অৰ্বিটৰ উদ্যোগত তিনিদিনীয়াকৈ ক্ৰেতা আৰু বিক্ৰেতা মিটৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 June 2023

অৰ্বিটৰ উদ্যোগত তিনিদিনীয়াকৈ ক্ৰেতা আৰু বিক্ৰেতা মিটৰ আয়োজন

 


W7s news,,,গুৱাহাটী ২৬ জুন। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত বিগত ডেৰ দশক ধৰি ৰেডিমেড গাৰ্মেণ্টৰ ব্যৱসায়ত নিজৰ যোগ্যতা প্ৰমাণ কৰি অহা অৰ্বিটে তিনিদিনীয়াকৈ ক্ৰেতা আৰু বিক্ৰেতা সভাৰ আয়োজন কৰিছে। মহানগৰীৰ পল্টন বজাৰৰ হোটেল আতিথিত আয়োজিত এই সভাখন শনিবাৰে উদ্বোধন কৰে অৰ্বিটৰ মুৰব্বী প্ৰমোদ কুমাৰ ৰুংটা, কৰুণ ৰুংটা, বৰুণ ৰুংটাই। এই উপলক্ষে কৰুণ ৰুংটাই কয় যে তিনিদিনীয়া এই মিটত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৫০টাতকৈও অধিক ব্ৰেণ্ডে নিজৰ শেহতীয়া সংগ্ৰহৰ সৈতে অংশ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে ৰিলায়েন্স, লেভিছে আণ্ডাৰ গাৰ্মেণ্টছ, ডিজনী ফুটৱেয়াৰ, ৱেডিংছ এথনিক ৱেৰ, ডব্লিউ, আৰলিয়া আদি বিখ্যাত আৰু জনপ্ৰিয় ব্ৰেণ্ড। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ বস্ত্ৰ ব্যৱসায়ীসকলক এটা চালিৰ তলত পুৰুষ-মহিলা আৰু শিশুৰ বাবে সকলো ধৰণৰ শেহতীয়া পোছাক, জোতা, আণ্ডাৰ গাৰ্মেণ্টছ আৰু অন্যান্য আনুষংগিক সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে। এই উপলক্ষে বৰুণ ৰুংটাই কয় যে বিশেষকৈ অসমৰ গ্ৰাম্য অঞ্চলৰ পৰা ক্ষুদ্ৰ বস্ত্ৰ ব্যৱসায়ীসকলে ইয়াত সহায় আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here