গেলেক্সী প্ৰিমিয়াম চিমেণ্টেৰ উদ্যোগত ডিলাৰ মিট আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 28 May 2023

গেলেক্সী প্ৰিমিয়াম চিমেণ্টেৰ উদ্যোগত ডিলাৰ মিট আয়োজন


 

W7s news,,,গুৱাহাটী, ২৮ মেঃ  উত্তৰ পূৱৰ অন্যতম আৰু আগশাৰীৰ চিমেন্ট ব্ৰেণ্ড গেলেক্সী প্ৰিমিয়াম চিমেণ্টে অলপতে আয়োজন কৰে ডিলাৰ মিট। ডিলাৰ মিটৰ সময়ত উত্তৰ পূৱৰ বজাৰৰ বাবে এটা নতুন ব্ৰেণ্ড গেলেক্সী প্ৰিমিয়াম চিমেণ্ট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কাজিৰঙাত অনুষ্ঠিত এই গেলেক্সী ডিলাৰ মিটত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য বিশেষকৈ মণিপুৰ, মিজোৰাম, মেঘালয় আদিৰ পৰা বৃহ সংখ্যক ডিলাৰে অংশগ্ৰহণ কৰে।গেলেক্সী চিমেণ্টৰ সঞ্চালক ঈশান মোডীৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকলে চাকি জ্বলাই ডিলাৰ মিটৰ উদ্বোধন কৰে। তাৰ পিছতে গেলেক্সী চিমেণ্টৰ সকলো সহযোগীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি  মোদীয়ে কোম্পানীটোৰ ভৱিষ্যত পৰিকল্পনা আৰু ডিলাৰসকলৰ বাবে বিভিন্ন আঁচনিৰ বিষয়ে বিতং তথ্য দাঙি ধৰে। এই বৈঠকত ডিলাৰসকলে বিভিন্ন পৰামৰ্শও আগবঢ়ায়।আনহাতে ব্যৱসায়ী তথা ডিলাৰসকলক গেলেক্সী  চিমেণ্টে সন্মানিত কৰে। প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ইয়াৰ বিক্ৰী বিভাগৰ দলটোক প্ৰশংসা আৰু স্বীকৃতি প্ৰদান কৰে।কোম্পানীটোৱে কৰা প্ৰচেষ্টাৰ বাবে ডিলাৰসকলে তেওঁলোকৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।গেলেক্সী চিমেণ্টৰ উদ্যোগ অসমৰ যোৰাবাটত গঢ়ি তোলা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here