ডিজাইন বিষয়ত পি এইচ ডিৰ বাবে ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইনে আৰম্ভ কৰিলে আৱেদন প্ৰক্ৰিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 8 June 2023

ডিজাইন বিষয়ত পি এইচ ডিৰ বাবে ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইনে আৰম্ভ কৰিলে আৱেদন প্ৰক্ৰিয়া







W7s news,,,সোনিপট, হাৰিয়ানা: ডিজাইন বিষয়ত ডক্টৰেট ডিগ্ৰী প্ৰত্যাশী আৰু উদীয়মান গৱেষকসকলৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইনে স্থাপত্য, ব্যৱসায়, কমিউনিকেশ্যন ডিজাইন, ফেশ্বন, কলা আৰু পৰিবেশ্য কলাত পি এইচ ডি কাৰ্যসূচীৰ বাবে আৱেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সকলো বিষয়ৰ বাবে আৱেদনকাৰীসকলক ১৫ জুন, ২০২৩ৰ ভিতৰত অনলাইনযোগে আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে।ভাৰতীয় শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তবোৰ হৈছে যিকোনো প্ৰাসঙ্গিক শাখাত মুঠ ৫৫% নম্বৰৰ সৈতে স্নাতকোত্তৰ ডিগ্ৰী আৰু আন্তৰ্জাতিক শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ সৈতে কমেও ৬.৫ আইল্ছ নম্বৰ। প্ৰতিষ্ঠানটোৱে সংৰক্ষিত শ্ৰেণীসমূহৰ ক্ষেত্ৰত ৫% শিথিলতাৰ অনুমতি প্ৰদান কৰিছে।বাছনি দুটা পদক্ষেপৰ প্ৰক্ৰিয়াৰ আধাৰত হ'ব, প্ৰথম পদক্ষেপত ৪০% লিখিত পৰীক্ষা আৰু তাৰ পিছত ৬০% সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব https://worlduniversityofdesign.ac.in/phd.php ত উপলব্ধ আবেদনপত্ৰসমূহ যথাযথভাৱে পূৰণ কৰি ইয়াৰ সৈতে যোগ্যতাৰ প্ৰমাণপত্ৰ হিচাপে প্ৰাসঙ্গিক নথিপত্ৰৰ স্কেন কৰা প্ৰতিলিপি, প্ৰস্তাৱিত গৱেষণা প্ৰকল্পৰ ৫০০ শব্দৰ ভিতৰত টাইপ কৰা বিতং বিবৃতি, বায়’ডাটা(Curriculum vitae)ৰ প্ৰতিলিপি আৰু সৃষ্টিশীল কামৰ এটা পৰ্টফলিঅ' প্ৰস্তুত কৰি পি এইচ ডি কাৰ্যসূচীৰ অধ্যক্ষলৈ phd@wud.ac.in জৰিয়তে প্ৰেৰণ কৰিব লাগিব। পি এইচ ডি কাৰ্যসূচীলৈ নতুন আৱেদনকাৰীসকলক আমন্ত্ৰণ জনাই ড০ সঞ্জয় গুপ্তা(ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইন)ই কয়, "ফেশ্বন, ডিজাইন, যোগাযোগ, স্থাপত্য, দৃশ্যকলা, ডিজাইন ব্যৱস্থাপনা আৰু সম্পৰ্কিত শাখাৰ আবেদনকাৰীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ পি এইচ ডি কাৰ্যসূচী ঘোষণা কৰি মই আনন্দিত হৈছো। এই কাৰ্যসূচীয়ে যুৱ শিক্ষাৰ্থীসকলৰ বাবে নিজ নিজ ক্ষেত্ৰসমূহত অধিক জ্ঞান লাভত অৰিহণা যোগোৱাৰ আৰু ভাৰতৰ সৃষ্টিশীল পৰিৱেশত স্থায়ী প্ৰভাৱ পেলোৱাৰ এক ব্যতিক্ৰমী সুযোগ প্ৰদান কৰে।শেহতীয়া বৰ্ষসমূহত আমি ডিজাইনৰ পৃথিৱীখনত এক চমকপ্রদ পৰিৱৰ্তন দেখিছোঁ যি্যে জটিল সামাজিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে এক শক্তিশালী আহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে। আমাৰ পি এইচ ডি কাৰ্যসূচীৰ জৰিয়তে, আমি শিক্ষিত ব্যক্তিৰ এনে এটা গোট গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো যি্যে ভাৰত আৰু ভাৰতৰ বাহিৰত ডিজাইনৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ সক্ষম হ’ব।তদুপৰি, ডব্লিউ ইউ ডি-ৰ পৰা ডিজাইন বিষয়ত গ্ৰহণ কৰা পি এইচ ডিয়ে যুৱ পণ্ডিতসকলক শিক্ষা, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ ক্ষেত্ৰত সফল কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষমতা প্ৰদান কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here