ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি) ৰ পৰা গায়ত্ৰী মুদৈয়ে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হক ৰ তত্বাবধানত ২০২১-২০২২ বৰ্ষৰ আৰু Young talent artist awardee বিজিত কুমাৰ দাসৰ তত্বাবধানত ধন্যাপ্ৰিয়া সিংহ ২০২২ -২০২৩ বৰ্ষৰ বাবে মূকাভিনয় বিষয়ত শিশু শিল্পী বৃত্তিৰ (সাংস্কৃতিক প্ৰতিভা বৃত্তি আঁচনি) বাবে মনোনীত হৈছে । দুয়োগৰাকী ছাত্ৰী বৰ্তমান young talent artist awardee মূকাভিনয় শিল্পী বিজিত কুমাৰ দাসৰ ওচৰত প্ৰশিক্ষণ লৈ আছে। গায়ত্ৰী মুদৈ গুৱাহাটীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন, আমবাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰী আৰু ধন্যাপ্ৰিয়া সিংহ চেইন্ট মেৰিজ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী । ইয়াৰোপৰি দুয়ো গৰাকী শিশু শিল্পীয়ে সত্ৰীয়া নৃত্য, কন্ঠ সংগীত আৰু অভিনয়ৰ চৰ্চাও অব্যাহত ৰাখিছে । গায়ত্ৰী প্ৰয়াত যাদৱ চন্দ্ৰ মুদৈ আৰু লক্ষী মুদৈৰ কনিষ্ঠ কন্যা আৰু ধন্যাপ্ৰিয়া কাজল কুমাৰ সিংহ আৰু লীনা ঠাকুৰীয়াৰ একমাত্ৰ কন্যা ।
Post Top Ad
Responsive Ads Here
Saturday, 3 June 2023
Home
-গুৱাহাটী
●গায়ত্ৰী মুদৈ আৰু ধন্যাপ্ৰিয়া সিংহলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি/জলপানি প্ৰদান●
●গায়ত্ৰী মুদৈ আৰু ধন্যাপ্ৰিয়া সিংহলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি/জলপানি প্ৰদান●
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment