W7s news গুৱাহাটী' : '২০২৩ চনৰ
পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা- আগবঢ়োৱা হৈছে দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিলৈ-দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে মঞ্চৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে। তেওঁ লগতে কয়-অসমৰ জীয়াৰী সংগীতা বৰুৱা পিছাৰটি 'দ্য রায়াৰ' সংবাদগোষ্ঠীৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ আৰু চীফ অব ব্যুৰ পদত কৰ্মৰত। ২০১৬ চনত এই প্রতিষ্ঠানটোত তেওঁ ডেপুটি এডিটৰ হিচাপে যোগদান কৰিছিল। ২০০২ চনৰ পৰা ২০১৫ চনলৈ দ্য হিন্দুৰ ডেপুটি এডিটৰ হিচাপে কাম কৰা সংগীতা বৰুৱাই সংবাদ- সংস্থা ইউএনআই আৰু 'দ্য নেশ্যনেল হেৰাল্ড' কাকততো কাৰ্যনিৰ্বাহ কৰিছিল। কেবাখনো গ্ৰন্থৰ ৰচয়িতা সংগীতাৰ বহুপঠিত গ্রন্থ 'আছামঃ দ্য একর্ড, দ্য ডিছকর্ড প্রকাশ কৰিছে বিশ্বৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী পেংগুইনে। 'অসমীয়াত' বিষয়টোক মুখ্য বিষয় হিচাপে লৈ ইংৰাজীত লিখা আন এখন নতুন গ্রন্থ 'দ্য আছামিজ' অলপতে প্রকাশ পাব। পৰাগ কুমাৰ দাসৰ ওপজা দিন ২৪ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও ২০২২ চনৰ পৰা তেওঁৰ পৰিয়ালৰ লগত হোৱা আলোচনামৰ্মে তেওঁৰ মৃত্যু তিথি ১৭ মে'ত এই বঁটা প্ৰদান কৰা হয়। নির্ভীক সাংবাদিক, লেখক, মানবাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ জীৱন সংগ্ৰাম আৰু জাতীয় চেতনা নতুন প্ৰজন্মৰ মাজত যাতে নিৰস্তৰ চৰ্চা হৈ থাকে, সেই উদ্দেশ্যৰে পৰাগ কুমাৰ দাসৰ একাংশ সতীর্থই এই বঁটা প্ৰদান কৰি আহিছে। এইবাৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট লেখক তথা সেইসময়ৰ 'বুধবাৰ'ৰ নিয়মীয়া স্তম্ভ লেখক, গল্পকাৰ দেৱব্ৰত দাসক বিশেষভাবে সম্বর্ধনা জনোৱা হ'ব। 'পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ বৰ্তমান সময়ত প্রাসংগিকতা সন্দৰ্ভত আলোকপাত কৰি স্মাৰক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট অধিবক্তা শান্তনু ঠাকুৰে। অনুষ্ঠানটোত বস্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰিব পৰাগ কুমাৰ দাসৰ পৰিয়ালবৰ্গই। বিশেষ অতিথি হিচাপে উপস্থিত থাকি এই বঁটা প্ৰদান কৰিব বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই। গুৱাহাটী প্ৰেছ ক্লাবত ১৭ মে'ৰ দিনৰ ১ বজাত অনুষ্ঠিত হ'বলগীয়া এই বঁটা প্রদান অনুষ্ঠানত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ।' সংবাদ মেলত মঞ্চৰ সদস্য ধৈর্য হাজৰিকা, বেদব্ৰত বৰা, কিশোৰ ভট্টাচার্য উপস্থিত থাকে।
No comments:
Post a Comment