W7s news ষ্টাফৰিপোৰ্টাৰ: ' ভাল কাহিনী পালে মই অসমীয়া চলচ্চিত্ৰত কাম কৰিবলৈ মই আগ্ৰহী-এইদৰে কয় বলিউডৰ মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰী দাচানীয়ে।গুৱাহাটীৰ ৰুক্মিণীগাওঁত থকা আই অ'চিচ বেলনেছ চেণ্টাৰত সাংবাদিকৰ সৈতে হোৱা এক মত-বিনিময় অনুষ্ঠানত অংশলৈ অভিনেত্ৰী গৰাকীয়ে লগতে কয়-অসমখন ভাৰতৰে অংশ। মই তামিল, তেলেগু আদি ভিন্ন ভাষাৰ ছবিত অভিনয় কৰিছো। সেয়েহে ভাল কাহিনী পালে নিশ্চয় অসমীয়া ছবিত অভিনয় কৰিম। অসমখন বৰ ধুনীয়া আৰু সেউজীয়া। অসমখন লোক সংস্কৃতিৰে ভৰা এখন ঠাই। অসমৰ লোক সকল সংস্কৃতিবান। 'অসমতেই মোৰ পুত্ৰ অভিমন্যুই প্ৰথমবাৰৰ বাবে লাভ কৰিছিল ফিল্ম ফেয়াৰ এৱাৰ্ড। অসমৰ লগত জড়িত হ'বলৈ মই উৎসক।অসমৰ মেখেলা চাদৰৰ প্ৰশংসাত পঞ্চমুখ ভাগ্যশ্ৰী দাচানী । "মই নিজেও পিন্ধিছিলোঁ মেখেলা চাদৰ আৰু পিন্ধিব বিচাৰোঁ ।"তেওঁৰ বলিউদৰ যাত্রাত বহুতো অভিজ্ঞতাৰ বিষয়ে কয়। লগতে তেওঁ বলিউডৰ তাৰকা ছলমানৰ খানৰ সৈতে অভিনয় 'মেনে পিয়াৰ কিয়া' চলচ্চিত্ৰখনৰ বহুতো অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। ভাগ্যশ্ৰী দাচানীয়ে দিলে ধুনীয়া আৰু সুস্বাস্থ্যবান হৈ থকাৰ টিপচ । তেওঁ নিজৰ স্বাস্থ্য যত্নৰ বিষয়ে এইদৰে কয়'খাদ্য সদায় আনন্দ মনেৰে খাব লাগে। ঘৰত বনোৱা সতেজ খাদ্য খাব লাগে। বেছি তেল মছলা যুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। সদায় শাৰীৰিক ব্যায়াম কৰিব লাগে। লগতে সেউজীয়া শাক পাচলি আৰু ফল-মূল খাব লাগে। আই অ' চিচৰ বিষয়ে অভিনেত্ৰী গৰাকীয়ে কয়'- মই মুম্বাইৰ আই অচিছত নিয়মীয়াকৈ আহোঁ। শৰীৰৰ মালিচ কৰাৰ বাবে। যিয়ে আপোনাৰ সকলো ক্লান্তি নিমিষতে দূৰ কৰি দিব পাৰে। মই বডী মালিচ নিয়মিত ভাৱে লওঁ।' অনুষ্ঠানত আই অ' চি চৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিৰণ বাৱা উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
No comments:
Post a Comment