এন চি চিৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পাল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 11 May 2023

এন চি চিৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পাল

 

W7s news


গুৱাহাটী  :  ভাৰতৰ বিজ্ঞানৰ ইতিহাসত ১৯৯৮ চনৰ ১১ মে'ৰ দিনটো এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয় । কিয়নো সেই দিনটোতে  ৰাজস্থানৰ পোখৰানত  ভাৰতে প্ৰথমবাৰৰ বাবে পাঁচোটা সফল পৰমাণু বোমাৰ পৰীক্ষণ চলাইছিল । সেই দিনটোক স্মৰণীয় কৰি ৰখাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) গুৱাহাটী গ্ৰুপৰ অধীনৰ ১ আসাম এন চি চি বেটেলিয়ান আৰু ৪৭ ৰাইডিং এণ্ড ভেটেনাৰী স্কোৱাদ্রণ এন চি চিৰ যৌথ উদ্যোগত আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সহযোগত  বৃহস্পতিবাৰে কেন্দ্ৰ চৌহদত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয়। অানহাতে দিৱসৰ লগত সংগতি ৰাখি ১ আসাম এন চি চি বেটেলিয়ান  আৰু ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ উদ্যোগত  কেডেটৰ মাজত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা , বিজ্ঞান বিষ়য়ক  কুইজ , বিজ্ঞানৰ মডেল প্ৰদৰ্শন কৰা হয়   তেনেদৰে দিৱসৰ মূল আকৰ্ষণ আছিল ৪৮ আসাম নেভেল এন চি চি ইউনিটৰ কেডেটৰ শ্বিপ মডেলিং  আৰু  ৫০ আসাম এয়াৰ স্কোৱাদ্ৰণ এন চি চি ইউনিটৰ কেডেটৰ এৰো মডেলিং প্ৰদৰ্শন।  অানহাতে কাৰ্যসূচীত আটাইকেইটা এন চি চি গোটৰ ১৬২ জন কেডেটে ভাগ লয় । ইয়াৰ উপৰিও দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান বিষয়ক চিনেমা প্ৰদৰ্শন কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here