অসমৰ মুখ্যমন্ত্ৰীক "আপ কী আদালত"লৈ আমন্ত্ৰণ ৰজত শৰ্মাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 May 2023

অসমৰ মুখ্যমন্ত্ৰীক "আপ কী আদালত"লৈ আমন্ত্ৰণ ৰজত শৰ্মাৰ


 


W7s news,,,,গুৱাহাটী,,.- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ্ণাটকৰ নতুন কংগ্ৰেছ চৰকাৰখনৰ কাৰ্যকাল হয়তো সম্পূৰ্ণ নহ’বও পাৰে, আৰু ২০২৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ পিছতো পতন হ'ব পাৰে।আজি নিশা ইণ্ডিয়া টিভিত সম্প্ৰচাৰিত হ'বলগীয়া 'আপ কী আদালত' নামৰ অনুষ্ঠানটোত ৰজত শৰ্মাৰ প্ৰশ্নৰ উত্তৰত তেওঁ এই মন্তব্য কৰে। সিদ্ধাৰমাইয়া আৰু ডি কে শিৱকুমাৰে কৰ্ণাটকত আঢ়ৈ বছৰকৈ শাসনকাল ভগাই লোৱাৰ সিদ্ধান্ত লোৱাৰ কথা আঙুলিয়াই দিয়াৰ সময়ত শৰ্মাই কয় যে, "মই নাভাবো যে তেওঁলোকে এই কামটো কৰিব পাৰিব। ২০২৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত চৰকাৰখনৰ পতন নিশ্চিত ।" ৰজত শৰ্মা: চাওক, সিদ্ধাৰামাইয়া আৰু ডি কে শিৱকুমাৰৰ বাবে আঢ়ৈ বছৰকৈ শাসনকালৰ ভাগ কৰি তেওঁলোকে এটা সুন্দৰ ব্যৱস্থাপনা কৰিছে?


শৰ্মা : চৰকাৰখন আঢ়ৈ বছৰ চলিব বুলি আপুনি ভাবেনে? লোকসভা নিৰ্বাচনৰ পাছত সেই চৰকাৰ থাকিবনে?


ৰজত শৰ্মা: সেইটো আপুনিহে ক'ব পাৰিব।


শৰ্মা: আপুনিও ক'ব পাৰে কাৰণ আপোনাৰো বহু বছৰৰ অভিজ্ঞতা আছে।


ৰজত শৰ্মা: অসমলৈ কিমান মানুহ (বিধায়ক) আহিব তাৰ ওপৰত নিৰ্ভৰ কৰিব নেকি?


শৰ্মা: আপুনি তেনেকৈয়ে ভাবে নেকি?. সঁচাকৈয়ে লোকসভা নিৰ্বাচনৰ পিছত এই চৰকাৰৰ অস্তিত্ব থাকিব বুলি ভাবিছেনে? মইটো নাভাবো?


ৰজত শৰ্মা: তেন্তে কি হ’ব?


শৰ্মাঃ  ভাঙি যাব। তেতিয়া কোনোবা বেলেগ মুখ্যমন্ত্ৰী হ'ব।"

 

আগন্তুক বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩০০ৰো অধিক আসন দখল কৰিব বুলি শৰ্মাই পূৰ্বানুমান কৰে। ভাৰতবৰ্ষই এই মূহুৰ্তত ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সময়ছোৱা অতিবাহিত কৰি আছে। আজিৰ দিনত মানুহে আন্তৰিকতাৰে নিজৰ পূৰ্বৰ ঐতিহ্য আৰু ৬০০০ বছৰীয়া সভ্যতাক লৈ গৌৰৱ অনুভৱ কৰে। সামন্তবাদী মানসিকতা থকা গান্ধী পৰিয়ালৰ পৰা তেওঁলোক মুক্ত হ'ব বিচাৰে। মোদীয়ে ভাৰতৰ জনসাধাৰণৰ মনত এক ডাঙৰ পৰিৱৰ্তন আনিছে।"

 

ৰজত শৰ্মাই তেওঁ আৰু ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তীব্ৰ 'হিন্দুত্ৱবাদ’ৰ পোষকতাত ইজনে সিজনৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে নেকি বুলি সোধাত শৰ্মাই উত্তৰত কয়- "মই এখন সৰু ৰাজ্যৰ পৰা আহিছো। অনুগ্ৰহ কৰি এটা আপেলক কমলাৰ সৈতে তুলনা নকৰিব। অসমৰ বাবে মোৰ বহুত সপোন আছে আৰু এই সপোনবোৰ মই নিশ্চিতভাৱে সফল কৰি তুলিম।" 

 

