গুৱাহাটী প্ৰেছ ক্লাবত টেণ্ডাৰ পেটেলছ প্রি- স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 June 2023

গুৱাহাটী প্ৰেছ ক্লাবত টেণ্ডাৰ পেটেলছ প্রি- স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন

 




W7s news গুৱাহাটী : ইনাৰ  আই ফাউণ্ডেচন প্রাইভেট লিমিটেডৰ অধীনত পৰিচালিত টেণ্ডাৰ পেটেলছ প্রি- স্কুল ব্রোণ্ডে  পহিলা জুনত দশম প্রতিষ্ঠা দিৱস পালন কৰে। ইয়াৰ লগত সংগতি ৰাখি শিশুসকলৰ উৎকৰ্ষ সাধনৰ এই যাত্রাৰ উদ্ যাপন উপলক্ষে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলন আয়োজন কৰা হয়। সংবাদ মেলত টেণ্ডাৰ পেটেলছ প্রি- স্কুলৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ড° বাসৱী আচার্যই টেণ্ডাৰ পেটেলছৰ সঞ্চালক দেৱজিৎ বৰা আৰু এই প্রি- স্কুল ব্রেন্ডল একাডেমিক কো- অর্ডিনেটৰ তথা ফ্রেনচাইজীসকলৰ সহযোগত ক্রনিকল অৱ এ মাইলষ্টেচন জার্নি' শীর্ষক এখন স্মাৰক গ্রন্থ উন্মোচন কৰে। এই স্মাৰক গ্ৰন্থত প্রাক- শৈশৱ পৰিচৰ্যা আৰু শিক্ষাৰ ক্ষেত্ৰত ব্ৰেণ্ডটোৱে এটা দশকজুৰি সমৰ্পণৰ মনোভাৱ কৰি অহা কৰ্মৰাজিৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ লগতে এই স্মাৰক গ্ৰন্থত অন্তর্ভুক্ত হৈছে বিশ্বৰ বিভিন্ন প্রান্তৰ টেণ্ডাৰ পেটেলছৰ শুভাকাংক্ষী তথা আর্লি চাইল্ডহুড ক্ষেত্ৰখনৰ কেইবাগৰাকীও বিশেষজ্ঞৰ গুৰুত্বপূৰ্ণ নিৱন্ধ। তদুপৰি পেটেলছৰ ফ্রেনচাইজী, ফেচিলিটেটৰ আৰু কণ কণ শিশুসকলৰ অভিভাৱকসকলৰ লেখায়ো স্থান পাইছে। সংবাদমেলত ড° বাসৱী আচার্যই এগৰাকী উদ্যোগী হিচাপে এই প্রি- স্কুল ব্ৰেণ্ডৰ অসাধাৰণ যাত্রা আৰু লক্ষ‍্য‌ৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় — 'টেণ্ডাৰ পেটেলছে কম বয়সতে শিশুসকলক 'আর্লি চাইল্ড এডুকেছন' (ই চি চিৰ সঠিক প্রশিক্ষণ প্রদান কৰিছে। এইক্ষেত্ৰত কার্যকৰী ধাৰণাক বিশেষ গুৰুত্ব দিয়া হৈছে। টেণ্ডাৰ পেটেলছত শিশুসকলক আৰম্ভণিৰ পৰাই একৈশ শতিকাৰ বাবে প্রয়োজনীয় কৌশলসমূহ আহৰণত গুৰুত্ব প্রদান কৰা হয়। টেন্ডাৰ পেটেলছ এই সফলতাত ধন্যবাদ জ্ঞাপন কৰে সঞ্চালক দেবজিৎ বৰাই। একাডেমিক কো- অডিনেটৰ ইন্দ্ৰাণী চৌধুৰীয়ে এই প্রি- স্কুল ব্ৰেণ্ডৰ পাঠ্যসূচী তথা শিক্ষণ পদ্ধতিৰ বিষয়ে উল্লেখ কৰে। টেণ্ডাৰ পেটেলছ প্রি- স্কুলৰ ৰিহাবাৰীৰ ফ্রেনচাইজী বীণা দে' আৰু ভি আই পি রোডৰ ফ্রেনচাইজী শান্তি মহেশে এই ব্ৰেণ্ডৰ সৈতে তেওঁলোকৰ দীঘলীয়া যা অভিজ্ঞতাৰ বিষয়ে বর্ণনা করে। এই ব্ৰেণ্ডৰ সহযোগিতাত শিশুসকলক শিক্ষা প্রদানৰ জৰিয়তে তেওঁলোকে কিদৰে সফল উদ্যোগী হিচাপে পৰিচিতি অর্জন কৰিছে, সেই বিষয়ে তেওঁলোকে বর্ণনা কৰে। এই সংবাদমেলত টেন্ডাৰ পেটেলছ ব্ৰেণ্ডৰ বহুতো শুভাকাংক্ষী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here