W7s news,,,,গুৱাহাটী, ঃ গুৱাহাটীৰ সামাজিক সংগঠন সনাতনী হিন্দু একতা মঞ্চ চমুকৈ ইএইচইএমে অহা ৩০ মাৰ্চত দুচকীয়া আৰু চাৰিচকীয়া বাহনেৰে গুৱাহাটীত বৃহৎ ৰেলীৰ জৰিয়তে ৰামনৱমী উদ্যাপন কৰাৰ আয়োজন কৰিছে। সংগঠনটোৰ সভাপতি তথা বিশিষ্ট সমাজসেৱক পিত্ৰম কেডিয়াই কয় যে ৰামনৱমীৰ এই পরিত্র অনুষ্ঠান উপলক্ষে গুৱাহাটীত দুচকীয়া আৰু চাৰিচকীয়া বাহনেৰে ৰেলীৰ আয়োজন কৰা হৈছে। তেওঁ লগতে কয় যে আবেলি ৩.০০ বজাত আঠগাঁওৰ গোশালাৰ পৰা এই ৰেলীৰ শুভাৰম্ভ কৰা হ'ব। সংগঠনটোৰ উপসভাপতি সুশিল গোৱেলে কয় যে এই ৰেলী গুৱাহাটী গোশালাৰ পৰা আৰম্ভ কৰি এছ.জি. ৰোড হৈ এ.টি. ৰোড পল্টনবজাৰ, উলুবাৰী, বি.কে. কাকতি ৰোড, আর্যনগৰ চাৰিআলি, এ.কে আজাদ ৰোড, ৰিহাবাৰী, নেপালি মন্দিৰ হৈ পানবজাৰ উৰণীয়া সেঁতুৰ ওপৰেৰে গৈ এমএলএন ৰোড, এইচ বি ৰোড, কুমাৰপটী ফাচী বজাৰ, জেইল ৰোড, মাছখোৱা, এফ এ ৰোড, কুমাৰ পাৰা পাঁচআলি হৈ এছ চি ৰোডেৰে গৈ এই শোভাযাত্ৰা পুনৰ গুৱাহাটী গোশালাত সামৰণি পৰিব। সম্পাদক অশোক কুমাৰ গাৰোদীয়াই এই ৰেলীত সকলোকে আহ্বান জনায় ৷ তেওঁ লগতে কয় যে কাৰ্যসূচীৰ আহবায়ক শৈলেন্দ্ৰ শৰ্মা, ধনভৰালী অমিত কুমাৰ কানছাল, কার্যকৰী সভাপতি প্রভাত শৰ্মা, যুটীয়া সম্পাদক মনোজ ডেকাৰ লগতে আন সদস্যসকলে এই ৰেলী সফল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে।
No comments:
Post a Comment