W7s news ষ্টাফৰিপোৰ্টাৰ: : জিপাল সেউজ চাহ বাগানৰ বাবে পৰিচিত, অসমৰ চাহ উৎপাদনৰ ক্ষেত্ৰত এক চহকী ইতিহাস আছে।ৰাজ্যখনত প্ৰায় ১.২২ লাখ পঞ্জীয়নভুক্ত ক্ষুদ্ৰ চাহ উৎপাদকাৰী আছে যিসকলে সৰ্বমুঠ উৎপাদনৰ ৫২ শতাংশ চাহ উৎপাদন কৰে।তথাপি, এই অঞ্চলৰ ক্ষুদ্ৰ খেতিয়কসকলে দীৰ্ঘদিন ধৰি সীমিত সামগ্ৰী আৰু বজাৰকে ধৰি অসংখ্য প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আহিছিল। যোৱা কিছু বছৰ ধৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ছলিডাৰিডাডৰ ট্ৰিনিটি আঁচনিৰ পৃষ্ঠপোষকতাত চাহৰ প্ৰতিচ্ছবি ৰূপান্তৰৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। এই অভিযোজন গোলকীয় উন্নয়ন সংগঠন ছলিডাৰিডাডে আই টি এ সহযোগত অসমৰ ক্ষুদ্ৰ খেতিয়কসকলক কাৰিকৰী ভাৱে সৱল কৰা, সহজলভ্য পদ্ধতি, কাৰিকৰী দক্ষতা আৰু বৰ্ধিত বজাৰৰ সুবিধা প্ৰদান কৰি আহিছে। ছলিডাৰিডাড আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সামূহিক প্ৰচেষ্টাই চাহ শিল্পক বৈপ্লৱিক তথা দীৰ্ঘম্যাদী উদ্যোগ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ জীৱন উন্নয়নত সহায় কৰাৰ ক্ষেত্ৰত ঊল্লেখযোগ্য বুলি পৰিগণিত হৈছে।অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে পৰম্পৰাগত ভাৱে বহুতো গুৰুতত্বপূৰ্ন বাধা বিঘিনিৰ সম্মুখীন হৈ আহিছে, যেনে সীমিত সামগ্ৰী যোগান, আন্তৰ্গাথনী অভাৱ আৰু সহজলভ্যতাৰ সম্পৰ্কিত বিষয়সমূহ ইত্যাদি। তাৰোপৰি মধ্যভোগীসকলে মাজে সময়ে কম লাভ দি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সুষণ শোষণ কৰা পৰিলক্ষিত হয়। এই প্ৰত্যাহ্বানে অসম চাহ শিল্পক দীৰ্ঘদিনৰ বাবে বৰ্তাই ৰখাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ জীৱিকাৰ বাবে ভাবুকি আনিছে। এই প্ৰত্যাহ্বান সমূহৰ সহাৰীত ট্ৰিনিটিয়ে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে এক তাৎক্ষণিক পৰিবৰ্তন আনি আত্মপ্ৰকাশ কৰিছে।
ট্ৰিনিটি আঁচনিয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সহজলভ্য পদ্ধতি, স্বচ্ছতাৰ নিশ্চয়তা আৰু যোগান শৃংখলৰ দায়বদ্ধতাৰ ক্ষেত্ৰত মুখ্য ভূমিকা লয়।এই পদ্ধতিসমূহ ৰূপায়ণৰ যোগেদি এই ব্যৱস্থটোৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলক সামৰ্থবান কৰা হয় যাতে তেওঁলোকে চাহৰ ৰূপণৰ পৰা উপভোক্তা লৈ যোগান ধৰালৈকে সকলো অনুসৰণ কৰিব পাৰে যাতে চাহসমূহ লৈতিকভাবে উৎপাদিত হয় তথা বহনক্ষম আৰু সৰ্বোচ্চ মানদণ্ডৰ হয়। মিষ্টাৰ মুহাম্মদ আমিন , ক্ষুদ্ৰ চাহ উৎপাদনকাৰী সংস্থাপনৰ সভাপতি, তিনিচুকীয়া জিলা, ই তেওঁৰ প্ৰসংশা পত্ৰত কৈছে যে, “ ট্ৰিনিটিয়ে যোগান ধৰা ট্ৰেচেবিলিটি প্ৰণালীয়ে আমাক আমাৰ চাহৰ অখণ্ডতা প্ৰদৰ্শন কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে।