W7s news,,,গুৱাহাটী, গুৱাহাটী ৰিয়েলটাৰ্ছ এছ'চিয়েচন চমুকৈ জি আৰ এই সম্পত্তি ব্যৱসায়ী, ৰিয়েল ইষ্টেট এজেণ্ট আৰু সাধাৰণ ৰাইজক প্ৰশিক্ষণ দিয়াৰ বাবে আজি অনুষ্ঠিত কৰে এক বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। গুৱাহাটীৰ আঠগাঁওস্থিত জি আৰ এৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত সন্থাৰ সভাপতি তথা অধ্যক্ষ বিকাশ গোয়েঙ্কা মুখ্য বক্তা হিচাপে উপস্থিত থাকে।প্ৰশিক্ষণ কাৰ্যসূচীটো উদ্বোধন কৰি জি আৰ এৰ আই পি পি সঞ্জয় আগৰৱালে সংগঠনটোৰ কাম-কাজৰ বিষয়ে উপস্থিত লোকসকলক অৱগত কৰে। ইপিনে প্ৰশিক্ষণ কাৰ্যসূচীত মুখ্য বক্তা গোয়েঙ্কাই 'আপোনাৰ ব্ৰোকাৰেজ মাচুল কেনেদৰে সঞ্চয় কৰিব লাগে' সেই বিষয়ৰ ওপৰত উপস্থিত লোকসকলক অবগত কৰে।তেওঁ লগতে আৰু কয় যে জি আৰএত যোগদান কৰাটো বিভিন্ন ধৰণে লাভজনক হ'ব পাৰে কিয়নো ই সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰিয়েলটাৰ্ছৰ একমাত্ৰ পঞ্জীভুক্ত সংগঠন। বৃহৎ সংখ্যক ৰিয়েল ইষ্টেট এজেণ্ট, পৰামৰ্শদাতা, ব্রকাৰ্ছ আৰু সম্পত্তি ব্যৱসায়ী প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে। এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলেও ৰিয়েল ইষ্টেট পৰামৰ্শক তেওঁলোকৰ কেৰিয়াৰ হিচাপে বাছনি কৰি নিজকে আত্মনিৰ্ভৰশীল কৰিব পাৰে। সভাপতি গোয়েঙ্কাই আৰু কয় যে জি আৰএয়ে সময়ে সময়ে এনে কাৰ্যসূচী আয়োজন কৰি থাকিব, যাতে সাধাৰণ ৰাইজে ৰিয়েল ইষ্টেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। তদুপৰি এনে প্ৰশিক্ষণ কাৰ্যসূচীয়ে সকলোকে বিশেষক যুৱসকলক তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰ হিচাপে ৰিয়েল ইষ্টেট বাছনি কৰিবলৈ অনুপ্ৰাণিত কৰিব। আজি আয়োজিত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সফলতাক প্ৰশংসা কৰে আৰু সকলোৱে ভৱিষ্যতে এনে ধৰণৰ অধিক কাৰ্যসূচী আয়োজনৰ পৰামৰ্শ আগবঢ়ায়।কাৰ্যসূচীটো সফল কৰাৰ ক্ষেত্ৰত আইপিপি সঞ্জয় আগৰৱালা, উপ-সভাপতি সঞ্জয় গুপ্তা, উপ-সভাপতি পংকজ মহেশ্বৰী, প্ৰাক্তন সচিব শচীন আগৰৱাল আৰু সকলো সদস্যই সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।
Post Top Ad
Responsive Ads Here
Monday, 8 May 2023
জি আৰএৰ উদ্যোগত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment