৮১ সংখ্যক দীননাথ মংগেশকাৰ স্মৃতি দিৱস* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 26 April 2023

৮১ সংখ্যক দীননাথ মংগেশকাৰ স্মৃতি দিৱস*


 

*মেঘৰঞ্জনী, মৰমী মেধিৰ কথক নৃত্যৰ প্ৰদৰ্শন*


W7s news,,,,*গুৱাহাটী, * মুম্বাইত ২৪ এপ্ৰিলত অনুষ্ঠিত ৮১ সংখ্যক দীননাথ মংগেশকাৰ স্মৃতি দিৱসত প্ৰখ্যাত কথক নৃত্যাংগনা মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে কথক নৃত্য পৰিৱেশন কৰি দৰ্শকক মোহাৱিষ্ট কৰে। দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিষ্ঠান আৰু হৃদয়েশ আৰ্টছৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ হৰিহৰণ আৰু ৰাহুল দেশপাণ্ডেৱেও কণ্ঠ সংগীত পৰিৱেশন কৰে। মেঘৰঞ্জনী আৰু মৰমী মেধিৰ আকৰ্ষণীয় কথক নৃত্যৰ উপৰি বিশিষ্ট সংগীতজ্ঞ জয়প্ৰকাশ মেধিৰ কণ্ঠ সংগীত আৰু প্ৰাংশু চতুৰলালৰ তবলা বাদন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। অসমৰ সৈতে ৬০ বছৰীয়া সম্পৰ্কেৰে বান্ধ খাই থকা মংগেশকাৰ পৰিয়ালে এই প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানলৈ অসমৰ শিল্পীক আমন্ত্ৰণ জনালে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে হৃদয়নাথ মংগেশকাৰে। সন্মানীয় লতা-দীননাথ মংগেশকাৰ পুৰস্কাৰ প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰাৰ পাছত এইবাৰ এই পুৰস্কাৰ প্ৰদান কৰা হয় দেশৰ এগৰাকী বিশিষ্ট গায়িকা আশা ভোছলেক। দীননাথ মংগেশকাৰ বঁটাপ্ৰাপক অন্যান্য বিশিষ্ট ব্যক্তিসকল হ'ল সংগীতত পংকজ উদাছ, নাটকত প্ৰশান্ত ডামলে আৰু সমাজসেৱাত শ্ৰী সদ্‌গুৰু সেৱা সংঘ ট্ৰাষ্ট। তদুপৰি গ্ৰন্থালী প্ৰকাশন, প্ৰসাদ ওক আৰু বিদ্যা বালানক ক্ৰমে সাহিত্য, চিনেমা আৰু নাট আৰু চিনেমাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here