আমি এতিয়া ক্রেটা আৰু উপভোক্তাসকলক নিশ্চয়তা দিব পাৰোঁ যে আমাৰ চাহ দীৰ্ঘদিন বৰ্তি থকাকৈ পৰিবেশ আৰু কৰ্মী সকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি অতি সযত্নে উৎপন্ন কৰা হৈছে।“এই সূত্ৰপাতৰ আঁৰৰ গুৰুত্বপূৰ্ণ চিন্তাধাৰাৰ বিষয়ে উল্লেখ কৰি ছলিডাৰিডাড এছিয়াৰ পৰিচালনা সঞ্চালক ড০ শতাদ্ৰু চট্টোপাধ্যায়ই কয়, “ভাৰতীয় চাহ খণ্ডত স্থিৰতা, স্বচ্ছতা আৰু সুন্দৰ বাণিজ্যৰ বাবে ছলিডাৰিডাড এছিয়া আৰু ইণ্ডিয়ান টি এছ’চিয়েচন (আই টিএ)ৰ মাজত এয়া এক প্ৰচেষ্টা। ত্ৰিনিটি কাৰ্যসূচীৰ সৈতে, আমি কৃষকসকলক ভাল কৃষি, সামাজিক আৰু পাৰিপাৰ্শ্বিক পদ্ধতি গ্ৰহণ কৰাত সহায় কৰিব বুলি আশা কৰোঁ যি তেওঁলোকক উচ্চ মানদণ্ডৰ চাহ উৎপাদন কৰিবলৈ চাহ কাৰখানাবোৰলৈ উচ্চ মানদণ্ডৰ সেউজীয়া পাত যোগান ধৰিবলৈ সক্ষম কৰিব যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতিযোগিতামূলক পাৰিশ্ৰমিক লাভ কৰিব পাৰিব, লগতে খেতিপথাৰৰ পৰা কাপলৈ অধিক অন্তৰ্ভুক্তি আৰু স্বচ্ছতা নিশ্চিত কৰিব।“ তেওঁ আৰু উল্লেখ কৰে যে, “ সমগ্ৰ অসম, উত্তৰ বংগ আৰু দক্ষিণ ভাৰতত ১,00,000 ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক বৰ্তমান এই কাৰ্যসূচীৰ অংশীদাৰ হয়। ট্ৰিনিটিয়ে কৃষি আৰু শ্ৰমিক পদ্ধতি, সেউজীয়া পাতৰ মানদণ্ড, পাৰিপাৰ্শ্বিক প্ৰভাৱ, বজাৰপ্ৰৱেশাধিকাৰ, আৰু ট্ৰেচেবিলিটিত উদ্যোগৰ খেলুৱৈসকলৰ বাবে অধিক উন্নত সুযোগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখে।“ট্ৰেচাবিলিতীৰ উপৰিও এই আচনিয়ে কাৰিকৰী দক্ষতা, ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰশিক্ষণ দিয়াত মুখ্য ভূমিকা পালন কৰে। সক্ষমতা গঠনকাৰী কৰ্মশালা, প্ৰশিক্ষণ আঁচনি, জ্ঞান বিতৰণকাৰী বৈঠক যোগেদি এই আঁচনিয়ে খেতিয়কসকলক আৱশ্যকীয় দক্ষতা আৰু চাহ শিল্পক দীৰ্ঘদিন বৰ্তাই ৰখাৰ বাবে সামৰ্থবান কৰে। এই আঁচনিয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বৰ্ধিত বজাৰৰ সুযোগ সৃষ্টিকৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।প্ৰত্যক্ষ বজাৰৰ সৈতে সংযোগ স্থাপন কৰি আৰু বজাৰৰ বুদ্ধিমত্তা প্ৰদান কৰি, উৎপাদকসকলক স্বচ্ছতা আৰু স্থিৰতাক গুৰুত্ব দিয়া ক্ৰেতাৰ সৈতে সংযোগ কৰিবলৈ সক্ষম কৰে।লক্ষ্যযুক্ত ব্ৰেণ্ডিং, পেকেজিং, আৰু বিপণন সমৰ্থনৰ জৰিয়তে, ই উৎপাদকসকলক উচ্চ মূল্যৰ বজাৰ দখল কৰাত সহায়ৰ হাত আগবঢ়ায়।