দেশৰ শল্য চিকিৎসকৰ মাজত বিতৰণ কৰা হ'ব অসমৰ শল্য চিকিৎসকৰ ৰবটিক ছাৰ্জাৰী সম্পৰ্কীয় গ্ৰন্থ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 May 2023

দেশৰ শল্য চিকিৎসকৰ মাজত বিতৰণ কৰা হ'ব অসমৰ শল্য চিকিৎসকৰ ৰবটিক ছাৰ্জাৰী সম্পৰ্কীয় গ্ৰন্থ

 


W7s news,,,,,গুৱাহাটী,  ৰাজ্যৰ এগৰাকী আগশাৰীৰ শল্য চিকিৎসকে সম্পাদনা কৰা এখন গ্ৰন্থৰ ৫,৫০০ কপি দেশৰ এণ্ড'স্কপিক শল্য চিকিৎসকৰ মাজত বিতৰণ কৰিবলৈ আগবাঢ়ি আহিছে বহুজাতিক ফাৰ্মা প্ৰতিষ্ঠান গ্লাক্স' স্মিথ ক্লাইনে। এই খবৰে স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে ৰাজ্যৰ শল্য চিকিৎসকসকলক। চি এছ আৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে ৰাজ্য প্ৰখ্যাত ৰবটিক ছাৰ্জন অধ্যাপক সুভাষ খান্না আৰু তেওঁৰ সহযোগী বিশেষজ্ঞ সম্পাদনা মণ্ডলীৰ সদস্যসকলে সম্পাদন কৰি উলিওৱা 'ৰিচেণ্ট এডভান্সেছ ইন মিনিমেল এক্সেছ ছাৰ্জাৰী' নামৰ এই গ্ৰন্থখনৰ তৃতীয় সংস্কৰণটো শল্য চিকিৎসকসকলৰ মাজত বিতৰণ কৰিব। স্বাগত একাডেমী অৱ মেডিকেল ছায়েন্সেছ আৰু জে পি পাব্লিছাৰ্ছৰ সহযোগত এই গ্ৰন্থখন 'ইণ্ডিয়ান এছ'চিয়েচন অব গেষ্ট্ৰ ইণ্টেষ্টিনেল এণ্ডছাৰ্জনছ (এ জি ই এছ)ৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা হৈছে। গ্ৰন্থখনৰ সম্পাদনা মণ্ডলীৰ অন্য সদস্যসকলৰ ভিতৰত আছে নতুন দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজৰ শল্য চিকিৎসক, অধ্যাপক পৱনীন্দ্ৰ লাল, মানচেষ্টাৰৰ খ্ৰীষ্টি হাস্পতালৰ চি ছেলভাছেকৰ, চেন্নাইৰ ডাঃ কাংগাভেল মানিকাবাছাগম, কলকাতাৰ ফৰ্টিছ হাস্পতালৰ ডাঃ ৰমেশ আগৰৱালা আৰু আহমেদাবাদৰ নিধি হাস্পতালৰ ডাঃ সুনীল পপাট। গ্ৰন্থখনৰ পাতনি লিখিছে নিউয়ৰ্কৰ মাউণ্ট ছেনাই হেল্‌থ ছিষ্টেমৰ অধ্যাপক তথা ইণ্টাৰনেশ্যনেল ফেডাৰেচন অব্ ছ'চাইটিজ অব্ এণ্ড'স্কপিক ছাৰ্জনছৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক বেৰী ছালকি আৰু আই এফ এছ ই এছৰ সম্পাদকপ্ৰধান, নেশ্যনেল ইউনিভাৰছিটি অব্ ছিংগাপুৰৰ ডাঃ ডেভিড লোমাণ্টোৱে। গ্ৰন্থখনত ৰবটিক ছাৰ্জাৰীৰ বিভিন্ন দিশ সন্দৰ্ভত বাৰটা অধ্যায় আছে। ইয়াৰ ভিতৰত আছে-- বেছিকছ্ অব্ ৰবটিক ছাৰ্জাৰী, নিউ ৰবটিক ছিষ্টেমছ, ট্ৰেইনিং এণ্ট মেচিন লাৰ্নিং এণ্ড ইউজ অব্ ৰবটিক ছাৰ্জাৰী ইন গায়নক'ল'জি, ইউৰ'ল'জি, হেড নেক, বেৰিয়াট্ৰিক এণ্ড ট্ৰেন্স অৰেল ছাৰ্জাৰী। শেষৰ অধ্যাপক ৰবটিক ছাৰ্জাৰীৰ ক্ষেত্ৰত বায়'মেটিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ দিশত আলোকপাত কৰা হৈছে। আগ্ৰহী পাঠকৰ বাবে গ্ৰন্থখন এমাজনতো উপলব্ধ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here