শৰ্মাই ৰাহুল গান্ধীৰ সৈতে হোৱা বৈঠকত কি ঘটিছিল সেয়া প্ৰকাশ কৰে, যাৰ পিছত তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে।


ৰজত শৰ্মা: শুনা মতে, আপুনি গৈ ৰাহুল গান্ধীক লগ কৰিছিল, কিন্তু তেওঁ আপোনাতকৈ নিজৰ পোহনীয়া জন্তুৰ লগতহে অধিক সময় অতিবাহিত কৰিছিল। 


শৰ্মা: নহয়, কাহিনীটো আচলতে এনেধৰণৰ। ৰাহুল গান্ধীয়ে এখন সভা আহ্বান কৰিছিল য'ত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ, মই, দলৰ প্ৰভাৰী চি পি যোশী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্ত উপস্থিত আছিল। আমি তেখেতৰ কোঠালৈ গ'লো আৰু আলোচনা আৰম্ভ হ'ল। পাঁচ মিনিটৰ পিছত, তেওঁৰ পোহনীয়া কুকুৰটো আহিল, আৰু টেবুলত আমাৰ বাবে চাহৰ সৈতে পৰিৱেশন কৰা বিস্কুটবোৰ খাবলৈ আৰম্ভ কৰিলে। মই বাকী তিনিজন নেতালৈ চালোঁ, তেওঁলোকে একেখন টেবুলৰ পৰা কোনো সংকোচ নোহোৱাকৈ আৰামত খাই আছিল। সেইয়া মোৰ প্ৰথম সাক্ষাৎ আছিল। মই অনুভৱ কৰিছিলোঁ, পোহনীয়া কুকুৰৰ সৈতে খাদ্য গ্ৰহণ কৰাটো চাগে তেওঁলোকৰ সংস্কৃতি। মই ক'লোঁ, "মই এনেকুৱা হ'ব নোৱাৰোঁ, মই এনেকৈ খাব নোৱাৰো। মই সিদ্ধান্ত লৈছিলো যে মই আৰু তালৈ নাযাওঁ।"


ৰজত শৰ্মাঃ পিছত ৰাহুলে তেওঁৰ পোহনীয়া কুকুৰৰ সৈতে এটা ভিডিঅ' পোষ্ট কৰিছিল?


শৰ্মাঃ হয়, এইটোৱেই সেইটো পোহনীয়া কুকুৰ আছিল। ..


ৰজত শৰ্মাঃ কিন্তু কংগ্ৰেছৰ মানুহে ভিডিঅ'টোৰ সৈতে লিখিছিল, যে কুকুৰটোৱে আপোনাকতকৈ বেছি আনুগত্যশীল বুলি প্ৰমাণ কৰিলে?


শৰ্মাঃ ইয়াত আনুগত্যৰ বা নিষ্ঠাৰ প্ৰশ্ন কেনেকৈ আহিল? আমি কোনো এটা বিশেষ পৰিয়ালৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি থাকিবলৈ দলত যোগদান কৰা নাছিলো। তেওঁলোকে মোক দৰমহা দি আছিল নেকি? আমি এই সকলোবোৰৰ ৰহস্য ফাদিল কৰা উচিত। আন বহুজনৰ দৰে ৰাহুল এটা ৰাজনৈতিক দলৰ আমাৰ এজন সহকৰ্মী আছিল। হয়টো অন্য কিছু লোক তেঁওৰ অনুগ্ৰহত জীয়াই আছিল। আনুগত্য অথবা নিষ্ঠাৰ বিষয়ে কংগ্ৰেছীসকলৰ ধাৰণা কি মই নাজানো। মোৰ বাবে আনুগত্য এটা পৰিয়ালৰ প্ৰতি নহয়, মোৰ আনুগত্য মোৰ ৰাষ্ট্ৰৰ প্ৰতি...। আজি কংগ্ৰেছৰ যিখিনি বাকী আছে, সেয়া একমাত্ৰ মহাত্মা গান্ধীৰ বাবে। তেওঁলোকে তেওঁৰ নামটো অধিগ্ৰহণ কৰিলে। আজিও, যদি ছোনিয়া ডাঙৰীয়ানী আৰু ৰাহুলৰ নামৰ পৰা গান্ধী উপাধিটো কাটি পেলোৱা হয়, তেন্তে তেওঁলোকৰ নিজৰ বুলি বাকী কি থাকিব? এই উপাধিটো জোৰ কৰি তেওঁলোকৰ দ্বাৰা অধিগ্ৰহণ কৰি থকা হৈছে। কংগ্ৰেছ মহামানৱ মহাত্মা গান্ধীৰ। নহ’লে ক’ত আছে কংগ্ৰেছ? গান্ধী পৰিয়াল মহাত্মা গান্ধীৰ নহয়। " 


অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়: "চাওক, মই ৰাহুল গান্ধীক সৰুৰে পৰা চিনি পাইছিলো আৰু তেওঁৰ যোগ্যতাৰ দ্বাৰা মই কেতিয়াও প্ৰভাৱিত নাইবা আপ্লুত হোৱা নাছিলো। কংগ্ৰেছত থকা সময়ছোৱাত ছোনিয়া গান্ধীক নিয়মীয়াকৈ লগ পাইছিলো, কিন্তু মই কেতিয়াও ৰাহুল গান্ধীক লগ পোৱা নাছিলো।

 

অসমৰ মাদ্ৰাছাসমূহ বন্ধ কৰাৰ সন্দৰ্ভত শৰ্মাই কয়, 'মই বিচাৰো মুছলমান যুৱক-যুৱতীসকলে আধুনিক শিক্ষা লাভ কৰক। যদিও তেওঁলোকে কি শিক্ষা লাভ কৰে সেয়া নিৰীক্ষণ কৰাটো তেওঁলোকৰ পৰিয়ালৰ কৰ্তব্য, তথাপি মই মুছলমান সম্প্ৰদায়ৰ বাবে এক প্ৰগতিশীল পৰিৱেশ ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰি আছো।"

 

আনহাতে ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়:  মই অনুমান কৰিছোঁ, আজিৰ পৰা ১৫ ৰ পৰা ২০ বছৰৰ পিছত, প্ৰতিগৰাকী মুছলমান মহিলা ভোটাৰে বিজেপিক ভোট দিব, কিয়নো আমি ইতিমধ্যে 'তিনি তালাক' বাতিল কৰিছো আৰু আমি নিশ্চিতভাৱে অতি সোনকালে বহুবিবাহ দূৰ কৰিম। আনকি মুছলমানসকলে 'নবী' বুলি শ্ৰদ্ধা কৰা হজৰত মহম্মদেও একবিবাহৰ পক্ষপাতী আছিল। বহুবিবাহৰ সন্দৰ্ভত নবীয়ে কৈছিল যে বৰ্তমানৰ পত্নীৰ সন্মতি সাপেক্ষেহে এই কাম কৰিব পৰা যাব। আমাৰ সংবিধানত ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিত স্পষ্টকৈ কোৱা হৈছে যে আমি এটা উমৈহতীয়া নাগৰিক সংহিতা আনিব লাগে, যিটো আমি নিশ্চিতভাৱে কাৰ্যকৰী কৰিম।"

 

প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, "গান্ধী পৰিয়ালে নিজৰ বংশৰ বাহিৰে অন্য কোনোৱে নতুন সংসদ ভৱন উদ্বোধন কৰাটো নিবিচাৰে। ছোনিয়া আৰু ৰাহুল গান্ধীয়ে কেতিয়াও নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বুলি হজম কৰিব পৰা নাই। মই ২২ বছৰ কংগ্ৰেছত আছিলো। মই জানো গান্ধী পৰিয়ালে কেতিয়া আৰু কেনেকৈ গিয়ানি জাইল সিঙকে ধৰি অতীতৰ ৰাষ্ট্ৰপতিসকলক অপমান কৰিছিল। নতুন সংসদ ভৱনটো ইউ পি এ চৰকাৰৰ দিনত সাজু কৰা হেঁতেন, প্ৰধানমন্ত্ৰী মনমোহন সিঙক উদ্বোধন কৰিবলৈ অনুমতি দিয়া নহ'লহেঁতেন। তাৰ পৰিৱৰ্তে তথাকথিত ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে উদ্বোধন কৰিলেহেঁতেন। কংগ্ৰেছে যদি এগৰাকী আদিবাসী মহিলা সভানেত্ৰীৰ বাবে ভাবিলে হেঁতেন, তেন্তে ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে যশৱন্ত সিনহাক প্ৰক্ষেপ নকৰিলেহেঁতেন।" অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়: "যেতিয়া মই কংগ্ৰেছত আছিলো তেতিয়া ছোনিয়া গান্ধীৰ সৈতে মোৰ ভাল সম্পৰ্ক আছিল। তেওঁ আনকি মোক মিজোৰাম আৰু মণিপুৰৰ নিৰ্বাচনৰ সময়ত দলৰ কাম কৰিবলৈ পঠিয়াইছিল। মই দলৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিলো। যেতিয়া মোৰ সময় আহিল, মই ছোনিয়া ডাঙৰীয়ানীৰ ওচৰলৈ সমৰ্থন বিচাৰি গৈছিলোঁ, তেওঁ মোক কোনোধৰণে সহায়, সমৰ্থন নকৰিলে। আপুনিয়েই মোক কওঁক, এনে সম্পৰ্কৰ মূল্য কি?"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here