W7s news,,,গুৱাহাটী, ২২ মে'ঃ মহানগৰীৰ দৰ্পণ ডান্স একাডেমীৰ স্বত্ত্বাধিকাৰী বিশিষ্ট ওডিছী নৃত্যপটিয়সী ড৹ অঞ্জনাময়ী শইকীয়া আৰু ভুৱনেশ্বৰৰ সংস্কৃতিকীৰ শ্যামহৰি চক্ৰৰ উদ্যোগত যোৱা ২০ আৰু ২১ মে'ত অনুষ্ঠিত হয় ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিৱেল ২০২৩।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড৹ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দুদিনীয়া এই নৃত্যমহোৎসৱ আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হয়। বিশিষ্ট কথক নৃত্যগুৰু বিপুল দাস আৰু সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা নৃত্যমহোৎসৱটিত ২০২২ বৰ্ষৰ বাবে নিৰ্বাচিত 'আই আই ডি এফ ফিউচাৰ ফেচ' বঁটাৰে সন্মানিত বিভিন্ন নৃত্যক্ষেত্ৰৰ উদীয়মান নৃত্যশিল্পী সকলক বঁটাসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত কথক নৃত্য ক্ষেত্ৰখনত প্ৰদৰ্শন কৰা অসাধাৰণ পাৰদৰ্শিতাৰ বাবে বি পাল্কী আৰু সৃষ্টি ভট্টাচাৰ্য, ভৰত নাট্যমত ভায়'লিনা ঠাকুৰীয়া আৰু দীক্ষিতা কলিতা আৰু সত্ৰীয়া নৃত্যশৈলীত হিমাশ্ৰী ৰয় আৰু আৰিষা শ্বেখক এই বঁটা প্ৰদান কৰে কথক নৃত্যগুৰু বিপুল দাস, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পী শাৰদী শইকীয়া, কেৰালাৰ বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মোহিনীআট্টম নৃত্যপটিয়সী কলামণ্ডলম শ্ৰীজা আৰ কৃষ্ণনে। পদ্মশ্ৰী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যগুৰু যতীন গোস্বামীদেৱেও অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ধ্ৰুপদী, লোকনৃত্য আৰু সৃষ্টিশীল নৃত্যৰ যুৱ নৃত্যশিল্পীসকলে মহোৎসৱত অংশগ্ৰহণ কৰে। মুম্বাইৰ ভৰটনাট্যম নৃত্যাংগনা কান্তী শ্যাম, পুণেৰ কথক নৃত্যশিল্পী অনাইতা মেহতা, মুম্বাইৰ ভৰটনাট্যম শিল্পীদ্বয় শ্যামল পাৱৰ আৰু সমিধা মণ্ডৰ সিন্ধে, ওড়িষ্যাৰ ওডিছী নৃত্যশিল্পীদ্বয় ৰাজেশ্বৰী নায়ক আৰু ৱিকী শৰ্মা, কেৰালাৰ মোহিনীআট্টম নৃত্যপটিয়সী কলামণ্ডলম শ্ৰীজা আৰ কৃষ্ণন আৰু পশ্চিমবংগৰ শান্তিনিকেতনৰ ৰৱীন্দ্ৰ নৃত্যশিল্পী শ্ৰেয়া মহন্তয়ো অনুষ্ঠানত অংশগ্ৰহণ কৰি নৃত্য প্ৰদৰ্শন কৰি কলাপ্ৰেমীসকলক আপ্লুত কৰে।
Post Top Ad
Responsive Ads Here
Monday, 22 May 2023
![](https://1.bp.blogspot.com/-7Kd9qaiRHuA/WaEtZyc70TI/AAAAAAAADsA/7WUYBVoY-UwwjdEP3kDFPvH9htN0dDKgQCLcBGAs/s1600/demo-image.jpg)
ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স ফেষ্টিৱেল ২০২৩ সম্পন্ন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment