ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা আই. ভি. এফ. শৃংখল বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফে. অসমত প্ৰৱেশ কৰি উত্তৰ-পূবত নিজৰ ভৌগোলিক উপস্থিতিৰ সম্প্ৰসাৰণ কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 26 April 2023

ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা আই. ভি. এফ. শৃংখল বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফে. অসমত প্ৰৱেশ কৰি উত্তৰ-পূবত নিজৰ ভৌগোলিক উপস্থিতিৰ সম্প্ৰসাৰণ কৰিছে

 

 


চি কে বিৰলা গোটে অহা ৪ বছৰত ৫০০ কোটি টকা বিনিয়োগেৰে ১০০টাতকৈও অধিক কেন্দ্ৰৰ সৈতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফাৰ্টিলিটিৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে


W7s news  গুৱাহাটী: চি কে বিৰলা হেল্থকেয়াৰে অসমৰ গুৱাহাটীৰ পুস্পাঞ্জলী আৰ্কেড, এবিচি বাছ ষ্টপত মুকলি কৰিলে ইয়াৰ বিস্তৃত ফাৰ্টিলিটি কেন্দ্ৰ বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফ. । ৰাজ্যখনত গ্ৰুপটোৰ এয়া প্ৰথমটো কেন্দ্ৰ, যিয়ে ক্লিনিকেলভাৱে নিৰ্ভৰযোগ্য চিকিৎসা, সঠিক মূল্যৰ প্ৰতিশ্ৰুতি আৰু প্ৰজনন ক্ষমতাৰ সমস্যা থকা ৰোগীসকলক সহানুভূতিশীল আৰু বিশ্বাসযোগ্য পৰিচৰ্যা প্ৰদান কৰিব। দিল্লী,গুৰুগ্ৰাম,কলকাতা,লক্ষ্ণৌ,বাৰাণসী, পাটনা, ভুৱনেশ্বৰ, আৰু গোৰখপুৰৰ একাধিক স্থানত উপস্থিত থকা বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফ.ৰ গুৱাহাটীত থকা এই কেন্দ্ৰটো হৈছে দেশৰ ভিতৰতে ১৫ সংখ্যক ক্লিনিক আৰু আহমেদাবাদ, জয়পুৰ, চণ্ডীগড়, ইন্দোৰ আৰু আগ্ৰাকে ধৰি অন্যান্য ডাঙৰ চহৰ আৰু নগৰলৈ ইয়াৰ উপস্থিতি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।ক'ম সময়ৰ ভিতৰতে এই প্ৰতিষ্ঠানটোৱে গৰ্ভাৱস্থাৰ হাৰ ৭৫% পৰ্যন্ত বৃদ্ধি কৰি আৰু ই ৯৫%তকৈ অধিক ৰোগীৰ ইতিবাচক সন্তুষ্টিৰ স্ক’ৰ লাভ কৰি উদ্যোগৰ অগ্ৰণী ফলাফল আগবঢ়াবলৈ সক্ষম হৈছে । বিৰলা ফাৰ্টিলিটি আৰু আই.ভি.এফ.ৰ জৰিয়তে গ্ৰুপে অসাধাৰণ ক্লিনিকেল ফলাফল, গৱেষণা, আৰু উদ্ভাৱনৰ জৰিয়তে প্ৰজনন ক্ষমতাৰ ভৱিষ্যতক ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰে ফাৰ্টিলিটি কেয়াৰৰ ক্ষেত্ৰত বিশ্বজুৰি আগশাৰীৰ প্ৰতিষ্ঠান হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । মেডিকেল ছাৰ্ভিচেজৰ ভি এছ এম, সঞ্চালক, ডাঃ প্ৰফেছৰ (কৰ্ণেল) পংকজ তালৱাৰে কয়, ''ভাৰতত প্ৰজনন ক্ষমতা সম্পৰ্কীয় সমস্যা থকা ২৮ নিযুত দম্পতী আছে যদিও সজাগতাৰ অভাৱত ১%তকৈও কম লোকেহে তেওঁলোকৰ সমস্যাৰ বাবে চিকিৎসাৰ মূল্যায়ন বিচাৰে । বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফ.ত আমাৰ প্ৰচেষ্টা হৈছে সজাগতা গঢ়ি তোলা আৰু নিৰ্ভৰযোগ্য আৰু সুলভ মূল্যৰ প্ৰজনন চিকিৎসাৰ সুবিধা প্ৰদান কৰা। জনবিশ্বাসৰ বিপৰীতে প্ৰজনন ক্ষমতা এনে এটা বিষয় যিয়ে পুৰুষ আৰু মহিলা উভয়কে প্ৰভাৱিত কৰে আৰু আমি ইয়াৰ চাৰিওফালে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিম।আমি ব্যক্তিগত বা চিকিৎসাজনিত কাৰণত উন্নত প্ৰজনন সংৰক্ষণ কৌশল আগবঢ়াইছো । দক্ষিণ-পূব এছিয়াত Ovarian cortex tissue freezing ৰ পথ প্ৰদৰ্শক দলটোৱে এতিয়া বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফ.ত কাম কৰি কৰ্কট ৰোগীৰ বাবে প্ৰজনন ক্ষমতা সংৰক্ষণৰ উন্নত পদ্ধতি প্ৰদান কৰে।”

বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফ. গুৱাহাটীৰ পৰামৰ্শদাতা ডাঃ কল্পনা জৈনে কয়, “এখন চালিৰ তলত বহু-বিষয়ক পৰিচৰ্যা প্ৰদান কৰি দম্পতীসকলৰ সামগ্ৰিক প্ৰজনন স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত আমাৰ ক্লিনিকেল পদ্ধতি অনন্য । আমাৰ উন্নত আৰু বিস্তৃত চিকিৎসা,আধুনিক সুবিধা আৰু অভিজ্ঞ চিকিৎসা দলৰ সৈতে বিৰলা ফাৰ্টিলিটি এণ্ড আই. ভি. এফ. হৈছে পুৰুষ আৰু মহিলাৰ বাবে আই. ভি. এফ. আৰু প্ৰজনন সেৱাৰ বাবে ৱান-ষ্টপ গন্তব্যস্থান। আমাৰ

পুষ্টিবিদ, পৰামৰ্শদাতা, এণ্ডক্ৰাইন’লজিষ্ট,আৰু এণ্ড্ৰ’লজিষ্টৰ দলটোৱে আমাৰ প্ৰজনন বিশেষজ্ঞসকলৰ সৈতে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে ।'


গুৱাহাটীত আমাৰ শেহতীয়া কেন্দ্ৰ মুকলিৰে স্থানীয়ভাৱে গুণগত পৰিচৰ্যা সুলভ কৰি দম্পতীসকলৰ বাবে এক সম্ভাৱনাৰ জগত মুকলি কৰে। আমাৰ মূল্যৰ প্ৰতিশ্ৰুতিয়ে সকলোৰে বাবে সুলভতা নিশ্চিত কৰা হৈছে ।  এই কেন্দ্ৰটোৱে কেৱল গুৱাহাটীৰ পৰা অহা ৰোগীয়েই নহয় নিকটৱৰ্তী অঞ্চল যোৰহাট, ডিব্ৰুগড়, মৰিগাঁও, নগাঁও, নলবাৰী, শিলচৰ, ডিফু তিনিচুকীয়া আৰু শ্বিলং, নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ পৰা  অহা ৰোগীকো সুবিধা প্ৰদান কৰিব – ইয়াৰ জৰিয়তে বিশ্বমানৰ ফাৰ্টিলিটি চিকিৎসা সকলোৱে গ্ৰহণ কৰিব পৰাকৈ কঢ়িয়াই আনিছে ।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here