পথিকৰ উদ্যোগত ধঁপাত বিৰোধী সজাগতা সভা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 28 May 2023

demo-image

পথিকৰ উদ্যোগত ধঁপাত বিৰোধী সজাগতা সভা

Responsive Ads Here

IMG-20230528-WA0017

 


W7s news,,,,,পথিকৰ উদ্যোগত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ৰ সহযোগত আয়োজন কৰা পঞ্চম ধঁপাত বিৰোধী আৰু কৰ্কট সজাগতাৰ দহদিনীয়া কাৰ্যসূচীৰ অন্তৰ্গত আজি ৱাকাথন আৰু ৰাজ্যিক ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন হয়। পুৱা ছয় বাজি ত্ৰিশ মিনিটত নেহৰু ষ্টেডিয়ামত চাৰি শতাধিক অংশগ্ৰহণ কাৰীৰ সন্মুখত ধঁপাত বিৰোধী শ্লগান লৈ ৱাকাথনৰ ফ্লেগ অফ কৰে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে। এই ৱাকাথনৰ কাৰ্যসূচী নেহৰু ষ্টেডিয়ামৰ পৰা সকলো অংশগ্ৰহণ কাৰীয়ে দিছপুৰ ভোগেশ্বৰী ফুকননী ইনদ'ৰ ষ্টেডিয়াম লৈকে প্ৰায় সাত কিলোমিটাৰ খোজকাঢ়ি সম্পন্ন কৰে,য'ত একাশী বছৰীয়া বৃদ্ধৰ পৰা এঘাৰ বছৰীয়া কৈশোৰলৈকে সমানেই খোজকাঢ়ি ধঁপাত বিৰোধী সজাগতা ৰ অংশীদাৰ হয়। তাৰ পাছৰ কাৰ্যসূচী হিচাবে পুৱা এঘাৰ বজাৰ পৰা শ্ৰদ্ধাঞ্জলি কাননত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সহযোগত  বিশিষ্ট চিত্ৰশিল্পী মুনিন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য, প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা ফটোগ্ৰাফাৰ সঞ্জীৱ গোঁহাইবৰুৱা আৰু ডাঃ প্ৰজ্বলিকা শৰ্মা ই উদ্ধোধনী কৰা ৰাজ্যিক চিত্ৰাংকন প্ৰতিযোগিতাত তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। চাৰিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফলাফল সমূহ অহা ত্ৰিশ মে'ত ঘোষণা কৰা হব। দহদিনীয়া কাৰ্যসূচীৰে চলি থকা পঞ্চম ধঁপাত বিৰোধী আৰু কৰ্কট সজাগতা ৩১ মে'ত বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনা সমাপ্তি ঘটিব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *