নীট ইউ জিৰ শীৰ্ষস্থানধাৰীৰ তালিকাত গুৱাহাটীৰ আকাশ বাইজুছৰ ১৯ শিক্ষাৰ্থী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 June 2023

নীট ইউ জিৰ শীৰ্ষস্থানধাৰীৰ তালিকাত গুৱাহাটীৰ আকাশ বাইজুছৰ ১৯ শিক্ষাৰ্থী





W7s news গুৱাহাটী : পৰীক্ষা প্ৰস্তুতি সেৱাৰ অগ্ৰণী ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আকাশ বাইজুছ, গুৱাহাটীৰ ১৯ গৰাকী শিক্ষাৰ্থীয়ে আকৰ্ষণীয় ফলাফল প্ৰদৰ্শন কৰিছে। এন টি এৰ ফলাফল বুধবাৰে ঘোষণা কৰা হৈছিল৷মহানগৰীৰ পৰা শীৰ্ষ প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হোৱা আকাশৰ শিক্ষাৰ্থীসকলৰ অন্যতম হৈছে ৭২০ৰ ভিতৰত ৬৯১ নম্বৰেৰে ৰাহিল বৰবৰুৱা (এ আই আৰ ৬৩৮), ৭২০ৰ ভিতৰত ৬৮৫ নম্বৰেৰে অৰ্ণৱ শইকীয়া (এ আই আৰ ১১৩৬), ৭২০ৰ ভিতৰত ৬৮১ নম্বৰেৰে ৰাজপ্ৰতিম শৰ্মা (এ আই আৰ ১৪২৯), ৭২০ৰ ভিতৰত ৬৭০ নম্বৰেৰে কুলদ্বীপ ভৰালী (এ আই আৰ ২৭২৮), ৭২০ৰ ভিতৰত ৬৬৩ নম্বৰেৰে কৃষাণু ডেকা (এ আই আৰ ৪০২৬), ভাৰ্গব কাকতীয়ে ৭২০ৰ ভিতৰত ৬৫০ নম্বৰ (এ আই আৰ ৬৯০৫) আৰু ৰাহিল তনবীৰে ৭২০ৰ ভিতৰত ৬৪৬ নম্বৰ (এ আই আৰ ৭৯৩১)ৰে সফলতা অৰ্জন কৰে৷ নীটত উৰ্ত্তীণ হ’বলৈ দুবছৰীয়া শ্ৰেণীকোঠাৰ কাৰ্যক্ৰমত আকাশ বাইজুছত ছাত্ৰ-ছাত্ৰীসকলে যোগ দিয়ে৷ তেওঁলোকে নীটত শীৰ্ষসকলৰ অভিজাত তালিকাত প্ৰৱেশৰ ধাৰণাসমূহ বুজি পোৱাৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ শিক্ষণ সময়সূচীৰ প্ৰতি কঠোৰ আনুগত্য বুলি প্ৰকাশ কৰিছে। ‘আমি কৃতজ্ঞ যে আকাশে আমাক দুয়োটাতে সহায় কৰিছে। আকাশৰ পৰা অহা উপকৰণ আৰু কোচিঙ নোহোৱা হলে, আমি ইমান কম সময়ৰ ভিতৰতে বিভিন্ন বিষয়ৰ বহু ধাৰণা গ্ৰহণ কৰিব নোৱাৰিলোহেঁতেন।- তেওঁলোকে কয়।

ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই আকাশ এডুকেশ্যনেল ছাৰ্ভিচেজ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অভিষেক মহেশ্বৰীয়ে কয়- ‘ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ দৃষ্টান্তমূলক কৃতিত্বৰ বাবে আমি অভিনন্দন জনাইছোঁ। তেওঁলোকৰ এই কৃতিত্বই কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বিষয়ে ব্যাখ্যা কৰিছে৷ ছাত্ৰসকলৰ প্ৰচেষ্টা, অধ্যাপকৰ সঠিক নিৰ্দেশনা আৰু প্ৰতিষ্ঠানটোত প্ৰদান কৰা গুণগত মান নিৰ্নয় পৰীক্ষাৰ সফলতাৰ কাৰণ। লগতে নিজৰ সন্তানৰ প্ৰতি অহৰহ সহযোগিতা আগবঢ়োৱা অভিভাৱকসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সকলো ছাত্ৰ-ছাত্ৰীকে তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো।”সদ্যঘোষিত ফলাফলৰ বিষয়ে সন্দৰ্ভত আকাশ এডুকেশ্যনেল ছাৰ্ভিচেজ লিমিটেডৰ আঞ্চলিক সঞ্চালক ডঃ যশ পালে কয়- “ব্যতিক্ৰমী সাফল্যৰ বাবে আমি ছাত্ৰসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। সৰ্বাধিক নম্বৰপ্ৰাপক হিচাপে উল্লেখযোগ্য কৃতিত্ব তেওঁলোকৰ অক্লান্ত কঠোৰ পৰিশ্ৰম আৰু অটল নিষ্ঠাৰ প্ৰমাণ। তেওঁলোকৰ ভৱিষ্যতৰ সকলো প্ৰচেষ্টাত সফলতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।আকাশ বাইজুছৰ অধ্যাপকসকলকো আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ তেওঁলোকে ছাত্ৰসকলৰ সকলো সন্দেহ আৰু প্ৰশ্ন দূৰ কৰি অক্লান্তভাৱে সহায় কৰিছিল। আকাশ বাইজুছে প্ৰদান কৰা ফলপ্ৰসূ পাঠ্যক্ৰমৰ লগতে আমাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অটল দায়বদ্ধতাই এই সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”


ভাৰতবৰ্ষৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত চিকিৎসা বিজ্ঞানৰ স্নাতক (এম বি বি এছ), দন্তচিকিৎসা (বি ডি এছ) আৰু আয়ুস (বি এ এম এছ, বি ইউ এম এছ, বি এইচ এম এছ ইত্যাদি) পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে যোগ্যতা নিৰ্ণায়ক পৰীক্ষা হিচাপে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰতি বছৰে নীট অনুষ্ঠিত কৰে৷ লগতে বিদেশত প্ৰাথমিক চিকিৎসা বিজ্ঞানৰ অৰ্হতা লাভৰ ইচ্ছা কৰাসকলৰ বাবেও এই পৰীক্ষা অনুষ্ঠিত হয়৷নীট ২০২৩ত দেশৰ ভিন্নপ্ৰান্তৰ ২০ লক্ষাধিক শিক্ষাৰ্থী অৱৰ্তীণ হৈছিল৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here