গুৱাহাটীত শিখৰ ইণ্ডিয়া ষ্টাইল ট্যুৰৰ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 June 2023

গুৱাহাটীত শিখৰ ইণ্ডিয়া ষ্টাইল ট্যুৰৰ অনুষ্ঠান


 



W7s news,,,গুৱাহাটী : টেলেণ্ট ফেক্টৰীৰ দ্বাৰা আয়োজিত শিখৰ ইণ্ডিয়া ষ্টাইল ট্যুৰ ২০২৩ৰ তৃতীয়টো অনুষ্ঠান কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ ডিজাইনাৰ সামন্ত চৌহান আৰু অনিকেত সতনামৰ এই অনুষ্ঠানে অসমৰ ননৱপ্ৰজন্মক ফেশ্যন বিশ্বৰ প্ৰতি আকৃষ্ট কৰিব বুলি আয়োজকে আশা কৰিছে৷ মৰ্যাদাপূৰ্ণ অনুষ্ঠানটো গুৱাহাটীৰ ইণ্ডিয়া ক্লাবত কাইলৈ অনুষ্ঠিত হ’ব৷ এই কাৰ্যক্ৰমত ৫ শতাধিক ফেশ্যন অনুৰাগীৰ অংশগ্ৰহণৰ আশা কৰিছে আয়োজকে৷ তদুপৰি অসমৰ দৰ্শককো অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে৷ অনুষ্ঠানত ছুপাৰ মডেল সোণালিকা সহায়, আঁচল জৈন আদিয়ে ৰেম্পত খোজ দিব৷ অনুষ্ঠানৰ পূৰ্বে সমগ্ৰ উত্তৰ-পূব ভাৰত অনাগত সময়ত ফেশ্যন আৰু জীৱনশৈলীৰ উন্নত পৰিক্ষেত্ৰ হৈ পৰিব বুলি মন্তব্য কৰিছে আয়োজক সামন্ত চৌহানে৷ তেওঁ অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যতো বস্ত্ৰশিল্পৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে মত ব্যক্ত কৰে৷ আনহাতে এই অনুষ্ঠানত ইণ্ডিয়ান আইডলৰ ৰানাৰ আপ গায়িকা সঞ্চিতা হাজৰিকাই গীত পৰিৱেশন কৰিব৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here