অসমৰ তিনিচুকীয়াৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক ৰাণা মৰানে কাৰ্যসূচীটোৰ প্ৰভাৱৰ ওপৰত এক দৃষ্টি প্ৰদান কৰে আৰু তেওঁৰ সফলতাৰ কাহিনী প্ৰকাশ কৰে এনেদৰে, “এই আঁচনিয়ে আমাৰ কৃষি কৌশলউন্নত কৰাত এক কাৰিকৰী প্ৰভাৱ সৃষ্টি কৰিছে।আমি বহনক্ষম কীট ব্যৱস্থাপনা, মাটিৰ স্বাস্থ্য, আৰু পানী সংৰক্ষণ পদ্ধতিৰ বিষয়ে শিকিছোঁ, যাৰ ফলত স্বাস্থ্যকৰ চাহৰ জোপোহা হৈছে আৰু উৎপাদনশীলতা বৃদ্ধি হৈছে।ট্ৰিনিটি কাৰ্যসূচীৰ কৃপাত আমি উত্তম মানৰ বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছোঁ।ব্ৰেণ্ডিং আৰু মাৰ্কেটিঙত এই কাৰ্যসূচীৰ সমৰ্থনে আমাক আমাৰ চাহক পৃথকভাৱে ভাগ কৰাত আৰু উন্নত মূল্য ৰখাত সহায় কৰিছে, যাৰ ফলত উন্নত উপাৰ্জন আৰু আমাৰ ব্যৱসায়ৰ বাবে এক উজ্জ্বল ভৱিষ্যত পৰিকল্পনা সক্ষম হৈছে।“
ছলিডাৰিডাড, আইটিএ আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাই কেৱল অসমৰ চাহ উদ্যোগক পুনৰুজ্জীৱিত কৰাই নহয়, অঞ্চলটোত সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ প্ৰচাৰ কৰিছে।বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰি আৰু অনুসৰণযোগ্যতা প্ৰণালী ব্যৱহাৰ কৰি, ক্ষুদ্ৰ চাহ খেতিয়কসকলে দৃশ্যপট সলনি কৰিছে আৰু অসমৰ পৰিৱেশ তথা তেওঁলোকৰ সম্প্ৰদায়ৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে।ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় চাহ সন্থাৰ চেক্ৰেটেৰী জেনেৰেল অৰিজিত ৰাহাই উল্লেখ কৰে যে, “সামাজিক বিকাশ, অৰ্থনীতি আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক কাৰকৰ দ্বাৰা চাহ উদ্যোগ গুৰুতৰভাৱে প্ৰভাৱিত হৈছে; অৱশ্যে, উল্লেখ লব পাৰি যে ভাৰতীয় চাহ সন্থা(আইটিএ) তথা ছলিডাৰিডাডৰ ট্ৰিনিটি কাৰ্যসূচীত যুটীয়া অংশীদাৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱিকাৰ সামগ্ৰিক উন্নতিৰ যোগেদি অসমৰ চাহ উদ্যোগত অভূতপূৰ্ব বিকাশ আনিছে।আমি একেলগে অদূৰ ভৱিষ্যতে অসম ৰাজ্যত অনাগত বছৰবোৰত আৰু অধিক অগ্ৰগতি লাভ কৰাৰ আশা কৰিছো”ট্ৰিনিটি কাৰ্যসূচীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ইতিমধ্যে বহু সফলতাৰ কাহিনী প্ৰত্যক্ষ কৰিব সক্ষম হৈছে। বহুতো খেতিয়ক/উৎপাদকে অধিক উৎপাদন, উন্নত উপাৰ্জন, আৰু উন্নত জীৱন ধাৰণৰ অভিজ্ঞতা লাভ কৰিব সক্ষম হৈছে।নিৰন্তৰ সমৰ্থন আৰু সহযোগিতাৰ সৈতে, এই প্ৰকল্পই আৰু অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ভৱিষ্যতে আৰু অধিক সফলতাৰ লগত ফেৰ মাৰিবলৈ সক্ষম হ'ব।
No comments:
Post a Comment