W7s news,,,, গুৱাহাটী: ৰবীন্দ্ৰনাথ ঠাকুৰৰ একান্ত শিষ্য তথা নিজ মাতৃভাষাত শিক্ষালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰা গুৰুদেৱৰ দৰ্শনৰ ওপৰত দৃঢ়বিশ্বাসী গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ঠাকুৰৰ সেই দৰ্শনৰ ভিত্তিতেই ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি)ৰ আৰ্হি প্ৰস্তুত কৰা হৈছে যাতে ইয়াৰ দ্বাৰা শিশু এটিৰ মনত চিন্তা আৰু গৱেষণাৰ ইচ্ছা প্ৰস্ফুটিত হোৱাৰ লগতে শিশুটিয়ে স্ব-ব্যক্তিত্ব অন্বেষণৰ সুবিধা লাভ কৰিব পাৰে। "গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে নিজ মাতৃভাষাত শিক্ষালাভৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। মাতৃভাষাত কথা ক'ব নোৱাৰা শিশু এটিৰ চিন্তা আৰু গৱেষণা ক্ষমতাই গুৰুতৰ বাধাগ্ৰস্ততাৰ সন্মুখীন হয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনামৰ্মে প্ৰস্তুত কৰা নতুন শিক্ষা নীতিয়ে গুৰুদেৱৰ চিন্তাধাৰাৰ পৰা অনুপ্ৰেৰণা লৈ মাতৃভাষাত শিক্ষালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে," শ্বাহে কয়। "শান্তিনিকেতনত ঠাকুৰে প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীক আধুনিক শিক্ষণ কৌশলৰ সৈতে একত্ৰিত কৰিছিল। ঠাকুৰে মাতৃভাষাত শিক্ষণ লাভৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল।মাতৃভাষাৰ ব্যৱহাৰ অবিহনে নিজৰ অন্তৰ্নিহিত স্বৰূপ অন্বেষণ কৰিব নোৱাৰি বুলি তেওঁ বাৰুকৈ বুজিছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰস্তুতকৰণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিশবোৰৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হয় আৰু ইয়াক এন ই পিত অন্তৰ্ভুক্ত কৰে," শ্বাহে কয়।
Post Top Ad
Responsive Ads Here
Thursday, 11 May 2023
Home
-গুৱাহাটী
ৰবীন্দ্ৰনাথৰ দৰ্শন অনুসৰণ কৰি নতুন শিক্ষা নীতিয়ে মাতৃভাষাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে: অমিত শ্বাহ
ৰবীন্দ্ৰনাথৰ দৰ্শন অনুসৰণ কৰি নতুন শিক্ষা নীতিয়ে মাতৃভাষাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে: অমিত শ্বাহ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment