  অম্বুবাচীৰ সময়ত কামাখ্যা দেৱালয়কে ধৰি নীলাচল পাহাৰ আৰু ভক্তই আশ্ৰয় লোৱা শিবিৰ সমূহত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়  তাৰ বাবে জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ আৰক্ষীয়ে ব্যাপক সতৰ্কতা অবলম্বন কৰা পৰিলক্ষিত হৈছে । আনকি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাই মন্দিৰ চৌহদত বাহৰ সাজি পৰিস্থিতিৰ অহৰহ তদাৰক কৰি আছে ।  উল্লেখ্য যে হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী, আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিটি পদ শেষ হ'লে পৃথিৱী বা ধৰিত্ৰী মা ঋতুমতী হয়। এই সময়তে অম্বুবাচী পালন কৰা হয়। এই উপলক্ষে কামাখ্যা মন্দিৰ প্ৰাঙ্গনত অম্বুবাচীৰ সময়ত এক বিশাল মেলাৰ আয়োজন কৰা হয় আৰু সেই মেলাই হৈছে অম্বুবাচী মেলা বা মহাযোগ। অম্বুবাচীৰ দিনকেইটাত দেৱী কামাখ্যা মাৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকে। লগতে সেইদিনকেইটাত হিন্দুধর্মী লোকসকলে কোনো মাঙ্গলিক কাম-কাজ নকৰে। কৃষকসকলে কৃষিকৰ্ম যেনে- হালবোৱা, কোৰমৰা আদি বন্ধ ৰখাৰ লগতে গছৰ পৰা ফল-মূল আদিও নিছিঙে। অসমীয়া মানুহে অম্বুবাচীক আহাৰৰ ষাঠ লগা বুলিও কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here