W7s news গুৱাহাটী: 'আজাদী কা অমৃত মহোৎসৱ'ৰ অংশ হিচাপে, মেছাৰ্ছ ইঞ্জিনিয়াৰিং প্ৰজেক্টছ (ইণ্ডিয়া) লিমিটেড (ভাৰত চৰকাৰৰ উদ্যোগ)ৰ গুৱাহাটীৰ এন ই আঞ্চলিক কাৰ্যালয়ত 'বিশ্ব ৰক্তদাতা দিৱস-২০২৩” পালন কৰা হয়।এইবাৰৰ... “বিশ্ব ৰক্তদাতা দিৱস-২০২৩”ৰ বিষয়বস্তু হৈছে “তেজ দিয়ক, প্লাজমা দিয়ক, জীৱন ভাগ কৰক, সঘনাই ভাগ কৰক”।গুৱাহাটীৰ এন ই আঞ্চলিক কাৰ্যালয়ত ইপিআইএলৰ কৰ্মচাৰীক “বিশ্ব ৰক্তদাতা দিৱস-২০২৩” প্ৰতিশ্ৰুতি প্ৰদান কৰে আঞ্চলিক প্ৰভাৰী সমীক মিষ্ট্ৰীয়ে। তেওঁ ৰক্তদানৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে যাতে য’তেই ৰক্তৰ প্ৰয়োজন হয় তাতেই সদায় ৰক্ত উপলব্ধ হয়। তেজ হ’ল আন এজন ব্যক্তিক যিকোনো ব্যক্তিয়ে দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ। তেওঁ স্বেচ্ছামূলক ৰক্তদানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।এ
ই উপলক্ষে গুৱাহাটীৰ উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক কাৰ্যালয়ৰ পৰা অমিত গোৱেল, প্ৰাঞ্জিত গোস্বামী, শৈলেশ শৰ্মা, কৌশিক মণ্ডল, সুষমিতা দেৱী, হিমান বৰা, হৃষিকেশ পাঠক, জ্যোতিষ হেণ্ডিকে স্বেচ্ছাই গুৱাহাটীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ব্লাড বেংকত ৰক্তদান কৰে। কাৰ্যসূচীৰ আয়োজন আৰু পৰিচালনা কৰে মেনেজাৰ-এইচ আৰ শৈলেশ শৰ্মাই।
No comments:
Post a Comment