বিশ্ব মৌ দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 20 May 2023

বিশ্ব মৌ দিৱস উদযাপন

 



W7s news গুৱাহাটী


:  গুৱাহাটীৰ পাঞ্জাবাৰীত শনিবাৰে বিশ্ব মৌ দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে দুগ্ধ সমবায়, ৱেষ্ট আসাম মিল্ক প্ৰডিউচাৰ্চ কোপাৰেটিভ ইউনিয়ন লিমিটেড য়ে নিজ ব্ৰেণ্ড পূৰবীৰ অধীনত, অসমৰ থলুৱা মৌ-পালক আৰু ৱামুলৰ দ্বাৰা প্ৰচাৰিত প্ৰথম  এফ পি অ' নৱ মিলন বি-কীপাৰ্ছ এণ্ড প্ৰডিউচাৰ্চ কোপাৰেটিভ ছ’চাইটি লিমিটেড, কামৰূপ-ৰ পৰা সংগৃহীত মৌ মুকলি কৰে। উচ্চমানৰ প্ৰাকৃতিক মৌ-জাতীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা ‘পূৰবী হানি’ ১২৫ গ্ৰাম আৰু ২৫০ গ্ৰামৰ পেক আকাৰত উপলব্ধ হ’ব। এই উপলক্ষে গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত এখন সভাত ৱামুলৰ মহাপ্ৰবন্ধক এছ কে পাৰিদা উপস্থিত থাকে। আনহাতে গজেন শৰ্মাই এই বিষয়ে বক্তব্য আগবঢ়ায়। উল্লেখ‍্য,মধ্য প্ৰদেশৰ বালাঘাট জিলাৰ ৱাৰাচিওনিত অৱস্থিত কৃষি মহাবিদ্যালয়ত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে শনিবাৰে আয়োজন কৰা বিশ্ব মৌ মাখি দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ইয়াৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী  নৰেন্দ্ৰ সিং টোমৰে উদ্বোধন কৰা উক্ত অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী, চৰকাৰী বিষয়া, গোটভিত্তিক ব্যৱসায়িক সংগঠন (চিবিবিঅ') আৰু সমগ্ৰ দেশৰ কাৰ্যকৰী সংস্থাসমূহ সহিতে প্ৰায় ২০০০ অংশগ্ৰহণকাৰী অংশগ্ৰহণ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here