মাত্ৰ ৮৯৯৯ টকাতে ইনফিনিক্সৰ হট ৩০আইৰে (HOT 30i) প্ৰিমিয়াম লুকছ আৰু ডাবল ৰেমৰ সৈতে প্ৰ’ৰ দৰে একেলগে কৰক বহু কাম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 March 2023

মাত্ৰ ৮৯৯৯ টকাতে ইনফিনিক্সৰ হট ৩০আইৰে (HOT 30i) প্ৰিমিয়াম লুকছ আৰু ডাবল ৰেমৰ সৈতে প্ৰ’ৰ দৰে একেলগে কৰক বহু কাম

 


৯০ এইচ জেদ ৬.৬’ এইচ ডি+ ফুল ভিউ ডিছপ্লে ৰ সৈতে ১৬ জি বি ৰেম আৰু ১২৮ জিবি ষ্টোৰেজৰ সুবিধা


W7s news গুৱাহাটী: বাজেট সচেতন ক্ৰেতাই স্মাৰ্টফোন ক্ৰয় কৰাৰ সময়ত গুণগত মান, সংৰক্ষণ ক্ষমতা বা নান্দনিকতাক ত্যাগ কৰিবলগীয়া হোৱা দিনবোৰ এতিয়া অতীত হ’ল ।   ইনফিনিক্সৰ আকৰ্ষণীয় বৈশিষ্ট্যপূৰ্ণ HOT ছিৰিজৰ নতুন সংযোজন হট ৩০আই (HOT 30i)-য়ে এই সকলোবোৰ আশা পূৰণ কৰিব । ইনফিনিক্সৰ এই গেম-চেঞ্জিং ডিভাইচটো একে সময়তে বহু কাম কৰিবৰ বাবে গ্ৰাহকৰ শীৰ্ষ পছন্দ হ’ব বুলি আশা কৰা হৈছে, যাক দুগুণ মেম’ৰি আৰু এক আকৰ্ষণীয় ৰূপত আগবঢ়োৱা হৈছে ।


মুকলিৰ দিনৰ বিশেষ মূলে হিচাপে ৮৯৯৯ টকাত, ১৬ জিবি প্ৰসাৰসাধ্য মেমৰি, ১২৮ জিবি ষ্টোৰেজ, প্ৰিমিয়াম ডায়মণ্ড পেটাৰ্ন ডিজাইন, শক্তিশালী বেটাৰি আৰু ৫০ মেগাপিক্সেলৰ ডুৱেল এ আই কেমেৰা আৰু উন্নত সুৰক্ষাৰ সৈতে আগবঢ়োৱা হট ৩০আই (HOT 30i) হৈ পৰিব #SmartphonesKaBaap । এই  ডিভাইচটো প্ৰিমিয়াম গ্লাছৰ দৰে ফিনিচিঙত গ্লেচিয়াৰ ব্লু, মিৰ’ৰ ব্লেক, ডায়মণ্ড হোৱাইট আৰু চামৰাৰ দৰে ডিজাইনৰ মেৰিগল্ড, এই ৪টা ৰঙত উপলব্ধ ।


“প্ৰতিটো নতুন স্মাৰ্টফোনৰ সৈতে আমি ইনফিনিক্সত অৰ্থপূৰ্ণ উদ্ভাৱনৰ জৰিয়তে ব্যৱহাৰকাৰীৰ অভিজ্ঞতাক উন্নীত কৰাত গুৰুত্ব দি আহিছোঁ । আমাৰ HOT ছিৰিজত আমি বহুতো অতিৰিক্ত বৈশিষ্ট্যৰ সৈতে সুলভ ডিভাইচৰ এটা বিন্যাস বিকশিত কৰিছো । আচলতে এই ছিৰিজৰ অধীনত আমি মুকলি কৰা প্ৰতিটো নতুন ডিভাইচৰ সৈতে FIST (First in Segment Technology) বৈশিষ্ট্যসমূহ নিশ্চিত কৰা হৈছে । অৱশ্যে হট ৩০আইৰ (HOT 30i) সহায়ত আমি উদ্ভাৱনৰ স্তৰক এক পৰ্যায়লৈ উন্নীত কৰিছোঁ । এই ডিভাইচটোৱে এটা আপগ্ৰেড কিন্তু ১০কেৰ ভিতৰত  বিচৰা মূল্য সচেতন স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সকলো আশা পূৰণ কৰিব । হট ৩০আইত সহজ মাল্টিটাস্কিঙৰ বাবে ডাবল ৰেমৰ লগতে প্ৰিমিয়াম স্পৰ্শৰ সৈতে লুকত সমানে গুৰুত্ব দিয়া হৈছে, ইয়াৰ উপৰিও শক্তিশালী বৃহৎ বেটাৰী সমৰ্থন, মসৃণ ডিছপ্লে আৰু এটা মাল্টিফাংচনেল চাইড-মাউণ্টেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ আগবঢ়োৱা হৈছে ।  এই উন্নত বৈশিষ্ট্য, উন্নত কাৰ্য্যক্ষমতা আৰু আকৰ্ষণীয় মূল্যৰ ছেগমেণ্টত শেহতীয়া প্ৰযুক্তিয়ে সঁচাকৈয়ে হট ৩০আইক (HOT 30i) #SmartphonesKaBaap কৰি তুলিছে ।“ এই মন্তব্য কৰে ইনফিনিক্স ইণ্ডিয়াৰ চি ই অ’ অনিশ কাপুৰে ।


হাই মাল্টিটাস্কিং এণ্ড পাৰফৰমেন্স-পেকড: সম্পূৰ্ণৰূপে লোড কৰা হট ৩০আই (HOT 30i) স্মাৰ্টফোনটোত  ইনফিনিক্স মেমফিউজন প্ৰযুক্তি সংযুক্ত কৰা হৈছে যিয়ে অতিৰিক্ত ৮জিবি ভাৰ্চুৱেল মেমৰিৰ সৈতে ভৌতিক ৮জিবি ৰেমক দুগুণ কৰে, যাৰ ফলত ই এটা ১৬জিবি  ৰেমৰ ফোন হৈ পৰে । ই ব্যৱহাৰকাৰীসকলক দ্ৰুত বুটিং আৰু একে সময়তে চলি থকা ১৮টাতকৈ অধিক এপৰ মাজত নিৰৱচ্ছিন্ন চুইচিঙৰ সৈতে “KING” অৰ্থাৎ ৰজাৰ দৰে মাল্টিটাস্ক কৰিবলৈ অনুমতি দিয়ে । হট ৩০আইৰ (HOT 30i) সৈতে এটা ট্ৰিপল কাৰ্ড স্লটও আছে, য’ত আছে দুটা ছিম কাৰ্ড আৰু এটা ডেডিকেটেড মেম’ৰি কাৰ্ড স্লট, যিয়ে ডিভাইচটোৰ ১২৮ জিবিৰ মেম’ৰী ১ টিবি লৈকে বৃদ্ধি কৰিব পাৰে।


এণ্ড্ৰয়ড ১২ত চলি থকা আৰু অক্টা-কোৰ মিডিয়াটেক জি৩৭ চি পি ইউ আৰু আৰ্ম মালি-জি৫৭ জি পি ইউৰ দ্বাৰা চালিত হট ৩০আই (HOT 30i) -এ অতিৰিক্ত শক্তি খৰচ নকৰাকৈ বা বেটাৰি ড্ৰেইন নকৰাকৈ গধুৰ ফাইল ডাউনলোড কৰা, ভিডিঅ' বা অন্যান্য বিষয়বস্তু চোৱাৰ দৰে একাধিক কাৰ্য্য আৰু কামৰ সময়ত ত্বৰান্বিত আৰু মসৃণ প্ৰদৰ্শন নিশ্চিত কৰে ।  প্ৰচেছৰটো HyperEngine 2.0 প্ৰযুক্তিৰ দ্বাৰা সমৰ্থিত যিয়ে ব্যৱহাৰকাৰীসকলে যাতে দ্ৰুত সঁহাৰি অনুভৱ কৰিব পাৰে আৰু সদায় সংযুক্ত হৈ থাকিব পাৰে তাৰ বাবে সংযোগ বৃদ্ধি কৰে । ডিভাইচটো Dar-link 2.0 ইঞ্জিনৰ দ্বাৰাও সমৰ্থিত, যিয়ে গেম খেলাৰ সময়ত মসৃণ প্ৰদৰ্শন নিশ্চিত কৰিবলৈ CPU আৰু GPU ৰ বুদ্ধিমান গতিশীল ব্যৱস্থাপনা প্ৰদান কৰে আৰু বেটাৰীৰ জীৱনকাল যথেষ্ট দীঘলীয়া কৰে।


হট ৩০আইত (HOT 30i) এটা দ্ৰুত আৰু সাৱলীল XOS 12 স্কিন আছে, যিয়ে অধিক স্বজ্ঞাত আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ আন্তঃপৃষ্ঠ প্ৰদান কৰে, যাৰ ফলত ব্যৱহাৰকাৰীসকলৰ বাবে বৈশিষ্ট্য আৰু এপ্লিকেচনসমূহ নেভিগেট আৰু অভিগম কৰাটো সহজ হয়। তেওঁলোকে ডুৱেল ছ'চিয়েল এপ সমৰ্থন, ভিডিঅ' সহায়ক, গেম মোড, চকুৰ যত্ন, এআই গেলেৰী, অ'টিজি  সমৰ্থন আৰু অন্যান্যৰ দৰে বহুতো শীতল সংযোজন উপভোগ কৰিব পাৰে।


