মহানগৰীৰ বৰবাৰীত বিমল কাৰ্ছৰ নতুন ডিলাৰশ্বিপ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 9 April 2023

মহানগৰীৰ বৰবাৰীত বিমল কাৰ্ছৰ নতুন ডিলাৰশ্বিপ মুকলি

 



W7s news গুৱাহাটীঃ বিমল কাৰ্ছে গুৱাহাটী মহানগৰীৰ ভিআইপি ৰোডৰ বৰবাৰীত টাটা মটৰ্ছৰ এছিয়ৰ্ড আৰু বৈদ্যুতিক বাহনৰ এটা আটকধুনীয়া সম্পূৰ্ণ নতুন ডিলাৰশ্বিপ দেওবাৰে মুকলি কৰে। এই মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ  পৰিবহন , আবকাৰী  আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। লগতে উপস্থিত  থাকে  সৌৰভ ৰয়, (জেনেৰেল মেনেজাৰ আৰ চি এফ আই, টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড), সিদ্ধাৰ্থ শৰ্মা (আঞ্চলিক পৰিচালক উত্তৰ-পূব টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড), অভিক দাস (জ্যেষ্ঠ পৰিচালক টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড),   অংকিত মিশ্ৰ (টি এছ এম, টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড),বিমল চাৰাউগী(এম.দি. বিমল কাৰ্ছ),অৰিহন্ত চাৰাউগি(এম. দি. বিমল কাৰ্ছ) , দীপাংকৰ দাস(জি. এম. বিমল কাৰ্ছ) আৰু প্ৰখ্যাত বৰুৱা(জ্যেষ্ঠ পৰিচালক, টাটা মটৰ্ছ পেচেঞ্জাৰচ ভেহিকলচ লিমিটেড) লগতে আজিৰ এই অনুষ্ঠানতে কেবিনেট মন্ত্ৰীগৰাকীয়ে স্মাৰ্ট' নামৰ কেব কোম্পানীটোক ১০খন XPress-t বাহন আনুষ্ঠানিক ভাবে বিতৰণ কৰে। নতুন XPRES-T ইলেক্ট্ৰিক বাহনখন ৰেঞ্জ - ৩০৬ (ARAI Certified), কেৱল একক ৰেঞ্জ বিকল্পৰ সৈতে আহে। ইয়াত ২৬ কিলোৱাট ঘণ্টা উচ্চ শক্তি ঘনত্বৰ বেটাৰী পেক কৰা হৈছে। যি ঘৰুৱা চাৰ্জাৰত প্ৰায় ৮.৪৫ ঘন্টা আৰু ফাষ্ট চাৰ্জাৰত প্ৰায় ১ ঘন্টা চাৰ্জ কৰিব পাৰি।উৎসৱৰ বতৰত এই নতুন ডিলাৰশ্বিপটো বিলাসিতা ভাল পোৱা গ্ৰাহকক আকৰ্ষণ কৰিব বুলি আশাবাদী বিমল কাৰ্ছৰ কৰ্তৃপক্ষ। বৰবাৰীস্থিত বিমল কাৰ্ছৰ এই নতুন ডিলাৰশ্বিপটোত টাটাৰ সকলো ধৰণৰ বাহন লগতে বৈদ্যুতিক বাহন উপলব্ধ হ'ব।শেহতীয়াকৈ ফেডাৰেচন অৱ অটোম’বাইল ডিলাৰ এছ’চিয়েশ্যনে (FADA) ২০২৩ চনৰ মাৰ্চ মাহৰ যাত্ৰীবাহী বাহনৰ বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি অৱশেষত টাটা মটৰ্ছে হুণ্ডাইক অতিক্ৰম কৰি ভাৰতৰ বিক্ৰীৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। ২০২৩ চনৰ মাৰ্চ মাহত টাটা মটৰ্ছে ৪৬,৮৪৭ ইউনিট যাত্ৰীবাহী বাহন বিক্ৰী কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here