গুৱাহাটীত জিআৰএ ৰ ষষ্ঠ এজিএম বৈঠক বিকাশ গোয়েঙ্কাৰ নেতৃত্বত নতুন কাৰ্যবাহী সমিতি গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 29 April 2023

গুৱাহাটীত জিআৰএ ৰ ষষ্ঠ এজিএম বৈঠক বিকাশ গোয়েঙ্কাৰ নেতৃত্বত নতুন কাৰ্যবাহী সমিতি গঠন

 


W7s news,,,গুৱাহাটী: অগ্ৰণী সংগঠন গুৱাহাটী ৰিয়েলটৰৰ্ছ এছ'চিয়েশ্যন চমুকৈ জিআৰএ ৰ ষষ্ঠ বাৰ্ষিক সাধাৰণ সভাখন আজি গুৱাহাটীত অনুষ্ঠিত হয়। বৈঠকখনত সভাপতিত্ব কৰে সঞ্জয় আগৰৱালেই। তেওঁৰ কাৰ্যকালত সকলো সদস্যই আগবঢ়োৱা  সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সদস্যসকলক স্মাৰক প্ৰদান কৰে। ইয়াৰ আগতে সম্পাদক শচীন আগৰৱালে বৈঠক খনত বাৰ্ষিক প্ৰতিবেদন উপস্থাপন কৰে। বাৰ্ষিক সাধাৰণ সভাত সক্ৰিয় আৰু যুৱ উদ্যমী সদস্য বিকাশ গোয়েঙ্কাক ২০২৩-২৫ বৰ্ষৰ বাবে সৰ্বসন্মতিক্ৰমে জিআৰএৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।সভাপতি নিৰ্বাচিত হোৱাৰ পিছত গোয়েঙ্কাই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেওঁ সম্পূৰ্ণ ভক্তি আৰু সততাৰে দায়িত্ব পালন কৰি পালন কৰি যাব। লগতে তেওঁ কাৰ্যবাহী সদস্য সকলৰ নাম ঘোষণা কৰে। সঞ্জয় গুপ্তা আৰু পংকজ মহেশ্বৰীক উপ-সভাপতি, অমিত জৈনক সম্পাদক, পবিত্র ডেকাক কোষাধ্যক্ষ হিচাপে কাৰ্যবাহী সমিতি খন গঠন কৰা হয়। সক্ৰিয় ৰিয়েলটাৰ বিকাশ গোয়েঙ্কাৰ প্ৰচেষ্টাত জিআৰএ সদস্য যোৱা বছৰ ৩৫ ৰ পৰা ৫৪ লৈ বৃদ্ধি পাইছিল।গোয়েঙ্কাই কয় যে তেওঁৰ মুখ্য কাম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰিয়েল ইষ্টেট উদ্যোগৰ লোকসকলক সংগঠনটোৰ সৈতে সংযোগ কৰা আৰু জিআৰএ প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকৰ ৰিয়েল ইষ্টেটৰ প্ৰয়োজনীয়তা আৰু সমস্যাসমাধান কৰা। ইয়াৰ উপৰিও সদস্য বৃদ্ধিত গোয়েঙ্কাই বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে ব্ৰোকাৰেজ মাচুলৰ লোকচান হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰাধান্য দিব। গ্ৰাহকক উন্নত সেৱা প্ৰদান কৰিবৰ বাবে তেওঁ কৰ্মচাৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰি  দক্ষ আৰু প্ৰশিক্ষিত কৰাৰ পৰিকল্পনা কৰিছে। তদুপৰি জিআৰএই অধিক নেটৱৰ্কিং অনুষ্ঠানৰ আয়োজন কৰি সদস্যসকলক নেচনেল এছ'চিয়েচন অফ ৰিয়েলটাৰ্ছৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ উসাহিত কৰিব। তেওঁ বিশ্বাস কৰে যে এই পদক্ষেপে সংগঠনটোৰ সকলো ৰিয়েলটাৰ্ছ আৰু সামগ্ৰিকভাৱে ৰিয়েল ইষ্টেট উদ্যোগৰ বাবে অত্যন্ত সহায়ক হ'ব। সমাজক সেৱা আগবঢ়োৱাৰ বাবে নিযুক্তি সৃষ্টি আৰু চি.এছ.আৰ কাৰ্যসূচীত গুৱাহাটী ৰিয়েলটাৰ্ছ এছ'চিয়েচনে অধিক গুৰুত্ব প্ৰদান কৰিব।সভাপতি গৰাকীয়ে আশা প্ৰকাশ কৰে যে সকলো সদস্যৰ সহযোগিতাত তেওঁ তেওঁৰ কাৰ্যকালত সংগঠনটোক এক নতুন উচ্চতালৈ লৈ যাব পাৰিব। লক্ষণীয় যে জিআৰএ ৬ বছৰ আগতে গঠন কৰা হৈছিল। এজিএম অনুষ্ঠানত জিআৰএৰ প্ৰতিষ্ঠাপক সভাপতি মহেশ মিট্টালৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। উদ্যোগটোলৈ সম্পূৰ্ণ স্বচ্ছতা অনাৰ বাবে ৰিয়েল ইষ্টেট উদ্যোগ, তথ্যৰ আদান প্ৰদান আৰু ধাৰণা সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ বাবে সংগঠনটো গঠন কৰা হৈছিল। সংগঠনটোত অন্তৰ্ভুক্ত হবলৈ হলে সম্পূৰ্ণ ৰিয়েলটাৰ্ছ, সম্পত্তি ডিলাৰ, ৰিয়েল ইষ্টেট এজেণ্ট, আৰু সহযোগী ব্যৱসায় যি জিআৰএত  সদস্য হিচাপে যোগদান কৰিব লাগিব। সকলো ৰিয়েলটাৰ্ছ সদস্য জিঅ জিআৰএ  আইৰ নিৰ্দেশনা অনুসৰি আৰইআৰএ পঞ্জীভুক্ত কৰিব লাগিব।এ জি এমৰ এক বৃহ সফলতা প্ৰদান কৰাত সমৰ্থন জনোৱাৰ বাবে সদস্য সকলৰ লগতে নেটিভ ট্ৰি, নেক্সিয়া ডেভেলপাৰছ আৰু মাৰ্কো পোলো (পুৰুষৰ পোছাক)ক ধন্যবাদ জ্ঞাপণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here