চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰুমত অ'প্পো এফ২৩ ৫জি মুকলি কৰে অভিনেত্ৰী কুইন শিৱম নাথে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 20 May 2023

চিটি চেণ্টাৰৰ এক্সক্লুছিভ শ্ব'ৰুমত অ'প্পো এফ২৩ ৫জি মুকলি কৰে অভিনেত্ৰী কুইন শিৱম নাথে


 


W7s news,,,গুৱাহাটী ১৮ মে: অপেক্ষাৰ অন্ত পৰিল।   স্মাৰ্টফোন নিৰ্মাতা অ'প্পোৱে বজাৰত মুকলি কৰি দিছে নতুন অ'প্পো এফ২৩, ৫জি ম'বাইল।    গুৱাহাটীৰ জি এছ ৰোডৰ চিটি চেণ্টাৰৰ তৃতীয় মহলাত থকা অপ্পো এক্সক্লুছিভ শ্ব'ৰুমত আজি বিশেষ অতিথি ৰূপে উপস্থিত থকা অভিনেত্ৰী কুইন শিৱম নাথে অপ্পো এফ২৩, ৫জি মুকলি কৰে। অনুষ্ঠানটোত  কোম্পানীৰ মাণ্ডলীক বিক্ৰী প্ৰবন্ধক অনিশুজ জামান, এল আৰ মূৰব্বী সন্দ্বীপ চৌধুৰীৰ লগতে  অ'প্পো শ্ব'ৰুমৰ সদস্য সকল উপস্থিত থাকে। মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেত্ৰী কুইন শিৱম নাথে কয় যে অ'প্পো সদায়ে স্মাৰ্ট ফোন আৰু আই আই টি সামগ্ৰীৰ আটাইতকৈ প্ৰিয়, অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ড।বিক্ৰীৰ দিশত অপ্পো দেশৰ ভিতৰতে শীৰ্ষত। অ'প্পো এফ২৩, ৫জি বোল্ড গোল্ড আৰু কুল ব্লেকত উপলব্ধ হৈছে।আনহাতে উৎকৃষ্ট সুবিধা থকাৰ লগতে ৬৭ ডব্লিউ চুপাৰ ভুক, ১২০ এইছ জেড ছিল্কী  মসৃণ ডাঙৰ ডিচপ্লে,৬৪ মেগাপিক্সেল অল কেমেৰা, ৪০এক্স মাইক্ৰ'লেন্স।এইটো যুৱক আৰু মহিলাসকলৰ বাবে সঠিক সংমিশ্ৰণ।অসম আৰু উত্তৰ-পূবৰ লোকসকলে এই ফোনটো ভাল পাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানটোত বক্তব্য ৰাখি কোম্পানীৰ মাণ্ডলীক বিক্ৰী প্ৰবন্ধক অনিশুজ জামানে কয় যে এফ২৩ ৫জি হৈছে এফ চিৰিজে প্ৰতিশ্ৰুতি দিয়া সকলো মূল্যৰ বাবে আৰু অ'প্পোৱে উন্নত ডিজাইন আৰু প্ৰযুক্তিৰ সৈতে আপোনাক অধিক সুবিধা প্ৰদান কৰিব। এফ২৩ ৫জি বিশেষভাৱে ফাষ্ট চাৰ্জিং প্ৰযুক্তিৰ ক্ষেত্ৰত ৬৭ৱাট চুপাৰ ভুক লগতে ১৬জিবি লৈকে ৰেম +২৫৬ জিবি ৰোম আৰু ৬.৭২ এফএইচডি লাৰ্জ ডিচপ্লেত উপলব্ধ। কেৱল সকলো ৰিটেইল ষ্ট'ৰ আৰু এক্সক্লুছিভ শ্ব'ৰুমত ২৪,৯৯৯ টকাত উপলব্ধ হব। এলএফ আৰ মুৰব্বী সন্দ্বীপ চৌধুৰীয়ে লগতে কয় যে এফ২৩ ৫জি ক্ৰয় কৰা গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় অফাৰ বিশেষকৈ যেনে আগশাৰীৰ আই চি আই চি আই, কোটাক, এছ বি আই কাৰ্ডত ১০% লৈকে কেছ বেক। লগতে 6 মাহলৈকে নো কষ্ট ইএমআই আৰু লো ডাউন পেমেণ্ট ফাইনেন্স অফাৰ। লগতে অপ্পোৱে এফ২৩ ৫জিৰ সৈতে আইঅটি সামগ্ৰী এনকো এয়াৰ২আই ক্ৰয়ৰ ওপৰত আকৰ্ষণীয়  ৰেহাই ব্যবস্থা কৰা হৈছে। এই অফাৰ সমূহ কেৱল সীমিত সময়ৰ বাবে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here