উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত এন ৱাই (NY) চিনেমাই মুকলি কৰিলে প্ৰথমটো চিনেমা হল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 8 May 2023

উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত এন ৱাই (NY) চিনেমাই মুকলি কৰিলে প্ৰথমটো চিনেমা হল

 


৫৬ ইঞ্চি বহল স্ক্ৰীণ, ডলবি ATMOS, মকটেইল বাৰ, লাইভ কিটছেন আৰু ৩৬০ ডিগ্ৰী ফটোবুথৰ সুবিধাৰে অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিছে এন ৱাই চিনেমাই




W7s news গুৱাহাটী: গুৱাহাটী চহৰৰ মাজমজিয়াত প্ৰথমবাৰলৈ মুকলি হ'ল বলিউডৰ অভিনেতা অজয় দেৱগনৰ এন ৱাই চিনেমাৰ এক্সক্লুছিত মাল্টিপ্লেক্স চিনেমা হল। এই মাল্টিপ্লেক্স উত্তৰ আৰু পশ্চিম ভাৰতৰ একাধিক স্থানত সফলতাৰে প্ৰদৰ্শন কৰাৰ পিছত উত্তৰ- পূবত এন ৱাই চিনেমাৰ শুভাৰম্ভণি ঘটিছে।

এন ৱাই চিনেমা হৈছে এক মাল্টিপ্লেক্স শৃংখলা, ইয়াত ভাৰতীয় লোকাচাৰ আৰু মূল্যবোধ নিহিত হৈ আছে, ৪ বাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী বলিউড অভিনেতা, পৰিচালক অজয় দেৱগনে প্রতিষ্ঠা কৰিছিল এই এন ৱাই চিনেমা। ছিংগল স্ক্রীন (একক পর্দা)ৰ পুৰণি পৃথিৱীৰ আকৰ্ষণ মাল্টিপ্লেক্সলৈ ঘূৰাই অনা আৰু দৰ্শকসকলক নিজৰ প্ৰিয় চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ তাৰকাসকলৰ ওচৰলৈ অনাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা হৈছে এই মাল্টিপ্লেক্স। গুৱাহাটীবাসীয়ে চহৰখনৰ মাজমজিয়াত অৱস্থিত ৰুদ্ৰাক্ষ মলত নতুন চিনেমা চোৱাৰ স্থান লাভ কৰিব চলচ্চিত্রপ্রেমীয়ে। সকলোৱে নিজৰ ঘৰৰ দৰে অনুভৱ কৰিব পৰাকৈ অসমীয়া সংস্কৃতি আৰু পৰম্পৰাক মনত ৰাখি নিৰ্মাণ কৰা হৈছে এই চলচ্চিত্রগৃহটো। গুৱাহাটীত প্ৰথমবাৰৰ বাবে, আপুনি এই চিনেমা হলত মকটেইল বাৰৰ অভিজ্ঞতা লাভ কৰিব, য'ত বাৰটেণ্ডাৰসকলে বিভিন্ন ধৰণৰ মকটেইলৰ সোৱাদ দিব আপোনাক। অভিজ্ঞতাসম্পন্ন ৰান্ধনী(চেফ)ৰ এটা দলে চলচ্চিত্রপ্রেমীৰ বাবে বিচিত্র আৰু বিভিন্ন সুস্বাদু খাদ্যৰ যোগান ধৰিব। এন ৱাই চিনেমাৰ চি ই অ' ৰাজীৱ শৰ্মাই উল্লেখ কৰে যে; “অজয়ৰ দৃষ্টিভংগী হৈছে এনে স্থানসমূহ চিনাক্ত কৰা হওক, যিবোৰ কেৱল চলচ্চিত্র গৃহই নহয় চিনেমা চোৱাৰ লগতে দৰ্শকৰ বাবে মনোৰঞ্জনমূলক অভিজ্ঞতাও প্রাপ্ত হয়। প্ৰতিটো চিনেমাকে ক্লাছিকেল পদ্ধতিৰে কিউৰেট কৰা হৈছে আৰু ইয়াৰ পৰিৱেশ আৰু পৰিৱেশনত স্থানীয় প্ৰান্তৰ পৰশ দিয়া হৈছে। গুৱাহাটীত আমিও আমি চলচ্চিত্রপ্রেমীয়ে ভাল পোৱা ডলবি এটমছ শব্দৰ সৈতে এখন ৫৬ ফুট বহল ডাঙৰ এখন স্ক্রীন প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছোঁ।"এন ৱাই চিনেমাৰ প্ৰতিষ্ঠাপক চুপাৰষ্টাৰ অজয় দেবগনে উদ্ধৃতি দি কয়, “অৱশেষত উত্তৰ- পূবাসীয়ে এনে এটা চলচ্চিত্র গৃহ লাভ কৰাত মই অতিশয় আনন্দিত হৈছোঁ আৰু ম‍ই আশা কৰোঁ যে মোৰ চিনেমাবোৰত যিদৰে মৰমেৰে উপচায় পেলায় আৰু মোক যিদৰে মৰম কৰে একেই মৰম এই এন ৱাই চিনেমাকো যাতে দিয়ে।”এন ৱাই চিনেমাত ৩৬০ ডিগ্রী ফটোবুথ, থিয়েটাৰ লৰীত ১২ ফুটৰ ভিডিঅ' বাল আৰু প্ৰতিটো আনন্দদায়ক মুহূৰ্ত ধৰি ৰাখিবলৈ আৰু সুখকৰ স্মৃতিৰে উভতি যাবলৈ একাধিক চেলফি পইণ্টৰ দৰে অনন্য বৈশিষ্ট্যই চিনেমা চোৱাৰ সম্পূর্ণ মাদকতা প্ৰদান কৰে। এন ৱাই  চিনেমাই বর্তমান ১২খন চহৰৰ ৫০খন স্ক্ৰীনত চলচ্চিত্ৰ প্ৰদৰ্শন কৰি আছে আৰু এই বছৰৰ আহি থকা দিনত আৰু ৩০খন স্ক্ৰীনত প্ৰদৰ্শনৰ বাবে পদক্ষেপ হাতত লৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here