W7s news গুৱাহাটী,: ৰেডিচন ব্লু গুৱাহাটীয়ে মঙলবাৰে মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ ৰ বিজয়ী নয়নজ্যোতি শইকীয়াৰ বিজয় উদযাপন কৰাৰ লগতে নিজৰ ৰন্ধন দক্ষতাৰে সমগ্ৰ উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁক অভিনন্দন জনায়।
শইকীয়াৰ এই সাফল্যই ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক খাদ্যৰ ক্ষেত্ৰত সৃষ্টি কৰা চৰ্চাক ৰেডিচন ব্লু গুৱাহাটীৰ পৰিচালনা দলে স্বীকৃতি প্ৰদান কৰাৰ লগতে যথেষ্ট শলাগ লয়। তেওঁৰ সফলতাৰ স্বীকৃতিস্বৰূপে হোটেলখনে বিজয়ী প্ৰাৰ্থীগৰাকীক আদৰণি জনায় আৰু তেওঁৰ সন্মানাৰ্থে এক বিশেষ মধ্যাহ্নভোজনৰ আয়োজন কৰে।
অনুষ্ঠানটোত নয়নজ্যোতি শইকীয়াই হোটেলখনৰ জ্যেষ্ঠ পৰিচালনা সমিতিক সাক্ষাৎ কৰাৰ লগতে হোটেলৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰি তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ৰ বিজয় যাত্ৰা আৰু উত্তৰ-পূব অঞ্চলৰ বিভিন্ন খাদ্যই বিচাৰক আৰু দৰ্শকক কেনেকৈ আকৰ্ষিত কৰিছিল সেই বিষয়ে কয়। লগতে তেওঁ উত্তৰ-পূর্বাঞ্চলৰ বৈচিত্ৰ্যপূৰ্ণ খাদ্যসম্ভাৰক দেশৰ বাকী অংশত প্রদর্শন কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে৷
“মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ জয় কৰাটো মোৰ এটা সপোন আছিল আৰু মোৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ পৰা ইমানখিনি সমৰ্থন পোৱাৰ বাবে মই তেওঁলোক সকলোৰে ওচৰত কৃতজ্ঞ। উত্তৰ-পূবৰ খাদ্যসম্ভাৰ সোৱাদ আৰু ৰন্ধন কৌশলৰ অনন্য মিশ্ৰণৰ বাবে জনাজাত আৰু মই ইয়াক ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰাৰ সুযোগ লাভ কৰিলোঁ,” - নয়নজ্যোতি শইকীয়াইএইদৰে কয় ।
ৰেডিছন ব্লু গুৱাহাটীৰ কাৰ্যবাহী সহকাৰী প্ৰবন্ধক শ্ৰীযুত বিকাশ কুমাৰ বাৰ্মাই শইকীয়াৰ এই সাফল্যৰ শলাগ লৈ কয়: “ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে সমগ্ৰ উত্তৰ-পূবক গৌৰৱান্বিত কৰা নয়নজ্যোতি শইকীয়াক লৈ আমি গৌৰৱান্বিত। ৰেডিচন ব্লু গুৱাহাটীত আমি আমাৰ অতিথিসকলক সদায় এক অনন্য আৰু স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিবলৈ চেষ্টা কৰি আহিছো আৰু আমি আজি নয়নজ্যোতি শইকীয়াক আমাৰ হোটেললৈ আদৰণি জনাই আনন্দিত হৈছো। তেওঁৰ বিজয় অঞ্চলটোৰ সকলো উচ্চাকাংক্ষী চেফৰ বাবে এক প্ৰেৰণাৰ উৎস হ’ব বুলি আমি দৃঢ়বিশ্বাসী।”
অনুষ্ঠানটোত অংশগ্ৰহণ আৰু বিজয়ী হোৱাৰ পাছত তেওঁ লাভ কৰা আটাইতকৈ ডাঙৰ শিক্ষাৰ বিষয়ে নয়নজ্যোতিয়ে কয়: “এই সমস্ত অভিজ্ঞতাৰ পৰা লাভ কৰা মোৰ আটাইতকৈ ডাঙৰ উপলব্ধি হৈছে আত্মবিশ্বাস অৰ্জন। মই বিচাৰকসকলে মোৰ খাদ্য উপভোগ কৰিব বুলি আশা কৰা নাছিলোঁ বা প্ৰতিযোগিতাখনত ইমানদূৰ আগবাঢ়িব পাৰিম বুলিও আশা কৰা নাছিলোঁ।নিজকে উন্নত কৰিবলৈ চেষ্টা কৰা স্বত্বেও অনবৰতে মোৰ নিজৰ ওপৰত সন্দেহ আছিল। কিন্তু সময়ৰ লগে লগে সেই আত্মসন্দেহ আত্মবিশ্বাসলৈ ৰূপান্তৰিত হ’ল। এজন অন্তৰ্মুখী ব্যক্তি হিচাপে সেই আত্মবিশ্বাস গঢ়ি তোলাটো আছিল মোৰ বাবে এক ব্যক্তিগত বিজয়।সেই সময়ছোৱাত মই অসংখ্য ব্যক্তিক লগ পোৱাৰ সুযোগ পাইছিলোঁ আৰু তেওঁলোকৰ পৰা অমূল্য জ্ঞান আহৰণ কৰিছিলোঁ।”
সম্বৰ্ধনা অনুষ্ঠানত ৰেডিচন ব্লুৰ কৰ্মীদল, খাদ্যপ্ৰেমী আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল উপস্থিত থাকে। অনুষ্ঠানৰ সামৰণিৰ সময়ত নয়নজ্যোতি শইকীয়াই তেওঁক আতিথ্য প্ৰদান কৰাৰ বাবে ৰেডিছন ব্লু গুৱাহাটীক ধন্যবাদ জনায় আৰু ভৱিষ্যতে হোটেলখনৰ সৈতে সহযোগিতা কৰি আঞ্চলিক খাদ্যসম্ভাৰক সমগ্ৰ বিশ্বৰ দৰ্শকৰ আগত প্ৰদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
ৰেডিচন ব্লু গুৱাহাটীয়ে নয়নজ্যোতি শইকীয়াৰ বিজয় উদযাপন কৰি আঞ্চলিক ৰন্ধনপ্ৰণালীৰ প্ৰচাৰৰ গুৰুত্ব আৰু এটা অঞ্চলৰ সাংস্কৃতিক পৰিচয় প্ৰচাৰৰ ক্ষেত্ৰত ৰন্ধন দক্ষতাই কেনেধৰণে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰত আলোকপাত কৰে।
No comments:
Post a Comment