উন্নত সুৰক্ষাৰ বাবে ডিভাইচটোত ফেচ আনলক আৰু মাল্টিফাংচনেল চাইড-মাউণ্টেড ফিংগাৰপ্ৰিণ্ট ছেন্সৰৰ বৈশিষ্ট্য আছে যিটো কেৱল স্মাৰ্টফোন আনলক কৰাৰ বাবেই নহয়, কল গ্ৰহণ আৰু এলাৰ্ম ডিছমিছ কৰাৰ বাবেও উপযোগী ।


ব্যতিক্ৰমীভাৱে প্ৰিমিয়াম লুক আৰু অনুভৱ: তেওঁলোকে কয় যে ‘বিউটি লাইজ ইন দ্য আইজ অৱ দ্য বিহোল্ডাৰ’ আৰু ইনফিনিক্সে এই ধাৰণাটোৰ সৈতে সংগতি ৰাখিয়েই সম্পূৰ্ণ নতুন হট ৩০আই (HOT 30i) ডিজাইন কৰিছে। ডিভাইচটোৰ বেক পেনেলটো ডাইমণ্ড পেটাৰ্ণ গ্লাছ ফিনিচিংত ডিজাইন কৰা হৈছে যিয়ে প্ৰিমিয়াম আৰু ষ্টাইলিছ অনুভৱ প্ৰদান কৰে ।  ডিভাইচটো এক্সক্লুছিভ লেদাৰ ফিনিচিং বেক পেনেলতো আগবঢ়োৱা হৈছে যাতে ব্যৱহাৰকাৰীয়ে হেণ্ডছেটটো ধৰি থকাৰ সময়ত এক অনন্য আড়ম্বৰ আৰু আৰাম অনুভৱ কৰিব পাৰে।


অভূতপূৰ্ব কেমেৰা অভিজ্ঞতা: হট ৩০আই (HOT 30i) -এ ব্ৰেণ্ডৰ পৰম্পৰা অব্যাহত ৰাখি এই ছেগমেণ্টৰ শ্ৰেষ্ঠ কেমেৰা আগবঢ়াইছে । ইয়াত ডুৱেল এল ই ডি ফ্লেছৰ সৈতে ৫০এমপি ডুৱেল এআই প্ৰাইমেৰী কেমেৰা আছে, যিয়ে এআই বিউটি, প’ৰ্ট্ৰেইট, আৰু ৱাইড চেলফিকে ধৰি ১০+ কেমেৰা মোডত স্পষ্ট, আকৰ্ষণীয় ফটো প্ৰদান কৰে আৰু স্মৃতিসমূহ বিশদভাৱে ধৰি ৰাখে ।


ইফালে, ডুৱেল এল ই ডি ফ্লেশ্বৰ সৈতে ৫ এম পিৰ ফ্ৰন্ট ফেচিং কেমেৰাই কম পোহৰৰ পৰিস্থিতিতো আচৰিত ধৰণৰ চেলফি বন্দী কৰে।


উচ্চ ক্ষমতাসম্পন্ন বেটাৰী বেকআপ: হট ৩০আই (HOT 30i)-এ বেটাৰীৰ উদ্বেগক আঁতৰাই ৰাখিব কাৰণ ই পাৱাৰ মাৰাথন প্ৰযুক্তিৰ সৈতে সমৰ্থিত ৫০০০ এম এ এইচ উচ্চ ক্ষমতাসম্পন্ন বেটাৰীৰ সৈতে সজ্জিত যিয়ে স্মাৰ্টফোনৰ শক্তি বজাই ৰাখে আৰু ২৫ ঘন্টাতকৈ অধিক কলিং আৰু ৩০ দিনতকৈ অধিক ছুপাৰ নিশ্চিত কৰে আৰু ৩০ দিনতকৈ অধিক অতি দীঘলীয়া ষ্টেণ্ডবাই সময় আগবঢ়ায় ।  অৰ্থাৎ ব্যৱহাৰকাৰীয়ে ষ্ট্ৰীমিং আৰু শ্বেয়াৰিং কন্টেন্ট উপভোগ কৰিব পাৰে, গেম খেলিব পাৰে আৰু অধিক সময়লৈ সংগীত শুনিব পাৰে।  এটা কেবলৰ জৰিয়তে ডাটা আৰু শক্তি দুয়োটা প্ৰেৰণৰ বাবে বেটাৰিৰ সৈতে এটা ইউনিভাৰ্চেল টাইপ-চি চাৰ্জিং পৰ্টৰ আগবঢ়োৱা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here