ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 June 2023

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে তিনি দিনত দহখন বাটৰ নাট প্ৰদৰ্শন

 


 সাত শতাধিক লোকৰে স্বাক্ষৰিত পত্ৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ





W7s news গুৱাহাটী:  ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সহযোগত ২৩ জুনৰ পৰা কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত তিনিদিনীয়া সজাগতামূলক বাটৰ নাট  কাৰ্যসূচীৰ দেওবাৰে বিয়লি সামৰণি পৰে।  'ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰি ৰাইজৰ জীৱন ৰক্ষা কৰক' শীৰ্ষক বার্তাৰে ২৩ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত বাটৰ নাট কাৰ্যসূচী ২৩ জুনৰ পুৱা হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালকালয় চৌহদত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, অতিৰিক্ত সঞ্চালক ডাঃ ৰূপলাল নুনিচা,  যুটীয়া সঞ্চালক ডাঃ ভানু শইকীয়া আৰু ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই। উদ্বোধনী ভাষণত সঞ্চালক ডাঃ দাসে উদ্বিগ্নতা প্ৰকাশ কৰি কয় – ‘ধঁপাত কোম্পানী বিলাকে অতি কৌশলপূৰ্ণ আৰু পৰিকল্পিতভাৱে কিশোৰ আৰু যুৱ প্ৰজন্মক লক্ষ্য হিচাপে লৈ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ এখন বিশাল বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। ধঁপাত সেৱনৰ ফলত কৰ্কট, হাওঁফাওঁ আৰু হৃদজনিত ৰোগীৰ সংখ্যা ভয়াবহ ভাবে বৃদ্ধি পাই আছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ধঁপাত নিয়ন্ত্ৰণ আইনক অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে’। এই তিনিদিনীয়া কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ ডাউন-টাউন, হেঙেৰাবাৰী, গুৱাহাটী ৰেলৱে ষ্টেচন, ধীৰেনপাৰা, আদাবাৰী বাছ আস্থান, জালুকবাৰী, লখৰা, বামুনিমৈদাম বজাৰ, নাৰেংগী বজাৰ আৰু ফাঁচীবজাৰত ১০ খন সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাট কাৰ্য্যসূচীৰ সময়ছোৱাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই ধঁপাত সেৱনৰ ফলত মানৱ দেহত পৰা ভয়াবহ প্ৰভাৱৰ বিষয়ে উপস্থিত দৰ্শকৰ মাজত সজাগতা চলোৱাৰ উপৰিও  ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ বাবে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনত বিষয়টো জৰুৰী ভাৱে বিবেচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়। তিনিদিনীয়া বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফৰামৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবী জনায়। বাটৰ নাট  কাৰ্যসূচীৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত সাত শতাধিক লোকে স্বাক্ষৰ কৰা এখন পত্ৰ দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ প্ৰেৰণ কৰা হয়।  এই পত্ৰ খনৰ জৰিয়তে ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনোৱা হয়। বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফৰামৰ উদ্যোগত তিনিদিন ধৰি সৰ্বসাধাৰণ লোকৰ মাজত এই স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here