W7s news
গুৱাহাটী : অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে ভাৰতীয় ৰেলৱেই আৰম্ভ কৰিছে ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰেলখন আজি দিল্লীৰ চফদৰজং ৰেল ষ্টেচনৰ পৰা আবেলি ৩.২০.বজাত গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে । ৰেল ষ্টেচনত পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় বৈদেশিক আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী মিনাক্ষী লেখিয়ে । উল্লেখযোগ্য মুঠ পাঁচটা বাতানুকূল ডবাযুক্ত আৰু ১৫৬ জন পৰ্যটকৰ বাবে থকা-মেলাৰ সুবিধাযুক্ত ৰেলখনে উত্তৰ পূবত মুঠ ১৫ দিন ভ্ৰমণ কৰিব । আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচি দেই জানিবলৈ দিয়া মতে ভ্ৰমণকালত এই বিশেষ ৰেলখনে অসমৰ গুৱাহাটী, শিৱসাগৰ , ফৰকাটিং আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা , মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জী অৰুণাচল প্ৰদেশৰ ইটানগৰক সামৰি লোৱা হব । ১৪ টা ৰাতি আৰু ১৫ টা দিনৰ বিস্তৃত সময়সূচীৰে সামৰি লোৱা এই ৰে'লখন ২৩ মাৰ্চত আহি গুৱাহাটী ৰেল ষ্টেচন পাব । ইয়াত দুটা নিশা ৰেলখন থাকিব । সেই দুটা দিনত পর্যটকসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰিব আৰু তাৰ পিছত উমানন্দ মন্দিৰ দৰ্শন কৰি নৌকা ভ্রমণেৰে ব্ৰহ্মপুত্ৰত সূর্যাস্ত উপভোগ কৰিব। তাৰ পাছত ২৫ মাৰ্চৰ নিশা ৰে'লখনে অৰুণাচলৰ নাহৰলগুণ ৰেল ষ্টেচন অভিমুখে যাত্ৰা আৰম্ভ কৰিব । ২৬ মার্চৰ পুৱা পৰ্যটক সকলে তাৰ পৰা ইটানগৰ চহৰ চাব । অৰুণাচল প্ৰদেশৰ পৰা ৰেলখন শিৱসাগৰলৈ আহিব । ইয়াৰ পিছত যোৰহাট চাহ বাগিচা আৰু কাজিৰঙাত ৰাতিটো থকাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাতিপুৱা জাংগল চাফাৰী পৰ্যটকসকাল উপভোগ কৰিব পাৰিব। পৰৱৰ্তী ২৭ মার্চত ডিলাক্স এচি টুৰিষ্ট ৰেলখন ফৰকাটিং ৰেল ষ্টেচনৰ পৰা ত্ৰিপুৰা ৰাজ্যলৈ ৰাওনা হব । তাত দুটা দিন থকাৰ পাছত ২৯ মার্চত ৰেলখন নাগালেও ভ্ৰমণৰ বাবে ডিমাপুৰলৈ ৰাওনা হব। ডিমাপুৰ ষ্টেচনৰ পৰা পৰ্যটকসকলক স্থানীয় পর্যটন স্থানসমূহ পৰিদৰ্শন কৰাৰ বাবে বাছযোগে কোহিমালৈ লৈ যোৱা হ'ব। পুনৰ পহিলা এপ্ৰিলত ৰেলখন আহি গুৱাহাটীত উপস্থিত হ'ব। গুৱাহাটীত এটা নিশা কটোৱাৰ পাছত পর্যটকসকলক বাছযোগে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙলৈ লৈ যোৱা হ'ব আৰু যাত্ৰা পথত বৰাপানীৰ উমিয়াম হ্রদ দৰ্শন কৰাৰ অলপ সময়ৰ বাবে বাছখন ৰখা হ'ব। সিদিনা নিশাটো শ্বিলঙত থকাৰ পাছত পাছদিনা পৰ্যটক সকলক চেৰাপুঞ্জীলৈ নিয়া হব আৰম্ভ হব । তাত বিভিন্ন পৰ্যটনথলী দৰ্শন কৰাৰ পাছত সন্ধিয়া গুৱাহাটীলৈ উভতি আহিব । ২ এপ্রিলৰ নিশা ৰেলখন দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিব আৰু ৪ এপ্ৰিলত আবেলি ১.৩০ বজাত গৈ দিল্লীৰ চফদৰজং ষ্টেচনত গৈ উপস্থিত হব। উল্লেখযোগ্য যে সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত আধুনিক ডিলাক্স এচি টুৰিষ্ট ৰেলখনত দুখন সুন্দৰ ডাইনিং ৰেষ্টুৰেণ্ট আৰু এটা অত্যাধুনিক পাকঘৰ আছে ।
No comments:
Post a Comment