গুৱাহাটী প্ৰেছক্লাৱত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 May 2023

গুৱাহাটী প্ৰেছক্লাৱত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন

 



উচ্চ ৰক্তচাপ নীৰৱ ঘাটক



W7s news গুৱাহাটী : ৱৰ্ড হাৰ্ট ফেডাৰেচনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা হাৰ্ট কেয়াৰ ছ'চাইটি অৱ অসমৰ উদ্যোগত বুধবাৰে  গুৱাহাটী প্ৰেছক্লাৱত বিশ্ব উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য, মে’ মাহটো আন্তৰ্জাতিক উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ সমাজে সমগ্ৰ বিশ্বতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ সজাগতাৰ কাৰণে স্বাস্থ্য শিবিৰ আদি অনুষ্ঠিত কৰি আহিছে।সেই উদ্দেশ্যে অসম হাৰ্ট কেয়াৰ ছ'চাইটিও  এই অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটী প্ৰেছক্লাৱত বিশ্ব উচ্চ ৰক্তচাপ ৱিয়ন্ত্ৰণ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ভেষজ চিকিৎক সন্থাৰ ৰাজ্যিক সভাপতি ডাঃঅৰুণিমা গোস্বামী। সভাত ডাঃৰিতুপৰ্ণ বৰুৱা, ডাঃ বিকাশ ৰায়,ডাঃঅমিয় কুমাৰ শৰ্মা,ডা:বনজিৎ চৌধুৰী,ডাঃমৈত্ৰয়ী বৰুৱা আদি বিশেষজ্ঞসকল উপস্থিত থাকে।ছ'চাইটিৰ ৰাজ্যিক সম্পাদক দেৱাশিস বেনাৰ্জীৰ আদৰণি ভাষণ আৰু শিখা বেজবৰুৱা গোস্বামীৰ গুৰু বন্দনাৰ  পাছতে ৰাজ্যিক উপসভাপতি মঃইক্ৰামূল মজিদে হাৰ্ট কেয়াৰ ছ'চাইটিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে।হাৰ্ট কেয়াৰ ছ'চাইটিৰ অধ্যক্ষ ডাঃনিৰ্মলকান্তি ভটাচাৰ্যই সকলোকে সম্ভাষণ জনাই আৰু হৃদৰোগ আৰু উচ্চ ৰক্তচাপজনিত ৰোগ নিয়ন্ত্ৰণ,প্ৰতিৰোধ আদি বিষয়ত সাৰুৱা ভাষণ প্ৰদান কৰে। তেওঁ লগতে কয়-উচ্চৰক্তচাপে হৃদৰোগৰ ইংগিত দিয়ে। মে'' মাহজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উচ্চাৰক্ত চাপৰ জৰিয়তে মানুহৰ শৰীৰৰ অংগ বিশেষকৈ হৃদযন্ত্ৰ, মগজু, কিডনী,চকু আদিৰ ক্ষতি সাধন কৰিব পাৰে। কেৱল দৰেবেৰ উচ্চৰক্তচাপ নিয়ন্ত্ৰণ কৰিলে নহ'ব। সেয়েহে কেৱল আমি উচ্চ ৰক্তচাপৰ পৰীক্ষা নকৰো ৰোগীজনৰ আন আন আনুষংগিক যাতে ৰোগত আক্ৰান্ত হৈ থকা নাই তাৰবাবে পৰীক্ষা কৰোঁ।' অনুষ্ঠানত মুখ্য অতিথি ডাঃ অৰুণিমা গোস্বামীয়ে কয়-উচ্চ ৰক্তচাপ এক নীৰৱ ঘাটক। বহুলোক উচ্চ ৰক্তচাপ সম্পৰ্কে অৱগত নহয়। বহুতে সঠিককৈ দৰৱ নাখায়। এই  ক্ষেত্ৰত অধিক সজাগতাৰ প্ৰয়োজন। জীৱন শৈলীৰ পরিবর্তন আৰু মানুহৰ মাজত সজাগতা বৃদ্ধি হলে উচ্চ ৰক্তচাপৰ পৰা ৰক্ষা পৰিব পৰা যায়।পাৰমিতা দেৰ শলাগৰ শৰাইৰে সভাৰ অন্ত পৰে। ইফালে হাৰ্ট কেয়াৰ চচাইটি অৱ অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱৰ চৌহদত সাংবাদিকৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here