গুৱাহাটীত আৰ এ আইৰ উদ্যোগত উত্তৰ-পূব ৰিটেইলাৰ কনক্লেভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 26 May 2023

গুৱাহাটীত আৰ এ আইৰ উদ্যোগত উত্তৰ-পূব ৰিটেইলাৰ কনক্লেভ


  


W7s news,,,,গুৱাহাটী, ২৫ মেঃ ৰিটেইলাৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই চমুকৈ আৰএআইয়ে অ'এনডিচিৰ ধাৰণাৰে অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক ৰিটেইলাৰৰ সৈতে ডিজিটেল কমাৰ্চৰ প্ৰেজেণ্টিং অংশীদাৰিত্ব কৰাৰ লক্ষ্যৰে নৰ্থ-ইষ্ট ৰিটেইলাৰ কনক্লেভৰ প্ৰথম সংস্কৰণৰ আয়োজন কৰে।নৰ্থ-ইষ্ট ৰিটেইলাৰ কনক্লেভ এএম টেলিভিছন প্ৰাইভেটৰ প্ৰতিষ্ঠাপক ডঃ সঞ্জীৱ নাৰায়ণে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। অনুষ্ঠানটোত ভাৰতীয় ৰিটেইলাৰ এছ'চিয়েচন অৱ ইণ্ডিয়া চমুকৈ আৰএআই চি ই এম কুমাৰ ৰাজাগোপালণ,অ এন ডি চিৰ উপ সভাপতি মাৰিচি মাথুৰ, উত্তৰ পূৱ শাখাৰ আহ্বায়ক বিক্ৰম বোথ্ৰা,ভাগৱতী ছেলছ কৰ্পোৰেচনৰ সঞ্চালক  চন্দন পাৰেক,শ্বহম শ্বপীৰ সঞ্চালক সন্দীপ জালানৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত থাকে। সন্মিলনত ভাষণ প্ৰদান কৰি ৰিটেইলাৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ ৰাজাগোপালনে কয়,যে অ'এন ডি চিয়ে ভাৰতত সমগ্ৰ ডিজিটেল বাণিজ্য পৰিস্থিতিতন্ত্ৰক গণতান্ত্ৰিক কৰিব বিচাৰে যেনেদৰে ইউ পি আইয়ে পৰিশোধত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। অএনডিচিয়ে সৰু খুচুৰা বিক্ৰেতাসকলক ডাঙৰ ৰিটেইলাৰৰ সৈতে তুলনীয় সামৰ্থ্যৰে বহনক্ষম সমাধানৰ সৈতে শক্তিশালী কৰিব সন্মিলনত উপস্থিত থাকি অএনডিচিৰ উপ সভাপতি মাৰিচি মাথুৰে অ'এনডিচিৰ ব্যৱহাৰিক  ঘটনাসমূহ প্ৰদৰ্শন কৰাৰ লগতে প্ৰযুক্তি আৰু এমএছএমইৰ তৃণমূল পৰ্যায়ৰ  ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি, অএনডিচি সক্ষম বিক্ৰেতা এপ্লিকেশ্বনৰ সৈতে এক  ইন্টাৰেক্টিভ চেচনৰ আয়োজন কৰা হয় যত প্ৰতিনিধিসকলে তেওঁলোকে কেনেদৰে  সমাধান কৰে সেই দিশ সমূহ প্ৰদৰ্শন কৰে।সন্মিলনত ভাষণ প্ৰদান কৰি ভাৰতীয় ৰিটেইলাৰ এছ'চিয়েশ্যন আৰএআই তথা নৰ্থ ইষ্ট চেপ্টাৰৰ আহ্বায়ক বিক্ৰম বোথ্ৰাই কয় যে আৰএআইয়ে এক অধিক গতিশীল, দক্ষ আৰু পেছাদাৰী খুচুৰা খণ্ড গঢ়ি তোলাত সহায় কৰিছে যি গ্ৰাহক, ব্যৱসায় আৰু সামগ্ৰিকভাৱে ভাৰতীয় অৰ্থনীতিক লাভান্বিত কৰে।আনহাতে ৰিটেইলাৰসকলক বিভিন্ন দিশত সহযোগিতা আগবঢ়োৱাৰ লগতে নেটৱৰ্কিঙৰ জ্ঞান আৰু এখন মঞ্চ প্ৰদান কৰিছে। মই নিশ্চিত যে উত্তৰ-পূৱৰ খুচুৰা উদ্যোগ খণ্ডত আৰএআইয়েএক ইতিবাচক শক্তি প্ৰদান কৰিব।অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ চমুকৈ অ'এনডিচি হৈছে মুক্ত প্ৰটোকলৰ ওপৰত আধাৰিত এক নেটৱৰ্ক আৰু ই যিকোনো নেটৱৰ্ক-সক্ষম এপ্লিকেচনৰ দ্বাৰা গতিশীলতা, গ্ৰোচাৰী, খাদ্য অৰ্ডাৰ, ডেলিভাৰী, হোটেল বুকিং আৰু ভ্ৰমণৰ দৰে বিভিন্ন খণ্ডত স্থানীয় বাণিজ্য সেৱা আগবঢ়াবলৈ  সক্ষম।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here