অসমত অনুষ্ঠিত হয় উত্তৰ পূৱ বিনিয়োগ ঘূৰণীয়া মেজমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 April 2023

অসমত অনুষ্ঠিত হয় উত্তৰ পূৱ বিনিয়োগ ঘূৰণীয়া মেজমেল

 

 


W7s news,,


,,,গুৱাহাটী: অসম আৰু উত্তৰ-পূব অঞ্চলত বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে আজি গুৱাহাটীত প্ৰথম ৰাজ্যিক পৰ্যায়ৰ ঘূৰণীয়া মেজমেল সন্মিলনখন সফলতাৰে আয়োজন কৰে । উল্লেখযোগ্য যে ভাৰতৰ উত্তৰ পূৱ অঞ্চলৰ আঠখন  ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া কেইবাখনো ঘূৰণীয়া মেজমেল সন্মিলনৰ শৃংখলাৰ ভিতৰত অন্যতম হৈছে এই সন্মিলনখন । উত্তৰ-পূবক গ্ল’বেল বিনিয়োগকাৰীৰ বাবে আকৰ্ষণীয় বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰিবলৈ উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰ্যালয়ৰ (MDoNER)ৰ উদ্যোগত উত্তৰ-পূবৰ ৰাজ্য চৰকাৰসমূহ, ফিকি (উদ্যোগ অংশীদাৰ) ইনভেষ্ট ইণ্ডিয়া (বিনিয়োগ সুবিধা অংশীদাৰ) আৰু ই ৱাই (জ্ঞান অংশীদাৰ)ৰ সহযোগত চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট গ্ল’বেল ইনভেষ্টৰ্ছ ছামিটৰ মূল অনুষ্ঠানৰ এক অংশ  আজি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক ঘূৰণীয়া মেজমেল অনুষ্ঠানত মুখ্য চৰকাৰী  বিষয়া, উদ্যোগ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰে। উপস্থিত বিষয়াসকল আছিল: অৰ্পন শইকীয়া, এ চি এছ, অসম উদ্যোগ চৰকাৰ, বাণিজ্য আৰু পি ই বিভাগৰ সচিব; লোক ৰঞ্জন, আই এ এছ, ড’নাৰ মন্ত্ৰালয়ৰ সচিব, ভাৰত চৰকাৰ; ডাঃ আশীষ কুমাৰ ভূটানি, আই এ এছ, অতিৰিক্ত মুখ্য সচিব, অসম; এআইডিচিৰ পৰিচালন সঞ্চালক আইএএছ  মানবেন্দ্ৰ পি সিং; অসম  চৰকাৰৰ উদ্যোগ , বাণিজ্য আৰু পি ই বিভাগৰ সচিব আই এ এছ ড০ লক্ষ্মনম এছ,  আৰু  ড'নাৰ মন্ত্ৰালয়ৰ  যুটীয়া সচিব  হৰপ্ৰীত সিং আৰু অন্যান্য চৰকাৰী বিষয়া। ৰাজ্যখনত বিনিয়োগৰ সুযোগ বিচাৰিবলৈ আগ্ৰহী ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীসকলৰ পৰা এই অনুষ্ঠানত যথেষ্ট সঁহাৰি লাভ কৰা দেখা যায় । এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ পৰা 300+ উপস্থিত আৰু 50+ উদ্যোগসমূহে অংশগ্ৰহণ কৰে।উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ উদ্যোগত বিনিয়োগ সন্মিলনখন আয়োজন কৰা হৈছে । উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰ্যালয়ৰ সচিব শ্ৰী লোক ৰঞ্জনে ঘূৰণীয়া মেজমেলৰ সভাপতিত্ব কৰি কয়, "এই ঘূৰণীয়া মেজমেলে কেৱল অসম ৰাজ্যৰ বাবেই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবেই মঙ্গলজনক কামৰ সূচনা কৰিছে । ছেপ্টেম্বৰ মাহত বিনিয়োগকাৰী সন্মিলনৰ আয়োজন হোৱাৰ সম্ভাৱনা আছে আৰু ই এক বৃহৎ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।”