গুৱাহাটীৰ সৌভাগ্য শৰ্মাক ২০২৩ বৰ্ষৰ কনিষ্ঠতম সমাজসেৱক বঁটা প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 May 2023

গুৱাহাটীৰ সৌভাগ্য শৰ্মাক ২০২৩ বৰ্ষৰ কনিষ্ঠতম সমাজসেৱক বঁটা প্ৰদান





গুৱাহাটী, ১২ মে’:  অসমৰ গুৱাহাটীৰ সৌভাগ্য শৰ্মাই যোৱা ৭ মে'ত মুম্বাইত অনুষ্ঠিত হোৱা গ্লোবেল এক্সিলেন্স এৱাৰ্ডছ ২০২৩ ত পশু কল্যাণৰ ক্ষেত্ৰত বছৰটোৰ কনিষ্ঠতম সমাজসেৱক হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ পশু প্ৰেমী আৰু এগৰাকী ডগ মাদাৰ হিচাপে সুপৰিচিত মাধুৰী দীক্ষিত নেনেৰ পৰা বঁটা লাভ কৰি যথেষ্ট আনন্দিত হয়। সৌভাগ্য সদায় গৰাকীবিহীন জন্তুৰ প্ৰতি অতি সহানুভূতিশীল আৰু দয়ালু হিচাপে জনাজাত।কৈশোৰকালৰ পৰাই জীৱ-জন্তুৰ প্ৰতিপালনৰ প্ৰতি তীব্ৰ আকৰ্ষণ থকা সৌভাগ্যই এটি আগশাৰীৰ আন্তৰ্জাতিক এয়াৰলাইন কোম্পানীৰ এইচ.আৰ. বিভাগত কাম কৰি থকা সময়ছোৱাত আজৰি পৰত প্ৰায়েই পশু আশ্ৰয় শিৱিৰ, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমত স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিল।তেওঁ ফেডাৰেচন অফ ইণ্ডিয়ান এনিমেলছ প্ৰটেকশ্যন অৰ্গেনাইজেচন (এফআইএপিঅ'), পেটা ইণ্ডিয়া, পিএফএ- ৰ দৰে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত স্বীকৃত বেচৰকাৰী সংগঠনৰ সৈতে স্বেচ্ছাসেৱক হিচাপে কাম কৰিছে।নিজৰ ইচ্ছাক প্ৰাধান্য দি তেওঁ এলমিৰা ষ্ট্ৰেঞ্জ, ইউকেৰ ইউনিভাৰ্ছিটি অৱ ৱেল্ছ আৰু মুম্বাইৰ অক্ষয়া কাউলেৰ চেলটিক লাৰ্নিং ছলিউচনৰ অধীনত পশু যোগাযোগ আৰু মনোবিজ্ঞানৰ ডিপ্লমা কৰিছে।তেওঁ সকলো অমাত জীৱৰ কণ্ঠস্বৰ হোৱাৰ আৰু নিষ্ঠুৰতা মোহাৰি সহানুভূতিশীলতাৰ পাঠ শিকোৱাৰ সপোন বুকুত পুহি ৰাখিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here