জিণ্ডাল গ্ল'বেল ইউনিভাৰ্চিটিৰ মডেল ইউনাইটেড নেশ্যনছত জিলিকিল কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 18 May 2023

জিণ্ডাল গ্ল'বেল ইউনিভাৰ্চিটিৰ মডেল ইউনাইটেড নেশ্যনছত জিলিকিল কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰ


 

W7s news,,,,গুৱাহাটী, ১৭ মে’:  অসমৰ কাহিলিপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ জ্যোতিষ্মান দাসে ২০২৩ চনৰ ৬ আৰু ৭ মে’ত কপ্-২৮, ছিংগাপুৰৰ অংশবিশেষ হিচাপে কলকাতাৰ জিণ্ডাল গ্ল'বেল ইউনিভাৰ্চিটিত অনুষ্ঠিত হোৱা মডেল ইউনাইটেড নেশ্যনছ (এম ইউ এন)ত ‘ভাৰ্বেল মেনশ্যন’ জিনিবলৈ সক্ষম হয়। মডেল ইউ এন বা এম ইউ এন হিচাপে জনাজাত মডেল ইউনাইটেড নেশ্যনছ হৈছে এক শৈক্ষিক অনুকৰণ য'ত ছাত্ৰ-ছাত্ৰীসকলক কূটনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু ৰাষ্ট্ৰসংঘ সম্পৰ্কে জ্ঞান প্ৰদান কৰা হয়।এই কৃতিত্ব সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কাহিলীপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা  জোনালী দাসে কয়, "আমাৰ ছাত্ৰ জ্যোতিষ্মানে মডেল ইউনাইটেড নেশ্যনছ (এম ইউ এন)ত অংশগ্ৰহণৰ জৰিয়তে আমাক গৌৰৱান্বিত কৰি তোলাত আমি যথেষ্ট আনন্দিত হৈছো। ইয়াৰ দ্বাৰা তেওঁ আৰু তেওঁৰ সহপাঠীসকলে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, বৈদেশিক কূটনীতি আৰু ৰাষ্ট্ৰসংঘৰ বিষয়ে অধিক শিক্ষা লাভ কৰিবলৈ সক্ষম হ’ব।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here