আৰ টি আইৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতনত ১০ টা শ্রেণীকোঠা নিৰ্মাণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 June 2023

আৰ টি আইৰ উদ্যোগত শংকৰদেৱ শিশু নিকেতনত ১০ টা শ্রেণীকোঠা নিৰ্মাণ

 


উদ্বোধনী অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, আৰু বিধায়ক দিগন্ত কলিতা


W7s news,,,,গুৱাহাটী ২৬ জুনঃ পি এণ্ড জি শিক্ষাৰ সমৰ্থনত  গুৱাহাটী মেট্ৰ' ৰাউণ্ড টেবল ৩২০ৰ অধীনত ডোৰাকাহাৰাৰ শংকৰদেৱ শিশু নিকেতনত নতুনকৈ ১০ টা শ্ৰেণীকোঠাৰ ব্লক নিৰ্মান কৰা হৈছে। নতুন বিদ্যালয় খণ্ডটোত ৰাউণ্ড টেবল ইণ্ডিয়াৰ ফ্ৰীডম থ্ৰু এডুকেশ্বন প্ৰকল্পৰ অধীনত বেঞ্চ আৰু ক'লা বোৰ্ডৰ সৈতে শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে। এই নতুন শ্ৰেণীকোঠা ব্লকৰ জৰিয়তে প্ৰতি বছৰে অসমৰ কামৰূপ জিলাৰ ডোৰাকাহাৰা অঞ্চলৰ ৩৪০ছাত্ৰ-ছাত্ৰীয়ে   লাভান্বিত হব। নতুন স্কুল ব্লকৰ উদ্বোধনী অনুষ্ঠানত মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, আৰ টি আইৰ এৰিয়া চিয়াৰমান টি আৰ বৈভৱ জালান, এৰিয়া সচিব টি আৰ নীলেশ সিংঘানিয়া, ৰাষ্ট্ৰীয় প্ৰকল্প আহ্বায়ক টি আৰ মনোজ ভাঞ্চালী, গুৱাহাটী মেট্ৰ' ৰাউণ্ড টেবুল ৩২০ ৰ অধ্যক্ষ টি আৰ চন্দ্ৰকান্ত বাৰ্মাকে ধৰি   বিদ্যালয়ৰ সভাপতি আৰু বিশিষ্ট অতিথিসকল   উপস্থিত থাকে।

ৰাউণ্ড টেবল ইণ্ডিয়াই ফ্ৰীডম থ্ৰু এডুকেশ্বন প্ৰকল্পৰ অধীনত পিছপৰি থকা বিভিন্ন  বিদ্যালয়ত শ্ৰেণীকোঠাৰ ব্লক নিৰ্মাণ কৰি আহিছে। সমগ্ৰ দেশতে ৰাউণ্ড টেবল ইণ্ডিয়াই ফ্ৰীডম থ্ৰু এডুকেশ্বন প্ৰকল্পৰ অধীনত  কেইবাটাও সামূহিক সেৱা প্ৰকল্প নিৰ্মাণ কৰি দুখীয়া শিক্ষাৰ্থী সকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। ৰাউণ্ড টেবল ইণ্ডিয়াই ছাত্র-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰেণী কোঠা, শৌচালয় নিৰ্মাণৰ লগতে বিদ্যালয় সমূহত খোৱা পানীৰ সুবিধা, পুথিভঁৰাল, বিজ্ঞান পৰীক্ষাগাৰ, খেলপথাৰ নিৰ্মাণ কৰি আহিছে।১৯৯৭ চনৰ পৰা ৰাউণ্ড টেবল ইণ্ডিয়াই সমগ্ৰ ভাৰতত ৩৩৪৭টা প্ৰকল্পৰ অধীনত ৭৮৯০টা শ্রেণীকোঠা নিৰ্মাণ কৰা হৈছে আৰু ৮.৬৭ নিযুত শিশুক প্ৰভাৱিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here