মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ১১ মে’ৰ পৰা ১৭ মে'লৈ দিব্য কলা মেলা ২০২৩ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 10 May 2023

মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ১১ মে’ৰ পৰা ১৭ মে'লৈ দিব্য কলা মেলা ২০২৩

 

W7s  News,,,গুৱাহাটী: প্ৰতিবন্ধী ব্যক্তিৰ সবলীকৰণ বিভাগে (দিব্যাংগ) ১১ মে’ৰ পৰা ১৭ মে’লৈ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দিব্যাংগ উদ্যোগী/শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰী আৰু কাৰুকাৰ্য্য প্ৰদৰ্শন কৰা এক অনন্য অনুষ্ঠান, ‘দিব্য কলা মেলা’।  এই অনুষ্ঠানত দৰ্শনাৰ্থীসকলৰ বাবে এক মনোমোহা অভিজ্ঞতা উপস্থাপন কৰা হ’ব, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকে ধৰি জম্মু-কাশ্মীৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ হস্তশিল্প, হস্ততাঁত, এম্ব্ৰয়ডাৰীৰ কাম আৰু পেকেজড / লাইভ খাদ্য আদিৰ সমাহাৰ ঘটা দেখিবলৈ পাব । এই অনুষ্ঠানৰ আয়োজনৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিবন্ধী বিত্ত আৰু উন্নয়ন নিগম (NHFDC) হৈছে ন’ডেল এজেন্সী।পি ডব্লিউ ডি/দিব্যাংগৰ অৰ্থনৈতিক সবলীকৰণৰ দিশত DEPwD ৰ এয়া এক অনন্য পদক্ষেপ । দিব্য কলা মেলাই দিব্যাংগ(PwD)ৰ দ্বাৰা প্ৰস্তুতকৃত সামগ্ৰী আৰু দক্ষতা বিপণন আৰু প্ৰদৰ্শনৰ বাবে এক বৃহৎ মঞ্চ প্ৰদান কৰে।গুৱাহাটীৰ দিব্য কলা মেলাখন হৈছে ২০২২ ৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ চতুৰ্থখন মেলা  (১)-দিল্লী, ডিচেম্বৰ ২০২২, (২) মুম্বাই, ফেব্ৰুৱাৰী ২০২৩, (৩) ভোপাল, মাৰ্চ ২০২৩)। এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ দিব্যাংগক শক্তিশালী আৰু স্বাৱলম্বী কৰা ।প্ৰায় ২২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা প্ৰায় ১০০ গৰাকী দিব্যাংগ শিল্পী আৰু উদ্যোগীয়ে নিজৰ সামগ্ৰী আৰু দক্ষতা প্ৰদৰ্শন কৰিব।গুৱাহাটীৰ ৭ দিনীয়া ‘দিব্য কলা মেলা’ পুৱা ১১.০০ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here