ড্ৰাগমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ অমিত শ্বাহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 March 2023

ড্ৰাগমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ অমিত শ্বাহ

 

W7s news,,,,গুৱাহাটীঃ 


বিভিন্ন চৰকাৰী সংস্থাৰ মাজত সমন্বয় উন্নত কৰাৰ পৰা আৰম্ভ কৰি উপকূলৰ সিপাৰে নিৰাপত্তা বৃদ্ধিৰ লগতে আফু আৰু ভাঙৰ অবৈধ খেতি ধ্বংস কৰালৈকে গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰা পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “ড্ৰাগছমুক্ত ভাৰত” সপোনক “অমৃত কাল"ৰ সময়সীমাৰ ভিতৰত বাস্তৱত পৰিণত কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে।বহু গুৰুত্বপূৰ্ণ পদক্ষেপ যেনে প্ৰাতিষ্ঠানিক গাঁথনি শক্তিশালী কৰা, নাৰ্কো সংস্থাসমূহৰ সৈতে সমন্বয় নিশ্চিত কৰা আৰু সৰ্বসাধাৰণ জনগণক বিষয়টোৰ প্ৰতি সজাগ আৰু সংবেদনশীল কৰি তোলাৰ বাবে আৰম্ভ কৰা বৃহৎ সজাগতা অভিযান আদিৰ দৰে পদক্ষেপবোৰে ইতিমধ্যে অতি সন্তোষজনক ফলাফল দেখুৱাইছে । ২০১৪ চনৰ পৰা ২০২২ চনৰ কালছোৱাত সামগ্ৰিকভাৱে জব্দ কৰা ড্ৰাগছৰ মূল্য ২২,০০০ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো ইউ পি এ শাসনৰ যোৱা আঠ বছৰত (২০০৬-২০১৩) প্ৰতিবেদিত মূল্যৰ ৩০ গুণতকৈও অধিক।চৰকাৰী তথ্য অনুসৰি  ২০১৪ চনৰ পৰা ২০২২ চনলৈ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে মুঠ ৩৫৪৪টা গোচৰ পঞ্জীয়ন কৰা হৈছে, যিটো ২০০৬ চনৰ পৰা ২০১৩ চনৰ সময়ছোৱাত প্ৰতিবেদিত সংখ্যাৰ প্ৰায় দুগুণ। লগতে ২০০৬ চনৰ পৰা আৰম্ভ হোৱা ইউ পি এ শাসনৰ আঠ বছৰৰ তুলনাত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। জব্দ হোৱা ৩.৭৩ লাখ কিলোগ্ৰাম ড্ৰাগছ, পূৰ্বৰ তুলনাত দুগুণতকৈও অধিক।ড্ৰাগছ সেৱন নিৰ্মূল নহ’লে দেশৰ যুৱক-যুৱতীসকলক সমাজৰ ওপৰত অনুৰ্বৰ.বোজা হৈ উঠিব বুলি শ্বাহ ডাঙৰীয়াই মতপোষণ কৰে। ড্ৰাগছ ব্যৱসায়ৰ ধনেৰে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰি ভৰণ - পোষণ দিয়াৰ পৰ্যাপ্ত প্ৰমাণ আছে।সাগৰীয় পথৰ মাজেৰে চলা ড্ৰাগছৰ চোৰাং ব্যৱসায় প্ৰতিহত কৰিবলৈ শ্বাহ ডাঙৰীয়াই আৰম্ভ কৰা বিশেষ অভিযানে দেখুওৱা অতি উন্নতমানৰ ফলাফলৰ জৰিয়তে অনুমান কৰা হৈছে যে ভাৰতলৈ চোৰাংকৈ অনা প্ৰায় ৬০ ৰ পৰা ৭০ শতাংশ নিচাজাতীয় সামগ্ৰীয়ে মূলতঃ সাগৰীয় পথেৰে দেশৰ ভিতৰত প্ৰৱেশ কৰে। শ্বাহ ডাঙৰীয়াৰ কঠোৰ নিৰ্দেশমৰ্মে গৃহ মন্ত্ৰালয়ে সকলো সন্দেহযুক্ত কণ্টেইনাৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে আৰু এই প্ৰক্ৰিয়া যাতে কোনো কাৰণতে শিথিল নহয় তাৰ বাবে জলপথ মন্ত্ৰালয়ক সকলো যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত কণ্টেইনাৰ স্কেনাৰ আৰু আনুষংগিক সঁজুলিৰ পৰিচালনাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ৰ শূন্য সহনশীল দৃষ্টিভংগীৰ কথা সোঁৱৰাই দিয়া হৈছে।একে সময়তে, সকলো সন্দেহজনক বিত্তীয় নথি-পত্ৰ পৃথকে পৃথকে বিশ্লেষণ কৰি তদন্ত কৰি ড্ৰাগছ ব্যৱসায়ৰ ধনৰ জৰিয়তে গঢ় লৈ উঠা সম্পত্তি সমূহো জব্দ কৰাটো নিশ্চিত বুলি শ্বাহ ডাঙৰীয়াই নিশ্চিতি প্ৰদান কৰে। ২০২২ চনত নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি)য়ে চলোৱা ২৭টা গোচৰৰ বিত্তীয় তদন্তত ১৬ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছিল।সামুদ্ৰিক পথৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ বিষয়টোৰ ওপৰত আন দেশসমূহে অনুসৰণ কৰা উত্তম পদ্ধতিসমূহ অধ্যয়ন কৰিবলৈ এখন আন্তঃমন্ত্ৰালয় সমিতিও গঠন কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here