গুৱাহাটী প্ৰেছ ক্লাবত জ্যোতিষ শিক্ষাৰ গ্ৰন্থ 'জ্যোতিষ শিক্ষা শিৰোমণি জ্যোতিষ বেদাৰ্ণব' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 9 April 2023

গুৱাহাটী প্ৰেছ ক্লাবত জ্যোতিষ শিক্ষাৰ গ্ৰন্থ 'জ্যোতিষ শিক্ষা শিৰোমণি জ্যোতিষ বেদাৰ্ণব' উন্মোচন

 



Was news গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে চাৰিজন জোতিষীৰ দ্বাৰা ৰচিত ‘জ্যোতিষ শিক্ষা শিৰোমণি-জ্যোতিষ বেদাৰ্ণব’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়৷ গায়ত্ৰী প্ৰকাশনৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনি ৰচনা কৰিছে গোপাল দেৱ শৰ্মা, লংকেশ্বৰ দেৱ শৰ্মা, বিপুল শৰ্মা আৰু মিলন বৰদলৈয়ে৷ গ্ৰন্থখন উন্মোচন কৰে ‘বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকা’ৰ স্বত্বাধিকাৰী ড° প্ৰবোধ শৰ্মাই৷ উন্মোচণী ভাষণত তেওঁ কয়-জ্যোতিষ শাস্ত্ৰই মানৱ সমাজত নতুন মাত্ৰা প্ৰদান কৰিব।লেখকসকলে হাতী মাৰি ভুৰুকাত ভৰাই দিয়া বাবে আশীৰ্বাদ জনালোঁ। এইখন গ্ৰন্থৰ জৰিয়তে লেখক সকলে সাগৰৰ তলিৰ মুকুতা আনি ৰাইজক বিলাবলৈ প্রয়াস কৰিছে।কিতাপখন আমাৰ মাজত তুলি দিয়াটো হৈছে মাতৃত্ব । এই গ্ৰন্থখনে জোতিষ শিকি থকা সকলক জ্ঞানৰ ভঁৰাল দিব। এইগ্ৰন্থখনৰ লেখক সকলৰ মই গুৰু। এই কিতাপখনত চাৰিজন ব্যক্তিৰ জ্ঞান সোমাই আছে। কিতাপখন সকলোৱে আদৰি লওঁক। কিতাপখন সকলোকে উপহাৰ দিয়ক। এই কিতাপখন সমাজৰ নীতি, বিধিৰ সৈতে জড়িত হৈ আছে। জ্যোতিষ শাস্ত্ৰত সকলো জ্ঞান  আছে। জ্যোতিষ অধ্যয়ন নকৰাকৈ আমি কোনো কাম কৰিব নোৱাৰো। গায়ত্ৰী প্ৰকাশনৰ হৈ ৰাজেন ভট্টাচাৰ্যই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে।প্ৰকাশক ৰাজেন ভট্টাচাৰ্যই আঁতধৰা গ্ৰন্থ উন্মেচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম জ্যোতিষ সভাৰ মুখ্য সম্পাদক কীৰ্তিৰঞ্জন শৰ্মা, বাস্তু বিশাৰদ, অসম জ্যোতিষ সভাৰ সঞ্চালক  ড॰ অনিল বৰুৱা আৰু সাহিত্যিক অতুল তামুলী৷ কছাৰী যোৱা সত্ৰ তথা গাৰ্গীৰ সম্পাদক বিষ্ণু প্ৰসাদ গোস্বামীয়ে বন্তি প্ৰজ্ব লনেৰে আৰম্ভ কৰা সভাখনত পিংকু গোস্বামী শৰ্মাই সৰস্বতী বন্দনা পৰিবেশন কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here