গুৱাহাটীত ওম'ছ বেচপোক লিভিং উদ্বোধন অভিনেত্ৰী আইমি বৰুৱাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 June 2023

গুৱাহাটীত ওম'ছ বেচপোক লিভিং উদ্বোধন অভিনেত্ৰী আইমি বৰুৱাৰ

 

W7s news,,,,গুৱাহাটী:  মহানগৰীৰ বৰা চাৰ্ভিছত আজি প্ৰখ্যাত অভিনেত্ৰী তথা চিত্ৰনিৰ্মাতা আইমি বৰুৱাই ওম'ছ বেচপোক লিভিং অনুষ্ঠানিক ভাবে উদ্বোধন কৰে।অত্যাধুনিক ৰূপত গৃহ সজ্জাৰ লগতে নিজৰ ঘৰখনৰ দেৱালৰ গাঁথনি আৰু উৎকৃষ্ট শিল্পকলাৰ ক্ষেত্ৰত এক অভিজ্ঞতা পূৰ্ণ কেন্দ্ৰ হৈছে ওম'ছ বেচপোক লিভিং।উত্তৰ পূবৰ গৃহ সজ্জাৰ এই অত্যাধুনিক শ্ব'ৰূমটো বন্তি প্ৰজ্বলনেৰে আইমি বৰুৱাই  উদ্বোধন কৰে। অনুষ্ঠানটোত বক্তব্য ৰাখি বৰুৱাই ওম'ছ বেচপোক লিভিং শ্ব 'ৰূমৰ সামগ্ৰী সন্দৰ্ভত বিশেষ ভাবে প্ৰশংসা কৰে।শ্ব'ৰুমটো দেখি মই নিশ্চিত আৰু আত্মবিশ্বাসী যে এই কেন্দ্রটো সকলোৰে প্রিয় হিচাপে বিবেচিত হব আৰু সকলোৱে তেওঁলোকৰ গৃহ সজ্জাৰ সকলো প্ৰয়োজনীয় সামগ্রী বিছাৰি পাব।  গুৱাহাটীৰ লোকস


কলে এটা চালৰ তলত গৃহৰ ইন্টেৰিয়ৰ ডিজাইনৰ  বাবে সকলো সামগ্ৰী লাভ কৰিব। উক্ত অনুষ্ঠানত বুটিকৰ গৰাকী আকাশ কেজৰিৱাল আৰু অলকা কেজৰিৱাল আৰু অ পি  কেজৰিৱালৰ লগতে বহু গণ্যমান্য ব্যক্তি  উপস্থিত থাকে। বুটিকটোৰ  বিষয়ে কেজৰিৱালে কয় যে ২০০০বৰ্গ ফুটত শ্বৰূ'মটো গঢ়ি তোলা হৈছে।গৃহ সজ্জাৰ বাবে এক প্ৰসিদ্ধ ব্ৰেণ্ড জাইন্নাই ওম'ছৰ সৈতে চুক্তিবদ্ধ হৈছে আৰু কাপোৰবোৰ সমগ্ৰ বিশ্বৰ পৰা আহৰণ কৰা হৈছে যাৰ ফলত আপোনাৰ সকলো অনুকূলিত আৰু প্ৰিমিয়াম হোম ষ্টাইলিঙৰ প্ৰয়োজনীয়তা পুৰণ কৰা হব।  কালাৰটেল, বেৰৰ গাঁথনিৰ সৰ্বশ্ৰেষ্ঠ সামগ্ৰী আৰু  মজিয়াৰ সজ্জাৰ বাবে কেইবাটাও আগশাৰীৰ ব্ৰেণ্ডৰ সামগ্ৰী উপলদ্ধ কৰা হৈছে। ইয়াৰ বেছিভাগেই ইউৰোপীয়ান।তেওঁ লগতে কয় যে গৃহ সজ্জাৰ শ্ৰেণীত, পৰ্দা, গৃহসজ্জা, ব্লাইণ্ড, বেডস্প্ৰেড, ৰাগচ (কাৰ্পেট), কমফৰ্টাৰ, কুশ্বন, মেট্ৰেছৰ লগতে বিভিন্ন কাপোৰ উপলব্ধ হৈছে। তেওঁ আৰু কয় যে শ্ব'ৰুমটো ফ্ৰান্সৰ থেভেনন, ইটালীৰ ক্ৰিষ্টিয়ানো টেচুটি, গ্ৰীচৰ চাৰলা, তুৰ্কীৰ আজনাৰ আদি উল্লেখযোগ্য আৰু আগশাৰীৰ ব্ৰেণ্ডেৰে পৰিপূৰ্ণ। শ্ব'ৰুমলৈ অহা গ্ৰাহকসকলৰ বাবে পাৰ্কিংৰ বিশেষ সুবিধা আছে। আমি আশা কৰোঁ যে এই শ্ব'ৰুমটো মুকলি হোৱাৰ লগে লগে ঘৰুৱা সজ্জাৰ বাবে সকলো অভাৱ পূৰণ হব আৰু গ্ৰাহকে অতি কম মূল্যত সৰ্বশ্ৰেষ্ঠ সামগ্ৰী লাভ কৰিব।কেজৰিৱালে পুনৰ কয় যে বুটিকলৈ অহা যিকোনো ব্যক্তিয়ে এক বিশেষ অভিজ্ঞতা লব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here