এনেধৰণৰ বিনিয়োগকাৰীৰ কাৰ্যকলাপে উত্তৰ-পূবৰ ব্যৱসায়িক পৰিৱেশ কেনেদৰে সক্ষম কৰে সেই বিষয়ে ব্যাখ্যা কৰি  ৰঞ্জনে লগতে কয়, “আজি অসমত আয়োজন কৰা ঘূৰণীয়া মেজমেলৰ দৰে অনুষ্ঠানৰ জৰিয়তে বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক আৰু চিন্তাশীল নেতাৰ মাজত সহযোগিতা সম্ভৱ হৈ উঠিব । আজি অসমৰ ঘূৰণীয়া মেজমেলত শ্বেয়াৰ্ড ভিজনৰ অন-গ্ৰাউণ্ড বাস্তবায়ন সম্পৰ্কে আমি ধাৰণা তথা চিন্তাভাৱনা আৰু তথ্যপাতি আদান-প্ৰদান দেখিবলৈ পালোঁ । উত্তৰ-পূব গ্ল’বেল বিনিয়োগকাৰী সন্মিলনে উত্তৰ-পূব অঞ্চলৰ বিশাল সম্ভাৱনাক উজ্জ্বল কৰি তোলাৰ লগতে ইয়াৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।”উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰ্যালয়, অসম চৰকাৰৰ উদ্যোগ বিভাগ, আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ বিষয়াসকলে অংশগ্ৰহণকাৰীসকলক ৰাজ্যখনৰ ভিতৰত বিনিয়োগৰ সুযোগসমূহৰ বিষয়ে অৱগত কৰে । এই ঘূৰণীয়া মেজমেলত অন্যান্য ৰাজ্যিক বিভাগ, ভূটান চেম্বাৰ অৱ কমাৰ্চৰ লগতে অন্যান্য উদ্যোগ সংস্থাসমূহৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে।অসম ৰাজ্যত কয়লা, তেল, গেছ, চাহ, আৰু বহুতো প্ৰাকৃতিক সম্পদৰ প্ৰচুৰ যোগানৰ থল আছে।  কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰাজ্য অসমত শেহতীয়াকৈ পৰ্যটনেও জনপ্ৰিয় সম্ভাৱনাপূৰ্ণ ব্যৱসায়িক পথ হিচাপে আত্মপ্ৰকাশ কৰিছে।ব্যৱসায়সমূহৰ বাবে অসম হৈ পৰিছে আছিয়ান আৰু বি বি এন অঞ্চলৰ দিশে সম্ভাৱনাপূৰ্ণ কৌশলগত দুৱাৰমুখ । যথেষ্ট প্ৰতিভাৱান কৰ্মশক্তিৰ ৰাজ্য অসমত ঔদ্যোগিক বিকাশৰ পোষকতা কৰিবলৈ অসম চৰকাৰে ইজ অৱ ডুইং বিজনেছ পদক্ষেপ, অসম ঔদ্যোগিক নীতি, ই ভি নীতি, উদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি, নবীকৰণযোগ্য শক্তি নীতি আৰু বহুতো নীতিকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, যিয়ে বিনিয়োগকাৰীক ৰাজসাহাৰ্য প্ৰদান কৰে । তদুপৰি বৰ্তমান অসমত  আন্তঃগাঁথনি উন্নীতকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম অব্যাহত আছে । ইয়াৰ ভিতৰত অন্যতম হৈছে বিভিন্ন ঔদ্যোগিক উদ্যান আৰু এছ ই জেড নিৰ্মাণ, নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰ্মাণ আৰু ৰাজ্যৰ পথ, ৰে’ল নেটৱৰ্ক আৰু জলপথৰ সম্প্ৰসাৰণ।উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ঘূৰণীয়া মেজমেলৰ পিছত ৩টা ৰাষ্ট্ৰীয় আৰু ১টা আন্তঃৰাষ্ট্ৰীয় ৰোডশ্ব’ ইভেণ্ট অনুষ্ঠিত হয় । এই অনুষ্ঠানসমূহ উত্তৰ-পূব গ্ল’বেল ইনভেষ্টৰ্ছ ছামিটৰ মূল অনুষ্ঠানৰ পূৰ্বসূৰী হিচাপে মুম্বাই, হায়দৰাবাদ, কলকাতা, আৰু ঢাকা (বাংলাদেশ)ত অনুষ্ঠিত হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here