আইটিচি চানৰাইজ মচলাৰ উদ্যোগত "মাৰ হাতৰ সুবাস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 May 2023

আইটিচি চানৰাইজ মচলাৰ উদ্যোগত "মাৰ হাতৰ সুবাস


 


W7s news,,,,গুৱাহাটী, ১৬ মে,  আন্তৰাষ্ট্ৰীয় মাতৃ দিৱস উপলক্ষে আইটিচি চানৰাইজ মচলাই ৰেড এফ এমৰ সহযোগত ১৪ মে'ত গুৱাহাটী স্থিত ৰুদ্ৰাক্ষ মলত আয়োজন কৰে "মাৰ হাতৰ সুবাস" শীর্ষক অনুষ্ঠানটিৰ ।১৪ মে'ত বিশ্বজুৰি উদযাপন কৰা হয় মাতৃ দিৱস। মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা হয় এই দিৱস। অপৰিসীম যন্ত্রণাকো নেওচি সন্তানক সেউজ পৃথিৱীৰ উমাল পৰশ দিয়াগৰাকীয়েই “মা”। জীৱনৰ একা- বেঁকা বাটৰ কঠিন সময়কো প্ৰত্যাহ্বান জনাই সন্তানক দুবাহুৰে সাবটি লোৱাগৰাকীয়েই 'মা। আৰু সেয়েহে মাতৃ দিৱসৰ এই শুভ দিনটোত মাতৃ সকলৰ প্ৰতি শ্ৰদ্ধা জনাই "মাৰ হাতৰ সুবাসশীৰ্ষক অনুষ্ঠানটিৰ আয়োজন কৰে চানৰাইজ পিউৰ মচলাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাষ্টাৰ চেফ ইণ্ডিয়া ২০২৩ ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ শান্তা পৱন শৰ্মা। অনুষ্ঠিত হৈছিল কুকিং কম্পিতিছন। অংশগ্রহণ কৰিছিল কেইবাগৰাকীও প্ৰতিযোগীয়ে। প্ৰতিযগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে ৰাখী পিঞ্চা, সুলক্ষণা দাস আৰু হিমাদ্রি ভট্টাচার্যই। বিজয়ী প্রতিযোগীসকলে লাভ কৰে চানৰাইজ পিউৰ মচলাৰ তৰফৰ পৰা আকৰ্ষণীয় উপহাৰ ।ইয়াৰ লগতে অনুষ্ঠিত হৈছিল বিভিন্ন খেল ধেমালী আৰু মাষ্টাৰ চেফ ইণ্ডিয়া ২০২৩ ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ শান্তা পৱন শৰ্মাৰ সৈতে এক কথোপকথ অনুষ্ঠান। দৰ্শকৰ বিপুল সঁহাৰিয়ে এই অনুষ্ঠানটোক সফল কৰি তোলে।চানৰাইজ পিউৰ মচলা হৈছে অসমৰ দ্ৰুততম বিকাশশীল মচলা ব্ৰেণ্ড। শেহতীয়াকৈ মুকলি কৰা হাঁহ- চালকোমোৰা মচলাকে ধৰি ৫০ টাত কৈও অধিক উৎকৃষ্ট মানদণ্ডৰ মচলা সামগ্ৰীৰ সৈতে অসমীয়া খাদ্যৰ সোৱাদ বৃদ্ধি কৰিছে আৰু অসমৰ ৰাইজৰ মন জয় কৰাত সক্ষম হৈছে চানৰাইজ পিউৰ মচলা ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here