এইচ ডি এফ চি বেংকে আৰম্ভ কৰিলে ২ খন বিশেষ কাৰ্যকালৰ ফিক্সড ডিপ’জিট আঁচনি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 June 2023

এইচ ডি এফ চি বেংকে আৰম্ভ কৰিলে ২ খন বিশেষ কাৰ্যকালৰ ফিক্সড ডিপ’জিট আঁচনি

 

৩৫ আৰু ৫৫ মাহৰ কাৰ্যকালৰ আঁচনিসমূহে ক্ৰমে ৭.২০ % আৰু ৭.২ ৫ % সুত দিব


W7s news,,,গুৱাহাটী,  ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে শেহতীয়াকৈ দুখন বিশেষ কার্যকালীন ফিক্সড ডিপ’জিট আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে, সামগ্ৰিক কাৰ্যকাল ৩৫ আৰু ৫৫ মাহৰ সৈতে। বিশেষ টেন্যুৰ ফিক্সড ডিপ’জিট আঁচনিৰ সুবিধা ২ কোটি টকাৰ তলৰ ডিপ’জিটত ল’ব পাৰিব।গ্ৰাহকে ৩৫ মাহৰ বাবে (২ বছৰ আৰু ১১ মাহ) ৰখা ফিক্সড ডিপ’জিটৰ ওপৰত ৭.২০ % সুত, আৰু ৫৫ মাহৰ বাবে (৪ বছৰ আৰু ৭ মাহ) ৰখা ফিক্সড ডিপ’জিটৰ ওপৰত ৭.২৫ % সুত লাভ কৰিব পাৰে। ইয়াৰ উপৰিও জ্যেষ্ঠ নাগৰিক গ্ৰাহকে গ্ৰহণ কৰা সুতৰ হাৰৰ ওপৰত ০.৫ শতাংশ পৰ্যন্ত অতিৰিক্ত সুতৰ মাৰ্জিন লাভ কৰিব পাৰে।যিহেতু জমা ধনৰ হাৰ শিখৰত উপনীত হোৱাৰ লগে লগে নতুন বিশেষ সংস্কৰণ ফিক্সড ডিপ’জিট আঁচনিখনে নিশ্চিত উচ্চ লাভৰ সৈতে নিজৰ ধন বৰ্ধিত সময়ৰ বাবে ৰাখিব বিচৰা গ্ৰাহকসকলক উপকৃত কৰিব।“এইচডিএফচি বেংকে ইয়াৰ গ্ৰাহকসকলক সৰ্বোত্তম বেংকিং অভিজ্ঞতা প্ৰদান কৰে। আমি গ্ৰাহকক সৰ্বোত্তম বেংকিং আৰু সঞ্চয় সমাধান প্ৰদান কৰিবলৈ অহৰহ উদ্ভাৱন কৰোঁ। ফিক্সড ডিপ’জিটত বিনিয়োগ বিনিয়োগৰ বাবে অন্যতম নিৰাপদ আহিলা যিয়ে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰে। নতুন আঁচনিসমূহে আমাৰ গ্ৰাহক আৰু অগ্ৰাহকসকলক যথেষ্ট উপকৃত কৰিব যিয়ে উচ্চ লাভৰ সৈতে নিজৰ ধন দীৰ্ঘ সময়ৰ বাবে সুৰক্ষিত ৰাখিবলৈ বিচাৰে।’এইচ ডি এফ চি বেংক হৈছে ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক যাৰ বেলেন্স শ্বীটৰ আকাৰ ২৪ লাখ কোটি টকাৰ ওপৰত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here