লখৰাত বিশুদ্ধ নিৰামিষ ৰেষ্টুৰেণ্ট 'আৰ্বাণ তৰকা' উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 June 2023

লখৰাত বিশুদ্ধ নিৰামিষ ৰেষ্টুৰেণ্ট 'আৰ্বাণ তৰকা' উদ্বোধন


 লখৰাত বিশুদ্ধ নিৰামিষ ৰেষ্টুৰেণ্ট 'আৰ্বাণ তৰকা' উদ্বোধন 



W7s news,,,,গুৱাহাটী, ২৬ জুনঃ গুৱাহাটী লখৰাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ সমীপত আজি অনুষ্ঠানিক ভাবে উদ্বোধন কৰা হয় বিশুদ্ধ নিৰামিষ ৰেষ্টুৰেণ্ট 'আৰ্বাণ তৰকা'। উদ্বোধনী অনুষ্ঠানত নীলেশ মাথুৰ, বিপিন শৰ্মাৰ লগতে এম ভি আই জয় সিং ৰংফাৰ,এম ভি আই বিজু গগৈ, এম ভি আই পাৰূপজ্যোতি গগৈ, এম ভি আই ফিলিপচন টাইছন,এম ভি আই ফাৰবিন মফুজা বেগমকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত থাকে। ৰেষ্টুৰেণ্টখনৰ মুৰব্বী নীলেশ মাথুৰ আৰু বিপিন শৰ্মাই কয় যে 'আৰ্বান তৰকা' ৰেষ্টুৰেণ্টৰ বিশেষত্ব এইটোৱে যে গ্ৰাহকসকলে কণ্টেইনাৰৰ ভিতৰত বহি সুস্বাদু ব্যঞ্জন উপভোগ কৰিবলৈ সক্ষম হ'ব। মাথুৰে লগতে কয় যে এই ৰেষ্টুৰেণ্টৰ ভিতৰত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ একত্ৰিত কৰা হৈছে, য'ত গ্ৰাহকসকলে এই বাদ্যযন্ত্ৰবোৰো বজাব পাৰিব। ৰেষ্টুৰেণ্টখনত ভাৰতীয়, চীনা, উত্তৰ ভাৰতীয়ৰ মেনুৰ লগতে অন্যান্য মনোৰম ৰন্ধনপ্ৰণালী উপলব্ধ কৰা হৈছে।তেওঁ কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ তিৰুপতি বালাজী মন্দিৰ আৰু মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ দৰে মুখ্য স্থানৰ ওচৰত এটা নিৰামিষ ৰেষ্টুৰেণ্টৰ অভাৱৰ বাবে বহিঃ ৰাজ্যৰ পৰা অহা দৰ্শনাৰ্থী আৰু নিৰামিষভোজী সকলে খাদ্য খোৱাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু এতিয়া আৰ্বান তৰকা নামৰ  বিশুদ্ধ ভেজ ৰেষ্টুৰেণ্ট মুকলি হোৱাৰ লগে লগে মানুহে নিৰামিষ আৰু সুস্বাদু ব্যঞ্জন উপভোগ কৰিবলৈ সক্ষম হ'ব। তেওঁ আৰু কয়  যে সোনকালেই আৰ্বাণ তৰকাই চুইগি আৰু জোমাটোৰ জৰিয়তে মানুহৰ ঘৰলৈ ইয়াৰ সুস্বাদু ব্যঞ্জন বিতৰণ কৰিবলৈ সক্ষম হ'ব।ইয়াৰ উপৰিও, সৰু সৰু পাৰ্টি বিশেষকৈ জন্মদিন, বিবাহ বাৰ্ষিকী, কিটি পাৰ্টি, গেট-টুগেদাৰ ইত্যাদি প্ৰি-বুকিংৰ জৰিয়তে ৰেষ্টুৰেণ্টত আয়োজন কৰিব পাৰি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here