ইণ্টেৰিয়ৰছ ছলিউশ্বন' মোবাইল এপ এণ্ড ৱেবচাইটত নতুন শ্রেণী অন্তৰ্ভুক্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 April 2023

ইণ্টেৰিয়ৰছ ছলিউশ্বন' মোবাইল এপ এণ্ড ৱেবচাইটত নতুন শ্রেণী অন্তৰ্ভুক্ত


 '



মুখ্যমন্ত্ৰীৰ আহ্বানত প্ৰাক-ৰঙালী বিহু উদযাপন 




W7s news,,,গুৱাহাটী:  ডিজিটেলকৰণৰ দিশত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকে  দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ সময়তে তেওঁ লোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মুকুলি কৰা হল ইণ্টেৰিয়ৰছ ছলিউশ্বন মোবাইল এপ এণ্ড ৱেবচাইটত নতুন শ্রেণী অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক সন্মান জনাই আয়োজন কৰা হয় প্ৰাক-ৰঙালী বিহুৰ বৰ্ণাঢ্য অনুষ্ঠানত আৰু অসমৰ পুৰোধা ব্যক্তিসকলক স্মৰণ কৰা হয়। উপদেষ্টাসকলে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো উদ্বোধন কৰে। ইয়াৰ পিছতে উপদেষ্টাই আনুষ্ঠানিক ভাৱে ইণ্টেৰিয়ৰছ ছলিউশ্বন মোবাইল এপ এণ্ড ৱেবচাইটত অন্তৰ্ভুক্ত কৰা  নতুন শ্রেণী মুকলি কৰে।উপদেষ্টা সকলৰ ভিতৰত আছে ক্ৰমে অৰ্কিটেক অমিতাভ শৰ্মা, অৰূপ কুমাৰ দাস, বুদ্ধিন বৰঠাকুৰ, দেৱশীষ চক্ৰৱৰ্তী, এইচ কে ৰাজখোৱা, পংকজ ফুকন, ৰিতুল শৰ্মা, সন্তোষ বাঙ্কা, অভিযন্তা জে এন খাটনায়াৰ, ইণ্টেৰিয়ৰ ডিজাইনাৰ আশীষ আগৰৱালা, বাছোবি বসু, কিষাণ আগৰৱাল, নিৰ্মাতা দীপজ্যোতি বৰুৱা, গোবিন্দ খৈতান, কৈলাশ চান্দ লোহিয়া, কমল কুমাৰ জৈন, মনোজ জালান, পি কে শৰ্মা, ৰীতেশ বাৱৰী, সঞ্জয় খেতৱাত আৰু সুশীল পঞ্চাৰীকে আদি কৰি বহু প্ৰসিদ্ধ ব্যক্তি।  ইণ্টেৰিয়ৰছ ছলিউশ্বনৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ নৱালগাৰিয়াই কয় যে মোবাইল এপৰ বৰ্ধিত জনপ্ৰিয়তা, জনসাধাৰণৰ চাহিদা আৰু সুবিধাৰ কথা বিবেচনা কৰি, এপ আৰু ৱেবছাইটত আন বহুতো শ্ৰেণী সন্নিবিষ্ট কৰা হৈছে। আগতে, ঘৰৰ ভিতৰৰ আভ্যন্তৰীণ সজ্জা সম্পৰ্কীয় তথ্য ইণ্টেৰিয়ৰ  ছলিউশ্বনৰ এপ আৰু ৱেবছাইটত উপলব্ধ আছিল। কিন্তু এতিয়া বাহ্যিক সম্পৰ্কীয় শ্ৰেণীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে চিমেণ্ট, টিএম টি বাৰ, চিমেণ্ট ফাইবাৰবোৰ্ড, এলুমিনিয়াম দুৱাৰ আৰু খিৰিকী, অৰ্কিটেক,  আভ্যন্তৰীণ ডিজাইনাৰ, বাস্তু পৰামৰ্শদাতা, নিৰ্মাতা, ৰিয়েল ইষ্টেট এজেণ্ট, ষ্টাৰ্টআপ ইত্যাদি। এই উপলক্ষেঅসমৰ উন্নয়নত  নতুন গতি দিয়াৰ বাবে এৰিডাৰ লগতে দ্যা ইণ্ডিয়ান ইনষ্টিটিউট অফ অৰ্কিটেকছ অসম শাখাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তেওঁ লগতে আৰু কয় যে বিভিন্ন সময়ত মানুহে ঘৰ আৰু কাৰ্যালয়কে ধৰি যিকোনো ধৰণৰ নিৰ্মাণ কাৰ্যৰ বাবে হাবাথুৰি খাবলোগীয়া হয়।আমি লোকসকলৰ এই সমস্যা সমাধান কৰাৰ লক্ষ্যৰে এবছৰ আগতে মোবাইল এপ আৰু ইণ্টেৰিয়ৰ ছলিউশ্বনৰ ৱেবছাইট মুকলি কৰা হৈছিল।ৰাইজৰ পৰা পোৱা সহাৰি, অপৰিসীম সমৰ্থন আৰু পৰামৰ্শক সন্মান জনাই এই নতুন শ্রেণী সমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যাতে মানুহে বাহ্যিক আৰু আভ্যন্তৰীণ নিৰ্মাণ আৰু সজ্জাৰ সৈতে সম্পৰ্কিত সকলো সামগ্ৰী এটা ক্লিকতে লাভ কৰিব পাৰে। ইণ্টেৰিয়ৰ ছলিউশ্বনএপটো  এতিয়া গুগল প্লেষ্ট'ৰ আৰু এপলৰ আই অএছ প্লেটফৰ্মৰ পৰা ডাউনলোড কৰিব পাৰিব যিটো সম্পূৰ্ণৰূপে বিনামূলীয়া।তেওঁ কয় যে ইণ্টেৰিয়ৰছ ছলিউশ্বন নামৰ মোবাইল এপটো হৈছে উত্তৰ-পূবৰ প্ৰথম আভ্যন্তৰীণ আৰু বাহ্যিক সামগ্ৰীৰ ৱেবছাইট আৰু মোবাইল এপ, যাৰ জৰিয়তে গ্ৰাহকসকলে নিৰ্মাণ সম্পৰ্কীয় সামগ্ৰীৰ বাবে ক'তো ভ্ৰমণ কৰিব নালাগে। মোবাইল ফোনত এটা ক্লিকত, সকলো তথ্য ঘৰত বহি লাভ কৰিব পাৰি আৰু প্ৰয়োজন অনুসৰি অৰ্ডাৰ দিব পাৰি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here