W7s news,,,সোনিপট, ২০ মে’, : ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইনে তেওঁলোকৰ বাৰ্ষিক মেড ইন ডব্লিউইউডি (এমআইডব্লিউ) শ্ব'কেছ ২০২৩-ত স্নাতক অন্তিম বৰ্ষৰ দলৰ পৰা ৬টা বিশেষ পাঠ্যক্ৰমৰ স্নাতক সমাপ্তি কৰ্ম প্ৰদৰ্শন কৰে। প্ৰদৰ্শনীত একাধিক মাধ্যম আৰু শৈলীত প্ৰস্তুতকৃত বিভিন্ন সৃষ্টিশীল শাখা সামৰি লয়। এই সৃষ্টিশীল প্ৰদৰ্শনী হৈছে পাঠ্যক্ৰমৰ অংশ হিচাপে অন্তিম বৰ্ষৰ ডব্লিউইউডি শিক্ষাৰ্থী আৰু উদ্যোগৰ মাজত থকা পাৰস্পৰিক সহযোগিতাৰ ফলাফল। অংশগ্ৰহণকাৰী ব্ৰেণ্ডবোৰৰ ভিতৰত ইলেক্ট্ৰলাক্স, ইকাৰাছ ৩ডি, ৰিলায়েন্স ব্ৰেণ্ডছ, এবিএফআৰএল, পায়েল জৈন, সামন্ত চৌহান, নিতিন বাল, সত্য পল, বেনেটন, ৰেমণ্ডছ, নাইকা, পেৰো, আকাৰো, মণ্ডিৰা ৱিৰ্ক ইত্যাদি নাম অন্তৰ্ভুক্ত হৈ আছে। এই প্ৰদৰ্শনী ডিজাইন উইকত প্ৰদৰ্শিত হয় য'ত উদ্যোগ আৰু শিক্ষাবিদসকলক একেখন মঞ্চত উপৱিষ্ট হোৱা দেখা যায়।ইয়াত স্থাপত্য, ডিজাইন, যোগাযোগ, ভিজুৱেল আৰ্ট, ব্যৱসায়ৰ স্নাতকসকলে লাভ কৰা স্নাতক শিক্ষাক এখন প্ৰদৰ্শনীৰ ৰূপত প্ৰকাশ কৰিছে। মুখ্য অতিথি হিচাপে প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ পায়েল জৈনৰ উপৰিও উদ্যোগ আৰু শিক্ষাক্ষেত্ৰৰ সৈতে জড়িত অন্যান্য বিশিষ্ট সদস্যসকল উপস্থিত থাকে।অন্তিম অনুষ্ঠানটোৰ পিছত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত শীৰ্ষ প্ৰদৰ্শনকাৰী শিক্ষাৰ্থীসকলক তেওঁলোকৰ অনুকৰণীয় শৈক্ষিক কামৰ বাবে সম্বৰ্ধনা জনোৱা হয়।ডব্লিউইউডিৰ উপাচাৰ্য ড০ সঞ্জয় গুপ্তাই মন্তব্য প্ৰকাশ কৰি কয়, "নতুন প্ৰজন্মৰ পৰিৱৰ্তনকামী নিৰ্মাতাসকলে প্ৰদৰ্শন কৰা কামৰ দ্বাৰা মই যথেষ্ট অনুপ্ৰাণিত হৈছো আৰু এই কামসমূহ ডিজাইন জগতৰ দ্বাৰা যথাযথভাৱে স্বীকৃত হ'ব বুলি মই নিশ্চিত। ইয়াত প্ৰদৰ্শিত সীমাহীন প্ৰতিভা আৰু সৃষ্টিশীলতা যথেষ্ট আকৰ্ষনীয় আৰু আশ্বৰ্য্যকৰ। মেড ইন ডব্লিউইউডি সম্পৰ্কে আটাইতকৈ ভাল লগা কথাটো হ'ল যে, ইয়াত উপলব্ধ সকলো সামগ্ৰী ডব্লিউইউডি-য়ানৰ দ্বাৰা ঘৰুৱা ভাৱে নিৰ্মাণ কৰা হৈছে।ৰেম্প, লাইটিং, কৰিঅ'গ্ৰাফী, মডেলিং, ষ্টাইলিং, মেকআপ, ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী, ব্ৰেণ্ডিং, যোগাযোগ, মেনেজমেণ্ট আদি সকলোতে মেড ইন ডব্লিউইউডি বুলি ছাপ দেখা যায়।"
Post Top Ad
Responsive Ads Here
Sunday, 21 May 2023

মেড ইন ডব্লিউ ইউ ডি ডিজাইন উইক ফাইনেল শ্বোকেছে প্ৰশংসা বুটলিছে দৰ্শকৰ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment